• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বানৰ সংহাৰ অসমত; এতিয়ালৈকে ৮৫ গৰাকীৰ মৃত্যু, ৩৩ লাখ লোক ক্ষতিগ্ৰস্ত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 16, 2020 3:58 pm

1 min read

বানৰ সংহাৰ অসমত; এতিয়ালৈকে ৮৫ গৰাকীৰ মৃত্যু, ৩৩ লাখ লোক ক্ষতিগ্ৰস্ত

ইণ্টাৰনেটৰ পৰা সংগৃহীত

645
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংহাৰৰ মাজতেই অসমত বানপানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে। বানৰ ফলত মঙলবাৰৰ দিনটোত ৯ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

ৰাজ্যৰ ২৮ খন জিলাৰ মুঠ ৩৩ লাখৰো অধিক লোক এই দ্বিতীয়টো বানৰ কৱলত পৰিছে। ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই কথা জানিবলৈ দিয়ে।

বিভাগীয় কৰ্তৃপক্ষই জনোৱা অনুসৰি মঙলবাৰৰ দিনটোত ডিব্ৰুগড় জিলাত তিনিজন, তিনিচুকীয়া আৰু বৰপেটা জিলাত দুজন দুজন তথা বিশ্বনাথ আৰু গোলাঘাট জিলাত একোজনকৈ লোকে প্ৰাণ হেৰুৱায়।

উল্লেখ্য যে চলিত বছৰৰ বানত এই পৰ্যন্ত ৮৫ গৰাকী লোকৰ মৃত্যু হৈছে।

মঙলবাৰে হোজাই, ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোনিতপুৰ, ওদালগুৰি, দৰং, বাক্সা, নলবাৰী, বৰপেটা, চিৰং, বঙাইগাঁও, কোকৰাধাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কামৰূপ, মৰিগাঁও, কামৰূপ মহানগৰৰ বিভিন্ন অঞ্চল বুৰাই পেলায়।

ইয়াৰ উপৰি পশ্চিম কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, ডিব্ৰুগড়, চিনিচুকীয়া আৰু কাৰ্বি আংলং জিলাও ভয়াৱহ বানৰ কৱলত পৰিছে।

বানৰ প্ৰভাৱ সৰ্বাধিক পৰিছে বৰপেটা জিলাত। জিলাখনৰ ৫.৫০ লাখ লোক বানৰ কৱলত পৰিছে।

ইয়াৰ উপৰি ধুবুৰীত ৪.১১ লাখ, মৰিগাঁৱৰ ৪.০৮ লাখ লোক, দক্ষিণ শালমাৰাৰ ২.২৫ লাখ লোক বানৰ কৱলত পৰা বুলি চৰকাৰীভাৱে জনাইছে।

ইফালে বানৰ ফলত ৰাজ্যখনৰ ১.২৮ লাখ কৃষি ভুমি ক্ষতিগ্ৰস্ত হৈছে।

Tags: Assam Flood

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd