NORTHEAST NOW (Assamese)

বিগত ৭২ টা বছৰে নিজৰাৰ পানী সেৱন কৰা ফফংগাবাসীয়ে নিৰ্বাচনত দিব প্ৰত্যুত্তৰ

March 19, 2019 7:21 am · নীলমণি শৰ্মা
নিজৰাৰ পানীৰে ফফংগাবাসীয়ে কটাই আহিছে জীৱন। ফটো : নৰ্থইষ্ট নাও

নিৰ্বাচন সমাগত। প্ৰত্যেকটো ৰাজনৈতিক দলৰ নেতা কৰ্মী এতিয়া ভোটাৰক আকৰ্ষণ কৰা কৌশল ৰচনাত ব্যস্ত।  কিন্ত পৰিতাপৰ বিষয়টো হ’ল ৰাজনৈতিক দলসমূহৰ প্ৰতিশ্ৰুতি অনুসৰি ভোটদান কৰি আজিলৈ চৰকাৰ তথা প্ৰশাসনৰ পৰা একো এটা পাবলৈ সক্ষম নহল ফফংগাবাসীয়ে।

গোৱালপাৰা জিলাৰ গোৱালপাৰা পূব বিধান সভা সমষ্টিৰ অন্তৰ্গত তথা ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত ফফংগা দ্বিতীয় খণ্ডৰ জনসাধাৰণে আজিও নিজৰাৰ লেতেৰা মলিয়ন পানী সেৱন কৰি থাকিব লগা হৈছে। আন সুবিধাৰ কথাতো দূৰতে, আজিলৈ পানীৰ সুবিধাকণো নাপালে তেওঁলোকে। খোৱা, কাপোৰ ধোৱা সকলোতে নিজৰাৰ পানী ব্যৱহাৰ কৰি চলি আছে ফফংগাবাসী।

অঞ্চলবাসী ৰাইজে অঞ্চলটোত খোৱা পানীৰ যোগানৰ বাবে বহুবাৰ আবেদন নিবেদন কৰি আহিছে যদিও বিগত ৪০/৫০ বছৰে চৰকাৰ প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহন নকৰিলে ৷

ইপিনে, স্থানীয় লোকে অভিযোগ কৰা অনুসৰি অঞ্চলটোত আজিলৈ কোনো বিধায়ক তথা সাংসদ আহিবলৈ আহৰি নাপালে। নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী থকা এইবাৰ ফফংগাৰ জনসাধাৰণে ২৩ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত নেতাসকলক উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে।

Related News