NORTHEAST NOW (Assamese)

অৰুণাচল প্ৰদেশৰ ইটানগৰত সংহাৰী বানে প্ৰাণ ল’লে এজন লোকৰ

September 14, 2018 12:51 pm · এন ই নাও নিউজ
Updated: September 14, 2018 3:59 pm
প্রতিনিধিত্বমূলক চিত্র। উৎস : ইণ্টাৰনেট

বৃহস্পতিবাৰৰ নিশাৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত অৰুণাচল প্ৰদেশৰ ইটানগৰত সংঘটিত হৈছে ভয়ংকৰ বান। জানিব পৰা মতে চহৰখনত হোৱা প্ৰলংকৰী বানত এই পৰ্যন্ত এজন লোকৰ মৃত্যু হোৱাৰ উপৰি সন্ধানহীন হৈ আছে চাৰিজন লোক।

উল্লেখ্য যে  বৰষুণৰ ফলত কালি নিশা হঠাতে হোৱা অস্বাভাৱিক বানত ইটানগৰৰ পাপ্পু নাল্লা নৈৰ বাঢ়নী পানীয়ে ১৫টাৰো অধিক ঘৰ উটুৱাই লৈ যায়। চহৰখনত ৰুদ্ৰমূৰ্তি ধাৰণ কৰা বানে নিশা বড’নি পলো কলনিত শুই থকা অৱস্থাতে দুটা পৰিয়ালৰ ৬জন লোকক উটুৱাই লৈ যায় বুলি খবৰ লাভ কৰা গৈছে। নিশা উটি যোৱা এজন লোকক উদ্ধাৰকাৰী দলে জোলাং অঞ্চলৰ পৰা উদ্ধাৰ কৰে বুলি জানিব পৰা যায়।

আনহাতে, নৈৰ পাৰত ৰখাই থোৱা এখন i-20 বাহন আৰু চাৰিখন মটৰ চাইকেলো উক্ত প্ৰলংকৰী বানত উটি যায়। ইফালে নিশাৰ পৰা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে চেংকী নৈৰ জলপৃষ্ঠ। নৈখনৰ পাৰত বসবাস কৰা বহু পৰিয়ালে এতিয়া আশ্ৰয় লৈছে সুৰক্ষিত স্থানত।

ইফালে অস্বাভাৱিকভাৱে হোৱা বৰষুণৰ ফলত বানৰ উপৰি ৰাজ্যখনত ভয়ংকৰভাৱে বৃদ্ধি পাইছে ভূমিস্খলন। ভূমিস্খলনৰ ফলত এজন লোকে প্ৰাণ হেৰুওৱাৰ লগতে কেইবাটাও বাসগৃহৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে। ভূমিস্খলন তথা বানত আবদ্ধ হৈ থকা লোকক উদ্ধাৰৰ বাবে সেনা, SDRF আৰু NDRF বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে।‍

Related News