ভাৰতৰ ইতিহাসতেই প্ৰথম : মোদীৰ মন্ত্ৰীসভাত স্থান নাপালে এজনো মুছলমানে

ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ আসনত বহিল নৰেন্দ্ৰ মোদী। ইতিহাস ৰচনা কৰি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত বহিল নৰেন্দ্ৰ মোদী। কিন্তু মোদীৰ মন্ত্ৰী সভাত নাই এজনো মুছলমান মন্ত্ৰী ।

কিন্তু কিয়? মোদীয়ে বেয়া পায় নেকি মুছলমানক? এতিয়া দেশজুৰি এক চৰ্চাৰ বিষয় হৈ পৰিছে যে কিয় মোদীৰ মন্ত্ৰী সভাত এজনো মুছলমান মন্ত্ৰীয়ে স্থান নাপালে। যিহেতু দেওবাৰৰ দিনটোত ইতিমধ্যে মোদী মন্ত্ৰীসভা গঠন হ’ল আৰু এক অভিলেখ সৃষ্টি কৰি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত বহিল নৰেন্দ্ৰ মোদী।

৭২ জনীয়া মোদীৰ মন্ত্ৰীসভাত সংখ্যালঘু মুছলমান মোদীৰ প্ৰথমটো কাৰ্যকালত মন্ত্ৰীসভাত আছিল ৩ গৰাকী মুছলমান মন্ত্ৰী।

দেশ স্বাধীন হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে নাই কেবিনেট মন্ত্ৰীত এজনো মুছলমান প্ৰতিনিধি। কিন্তু এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা ঊল্লেখ কৰিব লাগিব যে NDA ৰ যি সহযোগী দল আছে সেই দলসমূহে কিন্তু মুছলমানৰ সংৰক্ষণৰ কথা ইতিমধ্যে ঊল্লেখ কৰিছে। মুছলমানৰ সংৰক্ষণৰ কথা চন্দ্ৰবাবু নাইডুৱে ইতিমধ্যে ঊল্লেখ কৰিছে।

উল্লেখ্য যে দেওবাৰে মোদীয়ে এক চাহ মেলৰ আয়োজন কৰিছিল আৰু তালৈকো কোনো এজন মুছলমান প্ৰতিনিধিক নিমন্ত্ৰণ জনোৱা নাছিল। তেতিয়াই প্ৰায় নিশ্চিত হৈ পৰিছিল যে কোনো মুছলমানে লাভ নকৰিব মন্ত্ৰীত্ব। নৰেন্দ্ৰ মোদী চৰকাৰখনে বিগত কাৰ্য্যকালত যিহেতু ঊল্লেখ কৰিছিল যে মুছলমানৰ সংৰক্ষণ আঁতৰাই দিয়া হ’ব কিন্তু সেই একেখন চৰকাৰত থকা নেতা চন্দ্ৰবাবু নাইডুৱে কিন্তু সম্পূৰ্ণ সমৰ্থনত আছে মুছলমানৰ। তেওঁ ঊল্লেখ কৰিছিল মুছলমানৰ সংৰক্ষণৰ কথা কিন্তু তেঁওৰ কথাত কোনো গুৰুত্ব নিদি অবশেষত মোদী মন্ত্ৰীসভাত নাথাকিল এজনো মুছলমান প্ৰতিনিধি।