NORTHEAST NOW (Assamese)

বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰকঃ শিৱসাগৰত আছুৰ বিক্ষোভ

June 30, 2022 8:31 pm · পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ

বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, বান-গৰাখহনীয়া সমস্যা শীঘ্ৰে সমাধান কৰা, বান-গৰাখহনীয়া আক্ৰান্ত পৰিয়াল সমূহক খাদ্য সামগ্ৰী, ঔষধ, শিশু খাদ্য, পশুধনৰ খাদ্য যোগান ধৰা, এই বিপদৰ সময়ত কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে অসমৰ জনসাধাৰণক পৰ্যাপ্ত সা-সুবিধা প্ৰদান কৰাৰ দাবীত জিলা সদৰ শিৱসাগৰত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

উল্লেখ্য অসমৰ এক জ্বলন্ত সমস্যা বানৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ আছুৱে বহু দিনৰে পৰা দাবী জনাই আহিছে যদিও কেন্দ্ৰীয় চৰকাৰে এই বিষয়ত কোনো গুৰুত্ব দিয়া নাই৷

সেয়ে আছুৱে আজি এই বিক্ষোভ কাৰ্যসূচী ৰুপায়ণ কৰে৷

Related News