Home › অসম গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অনলাইন নিলাম July 1, 2020 4:39 pm · এন ই নাও নিউজ প্ৰতিনিধিত্বমূলক ফ'টো বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি চি টি চি চাহ নিলাম কৰা গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অনলাইনযোগে কৰা হ’ল চাহৰ নিলাম। ১৯৭০ চনত স্থাপন হোৱা গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ সুদীৰ্ঘ ইতিহাসত কোনো দিনেই নিবিদাকাৰীৰ অনুপস্থিতিত চাহৰ নিলাম হোৱা নাছিল যদিও বুধবাৰে সেই পৰম্পৰাৰ ব্যতিক্ৰম ঘটিল। সমগ্ৰ বিশ্বজুৰি বিৰাজ কৰা কৰণাতংকৰ বাবেই পূৰ্বৰ সকলো পৰম্পৰা ভংগ কৰি এইবাৰ গুৱাহাটী চাহ নিলাম কেন্দ্ৰত অনলাইন প্ৰক্ৰিয়াৰে কৰা হ’ল চাহৰ নিলাম। গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ সম্পাদক প্ৰিয়ানুজ দত্তই এই প্ৰসংগত মন্তব্য কৰি কয় যে এয়া চাহ নিলাম কেন্দ্ৰটোৰ বাবে এক গুৰুত্বপূৰ্ণ দিন।সমগ্ৰ বিশ্বত কৰণাতংকৰ বাবে ঘৰৰ পৰাই কাম কৰাৰ পৰম্পৰা গঢ়ি উঠিছে। গুৱাহাটী চাহ নিলাম কেন্দ্ৰত সেই পৰম্পৰাৰ আৰম্ঙনি কৰা হৈছে।বুধবাৰে হোৱা নিলামত ৪.৫৫ নিযুত চাহ নিলাম হব বুলিও তেওঁ কয়।এই নিলামত প্ৰায় ১৮০ গৰাকী নিবিদাকাৰীয়ে অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল আগৰবাৰতকৈ এইবাৰ চাহৰ নিলাম মূল্য যথেষ্ট বেছি হোৱা দেখা যায়।বিগত বৰ্ষত চাহৰ প্ৰতি কিলোগ্ৰামত মূল্য আছিল ১৫৭ টকা।চলিত বৰ্ষত সেই মূল্য বৃদ্ধি পাই হয়গৈ ২৬৫ টকা। অনলাইন ব্যৱস্থাৰে কৰা চাহৰ নিলামৰ প্ৰতি এনেদৰে নিবিদাকাৰীসকলে সহাঁৰি জনোৱাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ পৰিচালনাৰ সৈতে জড়িত সকল।উল্লেখ্য বিশ্বৰ বহু দেশলৈ গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ পৰাই চাহ নিলাম হৈ আহিছে। ‹ ‘পেট্ৰ’ল ডিজেলৰ মূল্য নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি… পেট্ৰল ডিজেলৰ শুল্ক হ্ৰাস আৰু মূল্য বৃদ্ধি… › Related Newsনিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰJuly 30, 2026 11:25 am · এন ই নাও নিউজ, গুৱাহাটীউচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতাJuly 30, 2026 9:47 am · এন ই নাও নিউজ, গুৱাহাটীকমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিতJuly 30, 2026 8:52 am · এন ই নাও নিউজ, গুৱাহাটীবানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰJuly 30, 2026 7:00 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীতJuly 29, 2026 9:25 pm · এন ই নাও নিউজ, গুৱাহাটী