মাজুলীত ব্ৰহ্মপুত্ৰৰ বাঢ়নীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে। ব্ৰহ্মপুত্ৰ সোৱণশিৰিৰ বাঢ়নী পানীয়ে বৰ্তমানলৈকে মাজুলীৰ ৩৫ খন গাওঁ প্লাৱিত কৰিছে। এই বানত এতিয়ালৈকে জিলাখনৰ ৩৬,৫৬১ গৰাকী লোক আক্ৰান্ত হৈছে।
বিগত চাৰিদিন ধৰি ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ পৰা এৰি থকা পানীৰে ওফন্দি উঠা সোৱণশিৰি বাঢ়নী পানীয়ে গড়মূৰৰ সমীপৱৰ্তী পুৰণি খাৰজানপাৰৰ এটা নৱনিৰ্মিত গড়কাপ্টানী পথৰ এচোৱা উটোৱাই নিয়াত খাৰজানপাৰ এলেকাবাসী বানৰ কবলত পৰে।
জিলা প্ৰশাসনে এছ ডি আৰ এফৰ জৰিয়তে এলেকাটোত বানৰ গ্ৰাসত পৰা পৰিয়ালসমূহক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ অনাৰ ব্যৱস্থা কৰে। লগতে বন্যাৰ্ত লোকসকলৰ আশ্ৰয়ৰ বাবে খাৰজানপাৰ প্ৰাথমিক বিদ্যালয়ত এটা সাহায্য শিবিৰ মুকলি কৰিছে।
এইবাৰৰ বানত জিলাখনৰ এতিয়ালৈকে ১৬৬৮ হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে। ইফালে বানৰ সমান্তৰালকৈ সোৱনশিৰি নদীয়ে নামনি মাজুলীত তীব্ৰ গৰা খহনীয়াৰো সৃষ্টি কৰিছে।
মলয়া চাপৰি, মাজৰ চাপৰি, কংকুৰ, কুলিচাপৰি আদি গাঁৱসমূহে বানতকৈ গৰা খহনীয়াত বেছি আতংকিত হৈ পৰিছে। দৈনিক বিঘাই বিঘাই কৃষি পথাৰ নদীৰ বুকুত জাহ যোৱাত উপায়ান্তৰ হৈ ৰাইজে বাঁহৰ জেঙেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰিছে। কিন্তু সোৱনশিৰি নদীৰ কোবাল সোঁতে নিমিষতে সকলোবোৰ উটুৱাই নিছে। এনেদৰেই এতিয়া নামনি মাজুলীবাসী বানৰ সমান্তৰালকৈ গৰাখহনীয়াৰ আতংকত দিন পাৰ কৰিব লগা হৈছে।