NORTHEAST NOW (Assamese)

ASSAM FLOOD বঙাইগাঁও জিলাৰ ৮৮ খন গাঁও আজিও আছে বানৰ কবলত 

June 19, 2022 8:40 pm · প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
Updated: June 19, 2022 8:41 pm

Bongaigaon বঙাইগাঁও জিলাত বান পৰিস্থিতি অব্যাহত আছে ৷ দেওবাৰেও জিলাখনৰ বইটামাৰী, সৃজনগ্ৰাম আৰু মাণিকপুৰ ৰাজহ চক্ৰৰ ৮৮ খন গাঁও প্লাবিত হৈ আছে। তাৰে ভিতৰত বইটামাৰী ৰাজহ চক্ৰত ২০খন গাঁও, সৃজনগ্ৰামৰ ৬৩ খন আৰু মাণিকপুৰৰ ৫ খন গাঁও বৰ্তমান পৰ্যন্ত প্লাবিত হৈ আছে।

উক্ত গাঁওসমূহৰ মুঠ ১৯,২০৯ গৰাকী লোক বানৰ কবলত পৰিছে ৷ সেইদৰে ৩২১.০০হেক্টৰ কৃষিভূমি বানাক্ৰান্ত হৈ আছে। চলন্তাপাৰা এম ভি স্কুল, চলন্তাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ঢাকনাবাৰী আদৰ্শ বিদ্যালয়, নগৰঝাৰ (অস্থায়ী আশ্ৰয় স্থল), শ’লমাৰী এল পি স্কুল, নোৱাগাঁও হাইস্কুল, নাম্বাৰপাৰা হাইস্কুল, শৌলমাৰী বজাৰ, মাৰৱাৰী ধৰ্মশালা(অভয়াপুৰী চহৰ), বালাৰচৰ দ্বিতীয় খণ্ড মথাউৰি শিবিৰ, বালাৰচৰ নৱজ্যোতি এল পি স্কুল, মাত্ৰাঘোলা পাৰঘাট শিবিৰ, হুৰামাৰা প্ৰথম খণ্ড মথাউৰি শিবিৰ, ৬০২ নং মেৰেৰচৰ এল পি স্কুল, সতী জয়মতী কোকিলা এম ভি স্কুল, বীণাপানি ইউনাইটেড হাইস্কুল, বাংলাপাৰা এম ভি স্কুল, গোলাপাৰা প্ৰথম খণ্ড হাইলেণ্ড শিবিৰ, বাংলাপাৰা মথাউৰি শিবিৰ, জপেয়া বৰইচালা আঞ্চলিক ক্লাব, গোলাপাৰা হাইস্কুল, গোলাপাৰা পকী দলং শিবিৰ, চাকলা দ্বিতীয় খণ্ড মথাউৰি শিবিৰ, নাম্বাৰপাৰা তৃতীয় খণ্ড মথাউৰি শিবিৰ, নাম্বাৰপাৰা আঞ্চলিক কনিষ্ঠ মহাবিদ্যালয়, নাম্বাৰপাৰা দ্বিতীয় খণ্ড বজাৰগৃহ শিবিৰ,শৌলমাৰী লোকনিৰ্মাণ পথ শিবিৰ, নাম্বাৰপাৰা প্ৰথম খণ্ড পথ শিবিৰ , চাকলা প্ৰথম খণ্ড পথ শিবিৰ, নাম্বাৰপাৰা তৃতীয় খণ্ড এল পি স্কুল, কোকিলা প্ৰথম খণ্ড মথাউৰি শিবিৰ, ৭৬০ নং কোকিলা মাজেৰচৰ এল পি স্কুলকে ধৰি মুঠ ৩২ টা আশ্ৰয় শিবিৰত দেওবাৰে ৮,৩৬৭ গৰাকী লোকে আশ্ৰয় লৈ আছে।

আনহাতে ৩৪ টা ৰিলিফ প্ৰদান কেন্দ্ৰৰ জৰিয়তে বন্যাৰ্ত লোকসকলক সাহায্য সামগ্ৰী প্ৰদান কৰা হৈছে। দেওবাৰে বঙাইগাঁও জিলা প্ৰশাসনে বন্যাৰ্ত লোকসকলৰ মাজত চাউল ১২৪২.৩৩ কুইন্টল,দাইল ২৩৪.৪৮ কুইন্টল, নিমখ ৭০.৩২ কুইন্টল,মিঠাতেল ৬৪৩২.৫০ লিটাৰ বিতৰণ কৰিছে। ইয়াৰ উপৰিও শিশুখাদ্য, পশুখাদ্য, হেলোজেন ,দৰব, ত্ৰিপাল, মমবাতি আৰু অন্যান্য সহায়ক সামগ্ৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা দেওবাৰে বিতৰণ কৰা হয় ৷

Related News