• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘প্ৰতিশ্ৰুতি দিয়াৰ সলনি প্ৰতিশ্ৰুতি পালনত মনোনিৱেশ কৰক চৰকাৰে’- চৰকাৰলৈ আহ্বান কংগ্ৰেছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 4, 2021 3:31 pm
APCC
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰক প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই জনতাক মোহাচ্ছন্ন কৰাতকৈ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আহ্বান জনাইছে কংগ্ৰেছে।

আজি এক প্ৰেছ বিজ্ঞপ্তিত অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ ববিতা শৰ্মাই কয়, “প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই জনতাৰ মন আকৰ্ষণ কৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত প্ৰশাসনিক ক্ষেত্ৰত দেশৰ ১৮ খন ৰাজ্যৰ ভিতৰত ১৪ লৈ অৱনমিত অসম, আত্মহননৰ ঘটনাই গঢ়িছে অভিলেখ। জনতাৰ দুখ-যন্ত্ৰণাক আওকাণ কৰি ক্ষমতা আহৰণত ব্যস্ত বিজেপি চৰকাৰ।”

“Public Affairs Index 2021 (PAI) ৰ তথ্য অনুসৰি চৰকাৰ চলোৱাৰ ক্ষেত্ৰত দেশৰ ১৮ খন ৰাজ্যৰ ভিতৰতে অসমৰ স্থান ১৪ নম্বৰ স্থানলৈ অৱনমিত হৈছে, যিটো অসমবাসীৰ বাবে চৰম লজ্জাজনক বিষয়। আশ্চৰ্য জনক ভাৱে ৰাজ্যখনৰ জনসাধাৰণৰ পানীত হাঁহ নচৰা অৱস্থা হোৱাৰ পিছতো বিজেপি নেতৃত্বাধীন চৰকাৰ খনে কেৱল ক্ষমতা আহৰণত ব্যস্ত হৈ থকাটো অত্যন্ত দুৰ্ভাগ্যজনক।”— বিজ্ঞপ্তিখনত এইদৰে চৰকাৰলৈ অভিযোগ উঠাই ববিতা শৰ্মাই।

বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত দেশত চলি থকা আৰ্থিক মন্দাৱস্থাৰ লগতে সকলো বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজৰ জীৱন দুৰ্বিসহ কৰি তুলিছে। এনে সময়ত চৰকাৰে জনতাক সকাহ দিবলৈ কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰা বাবে দেশত আত্মহত্যাৰ সংখ্যা দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে। এন চি আৰ বিৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি কৃষকৰ আত্মহত্যাৰ সংখ্যা ১৮ শতাংশলৈ বৃদ্ধি পোৱাৰ উপৰিও দিন হাজিৰা কৰা শ্ৰমিকৰ আত্মহত্যাৰ ঘটনা বছৰত ৩৭৬৬৬ জনলৈ বৃদ্ধি পাইছে আৰু ছাত্ৰ ছাত্ৰীৰ আত্মহত্যাৰ সংখ্যা ২১.২০ শতাংশলৈ বৃদ্ধি পাইছে ‌‌‌‌‌‌‌। অসমতো কোভিডৰ পৰিস্থিতিত ৩২৪৩ জন লোকে আত্মহননৰ পথ বাছি ল’বলগীয়া হৈছে। ২০১৯ বর্ষতকৈ ২০২০ বৰ্ষত ৩৬% অধিক লোকে আত্মহননৰ পথ বাছি লৈছে। নেচনেল ক্ৰাইম ৰেকর্ডচ ব্যুৰ’ৰ প্ৰতিবেদন অনুসৰি আত্মহত্যা কৰা লোকৰ সংখ্যাৰ ক্ষেত্ৰত অসমৰ স্থান পঞ্চমত। তাৰ পিছতো জনসাধাৰণৰ প্ৰতি বিজেপি চৰকাৰ খনৰ উদাসীনতা অতি উদ্বেগজনক।

Apply Now

বিজেপি দল শাসনত অহাৰ পিছৰে পৰা দেশৰ লগতে ৰাজ্যত নিবনুৱা সমস্যা ক্ষিপ্ৰতাৰে বৃদ্ধি পাইছে বুলি অভিযোগ কৰি ববিতা শৰ্মাই কয়, “নিৰ্বাচনৰ আগত মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ২৫ লাখ নিবনুৱাক চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। অসমৰ শিক্ষিত যুৱক-যুৱতী সকলক গভীৰ অন্ধকাৰৰ ফালে ঠেলি দিছে মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ খনে। অসমৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত অতি ক্ষিপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰ খনক আমি অসম প্ৰদেশ কংগ্রেছ কমিটিৰ তৰফৰ পৰা দাবী জনাইছো।”

বিজ্ঞপ্তিখনত উল্লেখ কৰা হৈছে যে, “উন্নয়ন আৰু আত্মনিৰ্ভৰ ভাৰতৰ কথা কোৱা চৰকাৰ খনে কোনো দিশতে সৰ্বসাধাৰণ ৰাইজৰ উন্নয়ন আৰু কল্যাণৰ চিন্তা কৰা দেখা পোৱা নাই। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উন্নয়নৰ কথা কোৱাৰ উপৰিও ৰাজ্য খনলৈ উন্নয়নৰ গংগা বোৱাই আনিম বুলি কৈ থাকে, কিন্তু তেখেতে দীৰ্ঘ সময়ৰ বাবে দায়িত্বত থকা স্বাস্থ্য খণ্ডৰ আজি পয়ালগা অবস্থা জনমানসত স্পষ্টকৈ ওলাই পৰিছে। যি সময়ত এখনৰ পাছত এখন চিকিৎসা মহাবিদ্যালয় হাস্পতাল স্থাপনৰ কথা চৰকাৰে ঘোষণা কৰিছে, আৰু একে সময়তে ৰাজ্যত অভাৱ ১৩৮২ জন ডাক্তৰৰ । প্ৰসূতিৰ মৃত্যুৰ হাৰ বৃদ্ধি হোৱাৰ লগতে নৱজাতকৰ মৃত্যুৰ হাৰত দেশৰ ভিতৰতে অসমৰ স্থান তৃতীয়। প্ৰতি হাজাৰ নৱজাতকৰ ভিতৰত ৪০ জনৰ হয় মৃত্যু। ৰাজ্যখনৰ ১৬ খন জিলাৰ হস্পিতালত নাই আই চি ইউ।”

“গতিকে চৰকাৰে প্ৰতিশ্ৰুতি দিয়াৰ সলনি প্ৰতিশ্ৰুতি পালন কৰাত মনোনিৱেশ কৰক। আমি চৰকাৰৰ ওচৰত দাবী জনাই কও যে মিছা প্ৰতিশ্ৰুতিৰে জনতাক আভুৱা ভৰাই নাথাকি সচা অৰ্থত দেশৰ উন্নতি সাধন কৰক। তাৰ পাছত আপোনালোকে ৰাইজৰ ধন শৰাধ কৰি সভা সমিতি পাতি নক’লেও মানুহে উন্নয়নৰ গংগা দেখা পাব”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd