• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

নোখোৱাকৈ নাথাকিবঃ এনে খাদ্যই বৃদ্ধি কৰিব হিম’গ্লবিনৰ পৰিমাণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 22, 2024 5:28 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাস্থ্যজনিত সমস্যাই সাম্প্ৰতিক সময়ত প্ৰায় প্ৰতিজন মানুহক জুৰুলা কৰিছে। আমাৰ দৈনন্দিন জীৱনশৈলীও বহু সময়ত হৈ পৰিছে মানসিক চাপ আৰু উদ্বেগৰ কাৰক।

এনে স্বাস্থ্যজনিত সমস্যাত ভুগিবলগীয়াৰ অন্যতম প্ৰধান কাৰণ হিচাপে দেখা যায় দেহত হিম’গ্লবিনৰ অভাৱ। মনত ৰাখিব, হিম’গ্লবিনেই সমগ্ৰ শৰীৰত অক্সিজেনৰ সঞ্চালন কৰে।

Apply Now

সেয়ে যেতিয়া দেহত হিম’গ্লবিনৰ মাত্ৰা কমি যায় তেতিয়া দেহক ভাগৰ, দুৰ্বলতাই আৱৰি ধৰাৰ লগতে উশাহ লোৱাত কষ্ট, মূৰৰ বিষ আদিৰ সৃষ্টি কৰিব পাৰে।

যদি হিম’গ্লবিনৰ মাত্ৰা বহু পৰিমাণে কমি যায়, তেন্তে এই অৱস্থাক ৰক্তহীনতাত আক্ৰান্ত হ’ব পাৰে। ভাৰতত ৰক্তহীনতা অন্যতম স্বাস্থ্যৰ ক্ষেত্ৰত আটাইতকৈ বৃ্হৎ সমস্যা হিচাপে থিয় দিছে।

শেহতীয়া বহু সমীক্ষা অনুসৰি লাখ লাখ ভাৰতীয় মহিলা এই অৱস্থাত ভুগিছে। একে বয়সৰ পুৰুষৰ বিপৰীতে মহিলাৰ দেহত হিম’গ্লবিনৰ পৰিমাণ বহু মাত্ৰাই কম।

সাধাৰণতে এজন পুৰুষৰ ক্ষেত্ৰত প্ৰতি ডেচিলিটাৰত ১৩.৫ৰ পৰা ১৭.৫ গ্ৰাম আৰু মহিলাৰ ক্ষেত্ৰত প্ৰতি ডেচিলিটাৰত ১২.০ৰ পৰা ১৫.৫ গ্ৰাম হিম’গ্লবিনৰ প্ৰয়োজন বুলি গণ্য কৰা হয়।

আপোনাৰ তেজত হিম’গ্লবিন নিয়ন্ত্ৰণত ৰখাত তথা শৰীৰৰ কোষবোৰে ভালদৰে কাম কৰাটো নিশ্চিত কৰাত কিছুমান খাদ্যই সহায় কৰিব পাৰে। এনে কিছুমান খাদ্যৰ বিষয়ে জানো আহকঃ

১/ ভিটামিন-চি সমৃদ্ধ খাদ্য

আইৰণ শৰীৰে সম্পূৰ্ণৰূপে শোধণ কৰিব নোৱাৰে। এই ক্ষেত্ৰত সহায়ক হোৱাকৈ এটা মাধ্যমৰ প্ৰয়োজন হয়। ভিটামিন-চি এই মাধ্যম হিচাপে কাম কৰে। আমলখি, কমলা, নেমু, জলকীয়া, বিলাহী, জামু আদি বেছিকৈ খাব লাগে, কাৰণ ইয়াত ভিটামিন-চি বহু পৰিমাণে থাকে।

২/ আইৰণ সমৃদ্ধ খাদ্য

আইৰণৰ অভাৱ হিম’গ্লবিনৰ মাত্ৰা কম হোৱাৰ অন্যতম সাধাৰণ কাৰণ। আইৰণ সমৃদ্ধ খাদ্য যেনে সেউজীয়া শাক-পাচলি, কচু, কণী, গোটা শস্য, দাইল আৰু বীন, মাংস, মাছ, শুকান ফল, ইত্যাদি খাদ্য তালিকাত ৰাখিব লাগে।

৩/ ফলিক এচিড সমৃদ্ধ খাদ্য

ফলিক এচিড হৈছে শৰীৰৰ ৰক্তকণিকা তৈয়াৰ কৰিবলৈ প্ৰয়োজনীয় বি কমপ্লেক্স ভিটামিন। ফলিক এচিডৰ অভাৱত হিম’গ্লবিনৰ মাত্ৰা কম হ’ব পাৰে। সেউজীয়া শাক-পাচলি, বীন, বাদাম, কল, ব্ৰকলি আদি খাদ্যৰ ওপৰত সেয়ে গুৰুত্ব দিব লাগে।

৪/ ডালিম

ডালিম হৈছে প্ৰটিন, কাৰ্বহাইড্ৰেট আৰু আঁহৰ লগতে কেলচিয়াম আৰু আইৰণৰ অন্যতম উৎস। হিম’গ্লবিন বৃদ্ধিৰ বাবে ই অত্যন্ত উত্তম খাদ্য। হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধিৰ বাবে দৈনিক ডালিমৰ ৰস খাব লাগে।

৫/ খেজুৰ

খেজুৰ অতিমাত্ৰা শক্তিৰে ভৰপূৰ আৰু পুষ্টিকৰ খাদ্য। খেজুৰ আইৰণৰ এক প্ৰধান উৎস, যি তেজত হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি কৰে।

৬/ বীট

হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধিৰ অন্যতম উত্তম উপায় হ’ল বীট। ইয়াত কেৱল আইৰণেই নহয়, পটাছিয়াম আৰু আঁহৰ লগতে ফলিক এচিডো থাকে। প্ৰতিদিনে বীটৰ ৰস খালে তেজত হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি নিশ্চিত হয়।

৭/ মাহজাতীয় শস্য

মচুৰ দাইল, বাদাম আৰু বীন আদি মাহজাতীয় শস্যয়ো হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে। মাহজাতীয় শস্যত থকা আইৰণ আৰু ফলিক এচিডৰ পৰিমাণে শৰীৰত ৰক্তকণিকা উৎপাদন বৃদ্ধি কৰাত সহায় কৰে।

৮) ৰঙালাউৰ গুটি

ৰঙালাউৰ গুটিত প্ৰায় আঠ মিলিগ্ৰাম আইৰণৰ লগতে পৰ্যাপ্ত পৰিমাণৰ কেলচিয়াম, মেগনেছিয়াম আৰু মেংগানিজ পোৱা যায়। গতিকে ই হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধিৰ ক্ষেত্ৰত অন্যতম সহায়ক খাদ্য।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am
চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd