আশ্চৰ্য! প্ৰথমবাৰৰ বাবে তাজমহললৈ হাউছ টেক্স বিচাৰি জাননী প্ৰেৰণ; বিষয়াৰ ভুল নে আন কিবা?

বিশ্বৰ সাতটা আশ্চৰ্যৰ ভিতৰত অন্যতম আগ্ৰাৰ তাজমহল আকৌ এবাৰ চৰ্চালৈ আহিছে। দৰাচলতে, তাজমহলৰ ওপৰত আগ্ৰা পৌৰ নিগমৰ পৰা লক্ষাধিক টকাৰ হাউছ টেক্স (গৃহ কৰ) পৰিশোধৰ জাননী প্ৰেৰণৰ ঘটনা ঘটিছে। ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই)ক জাৰী কৰা বকেয়া গৃহ কৰ জাননীৰ অধীনত ১৫ দিনৰ ভিতৰত ধন জমা কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে।

বাতৰি অনুসৰি, আগ্ৰা পৌৰ নিগমৰ দ্বাৰা ১.৪৭ লাখ টকা গৃহ কৰ জমা কৰাৰ জাননী দিয়া হৈছে। তেতিয়াৰ পৰা, ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগত গৰম চৰ্চা চলি আছে।

লগতে পঢ়ক: বিপদত প্ৰাক্তন ৰাষ্ট্ৰপতি; অভিযোগ প্ৰমানিত হ’লে ৪০ বছৰলৈকে কাৰাবাস হ’ব পাৰে ডোনাল্ড ট্ৰাম্পৰ!

এই গোটেই ঘটনাটোত ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ অধীক্ষক ৰাজকুমাৰ পেটেলে কয় যে এই গোটেই ঘটনাটোত নিগমৰ বিষয়াসকলৰ ভুল হৈছে। কোনো ৰাজ্য বা দেশৰ স্মৃতিস্তম্ভৰ ওপৰত কোনো কৰ নাই। এই জাননীখন নিগমে ভুল কৰি দিছে।

পুৰাতাত্ত্বিক জৰীপৰ অধীক্ষক ৰাজ কুমাৰ পেটেলে সংবাদ মাধ্যমক কয় যে স্মাৰকসমূহৰ ক্ষেত্ৰত সম্পত্তি কৰ প্ৰযোজ্য নহয়। আমি পানীৰ বাবে কৰ পৰিশোধ কৰিবলৈও দায়বদ্ধ নহয় কিয়নো ইয়াৰ কোনো বাণিজ্যিক ব্যৱহাৰ নাই। চৌহদৰ ভিতৰত সেউজীয়া পৰিৱেশ ৰক্ষণাবেক্ষণৰ বাবে পানী ব্যৱহাৰ কৰা হয়।

প্ৰথমবাৰৰ বাবে তাজমহলৰ বাবে পানী আৰু সম্পত্তি কৰৰ জাননী পোৱা গৈছে। ইয়াক ভুলবশতঃ প্ৰেৰণ কৰা হ’ব পাৰে বুলি অনুমান কৰা হৈছে।

লগতে পঢ়ক:দুবছৰীয়া শিশুৰ পেটত টিভি ৰিম’টৰ বেটাৰী! ২০ মিনিটৰ অস্ত্ৰোপচাৰ কৰি উলিয়াই আনিলে চিকিৎসকে

পুৰাতাত্ত্বিক জৰীপৰ বিষয়াসকলে কয় যে তাজমহলক ১৯২০ চনত এক সুৰক্ষিত স্মৃতিস্তম্ভ হিচাপে ঘোষণা কৰা হৈছিল আৰু ব্ৰিটিছ শাসনকালতো স্মৃতিস্তম্ভটোৰ ওপৰত কোনো কৰ বা পানীৰ কৰ আৰোপ কৰা হোৱা নাছিল।