• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বাবৰি মছজিদ ধ্বংসৰ প্ৰতিশোধ: বিফল ষড়যন্ত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 13, 2025 1:38 pm
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ লালকিল্লাৰ সামীপত সংঘটিত বিস্ফোৰণৰ তদন্তত পোহৰলৈ আহিছে বহুতো চাঞ্চল্যকৰ তথ্য। আৰক্ষীৰ সূত্ৰ অনুসৰি, পেছাগতভাৱে চিকিৎসা বৃত্তিত জড়িত ফৰিদাবাদৰ এটা সন্ত্ৰাসবাদী গোটে ধাৰাবাহিকভাৱে বিস্ফোৰক সামগ্ৰী ক্ৰয় কৰিছিল। এই সন্দেহভাজন সন্ত্ৰাসবাদী গোটে দিল্লী-এনচিআৰ অঞ্চলত একেলগে ছটা স্থানত বিস্ফোৰণ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল। আনকি তেওঁলোকে বাবৰি মছজিদ ধ্বংসৰ প্ৰতিশোধ লোৱাৰ নিমিত্তে ৬ ডিচেম্বৰ তাৰিখটো নিৰ্ধাৰণ কৰিছিল। এই দিনটোৱে বিশেষ তাৎপৰ্য বহন কৰে, কাৰণ ১৯৯২ চনৰ ঠিক এই দিনটোতেই অযোধ্যাত বাবৰি মছজিদ ধ্বংস হৈছিল। সেই দিনটোৰ প্ৰতিশোধ হিচাপে দেশৰ ৰাজধানীত একাধিক বিস্ফোৰণ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল তেওঁলোকে।

তদন্তকাৰী সূত্ৰই জনোৱা মতে, “ফৰিদাবাদ চিকিৎসক মডিউল” নামেৰে পৰিচিত এই গোটটোৱে প্ৰায় ৩ হাজাৰ কিলোগ্ৰাম বিস্ফোৰক সংগ্ৰহ কৰিছিল। তেওঁলোকে ধাৰাবাহিকভাৱে ছটা স্থান চিহ্নিত কৰি বোমা বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল। এই পৰিকল্পনা জয়েছ-ঈ-মহম্মদ (JeM) সংগঠনৰ সৈতে জড়িত আছিল বুলি সন্দেহ কৰা হৈছে।

Apply Now

প্ৰথমে আগষ্ট মাহত এই বিস্ফোৰণ সংঘটিত কৰাৰ পৰিকল্পনা আছিল, কিন্তু সেই দিনটোত কাৰ্যসিদ্ধি নোহোৱাত, তেওঁলোকে ৬ ডিচেম্বৰত আক্ৰমণ কৰিবলৈ পুনৰ নিৰ্ধাৰণ কৰে। তদন্তকাৰীসকলৰ মতে, বহু বছৰ ধৰি জয়েছ-ঈ-মহম্মদে বাবৰি মছজিদ ভাঙি পেলোৱাৰ বাবে প্ৰতিশোধ লোৱাৰ ভাবুকি দি আহিছে।

অভিযুক্ত চিকিৎসক ওমৰ মহম্মদ ওৰফে ওমৰ-উন-নবী, ফৰিদাবাদৰ আল-ফালাহ বিশ্ববিদ্যালয়ত কৰ্মৰত আছিল। তেওঁক লালকিল্লাৰ ওচৰত সংঘটিত বোমা বিস্ফোৰণৰ মূল ষড়যন্ত্ৰকাৰী বুলি সন্দেহ কৰা হৈছে। তদন্তকাৰীসকলৰ মতে, তেওঁৰ সহযোগী ডাঃ মুজাম্মিল শ্বেখ আৰু শ্বাহীন ছাইদক গ্ৰেপ্তাৰ কৰাৰ পাছত ওমৰ অস্থিৰ হৈ পৰিছিল আৰু হতাশাত বিস্ফোৰণটো সংঘটিত কৰে।

তদন্তত এই কথাও পোহৰলৈ আহিছে যে, ৮ জনীয়া বোমাৰু দলটো আক্ৰমণৰ বাবে সম্পূৰ্ণ প্ৰস্তুত আছিল। এই দলটোৱে দিল্লীৰ ৰেড ফ’ৰ্ট মেট্ৰ’ ষ্টেচনৰ ওচৰত ট্ৰেফিক চিগনেলৰ কাষত এখন বাহনত বিস্ফোৰণ ঘটায়, য’ত ১৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহুজন আহত হয়।

বিস্ফোৰণত ব্যৱহৃত গাড়ীখন ওমৰ মহম্মদে নিজে চলাই আহিছিল বুলি তদন্তকৰীসকলে নিশ্চিত কৰিছে॥। ফৰিদাবাদত আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰা প্ৰায় ২৯০০ কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী আৰু জব্দ কৰা নথিপত্ৰই এই ষড়যন্ত্ৰ উন্মোচিত কৰিছে।

তদন্তকাৰীসকলৰ মতে, এই চিকিৎসকসকল উচ্চশিক্ষিত আৰু পেচাদাৰী ব্যক্তি হ’লেও, তেওঁলোকে জয়েছ-ঈ-মহম্মদৰ নতুনকৈ গঠিত এটা সন্ত্ৰাসবাদী মডিউলৰ সৈতে জড়িত আছিল। যাৰ লক্ষ্য আছিল ৬ ডিচেম্বৰত ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত ধাৰাবাহিক বিস্ফোৰণ ঘটাই দেশক কঁপাই তোলা তথা বাবৰি মছজিদ ধ্বংসৰ প্ৰতিশোধ লোৱা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

September 21, 2026 9:16 pm
চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm
‘ই এক উদ্দেশ্যপ্ৰণোদিত হাৰাশাস্তি!’ প্ৰাক্তন ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ আৱেদন খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

‘ই এক উদ্দেশ্যপ্ৰণোদিত হাৰাশাস্তি!’ প্ৰাক্তন ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ আৱেদন খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

September 21, 2026 8:02 pm
মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

September 21, 2026 7:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

September 21, 2026 9:16 pm
চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd