প্রথমবাৰৰ বাবে গণৰাজ্য দিৱস পালন কৰিবলৈ সাজু হৈছে নৱগঠিত তামুলপুৰ জিলা

Tamulpur District

ফটো: নৰ্থইষ্ট নাও।

প্রত্যাশিতভাৱে অহা ২৬ জানুৱাৰীত তামুলপুৰ জিলা হিচাপে প্ৰথমবাৰ গণৰাজ্য দিৱস পালন কৰা হব তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত।

নৱ গঠিত তামুলপুৰ জিলাৰ উপায়ুক্ত হিচাবে সীমান্ত কুমাৰ দাসক নিযুক্তি দিয়াৰ পিছতেই তামুলপুৰবাসীৰ মাজত বৈছে উচাহৰ ঢল।

দেওবাৰে নৱগঠিত তামুলপুৰ জিলাৰ প্ৰথমজন উপায়ুক্ত সীমান্ত কুমাৰ দাস আহি তামুলপুৰত উপস্থিত হোৱাৰ লগে লগে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ লগতে বিভিন্নজনে আদৰণি জনায়।

লগতে পঢ়ক: শিৱসাগৰ আৰক্ষীৰ জালত উজনিৰ গৰু চিণ্ডিকেটৰ মাষ্টাৰমাইণ্ড বিজেপি নেতা ছত্ৰধৰ গগৈ

পৰৱৰ্তী সময়ত তামুলপুৰ জিলাৰ উপায়ুক্তজনে তামুলপুৰ জিলাক কেনেদৰে আগুৱাই লৈ যাব তাৰ ওপৰত মত পোষণ কৰে ।

ইপিনে, নৱগঠিত তামুলপুৰ জিলাত ২৬ জানুৱাৰীত অসম চৰকাৰ কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্মই উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা।

কোভিড বিধি মানি ৭৩ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰাৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে নৱগঠিত তামুলপুৰ জিলাত।

লগতে পঢ়ক:বাইহাটা চাৰিআলিত ৰহস্যজনক অৱস্থাত উদ্ধাৰ তিনিজন যুৱকৰ মৃতদেহ

ইতিমধ্যে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মাৰ্চপাষ্টৰ  অনুশীলনত ব্যস্ত অসম আৰক্ষীৰ কেইবাটাও দল তথা ভাৰতীয় সেনাৰ দল।