দু:সাহসিকতা ভালপোৱাসকলৰ বাবে পেৰাগ্লাইডিং এবিধ ক্ৰীড়াতকৈ কোনোগুণে কম নহয়। বহুতে ইয়াৰ আনন্দ ল’বলৈ দূৰ-দূৰণিলৈকো যাত্ৰা কৰে।
বহুত কম লোকে জানে যে অসম দেশৰ ভিতৰতে এটা পেৰাগ্লাইডিং কেন্দ্ৰ হিচাপে পৰিচিত। ৰাজ্যখনৰ বড়োলেণ্ডত প্ৰথমবাৰৰ বাবে পেৰাগ্লাইডিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব।
অহা ১০ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈকে এই পেৰাগ্লাইডিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব।
এই প্ৰতিযোগিতাখন বন্যপ্ৰাণী অভয়াৰণ্যত আয়োজন কৰা হৈছে। বিটিচিৰ পৰ্যটন বিভাগে এই স্থান নিৰ্বাচন কৰিছে।
বিটিচিৰ পৰ্যটন বিভাগে ২০১৩ চনত প্ৰথমবাৰ ৰাজ্যখনৰ জনপ্ৰিয় উৎসৱ ভাওকুংগ্ৰিত পেৰাগ্লাইডিঙৰ আৰম্ভ কৰিছিল। সহস্ৰাধিক লোকে শিখৰত উঠি ইয়াৰ সমৰ্থন কৰিছিল।
অসমত প্ৰথমবাৰ যেতিয়া পেৰাগ্লাইডিং আৰম্ভ কৰা হৈছিল, তেতিয়া যুৱকসকলক প্ৰশিক্ষণ দিবলৈ ছিকিমৰ পৰা পাইলট অনা হৈছিল যাতে তেওঁলোকে সংস্থাপন এটা নতুন সুযোগ লাভ কৰে।
বিটিচিৰ পৰ্যটন বিভাগে এই বছৰ প্ৰথমবাৰৰ বাবে পেৰাগ্লাইডিং চেম্পিয়নশ্বিপৰ আয়োজন কৰিব।
উক্ত প্ৰতিযোগিতাখনত ভাগ ল’বৰ বাবে থাইলেণ্ড, মালয়েছিয়া, দক্ষিণ কোৰিয়া, ছুইজাৰলেণ্ডৰ দৰে প্ৰায় ১৫খন দেশৰ ৭০গৰাকী পাইলটক আমন্ত্ৰণ কৰা হ’ব।
তদুপৰি, দেশৰ পুনে, ছিকিম, মানালি আৰু অৰুণাচল প্ৰদেশৰ পাইলটকো আমন্ত্ৰণ কৰা হ’ব।
পৰ্যটন বিভাগে পেৰাগ্লাইডিঙৰ বিকাশৰ বাবে পেৰাগ্লাইডিং প্ৰশিক্ষণ কেন্দ্ৰ খোলাৰো পৰিকল্পনা কৰিছে। কোকৰাঝাৰৰ চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্যৰ ওচৰত এই কেন্দ্ৰটো খোলা হ’ব।
পেৰাগ্লাইডিং চেম্পিয়নশ্বিপ ১১ নৱেম্বৰৰ পুৱা ১০ বজাত এক উদ্বোধনী অনুষ্ঠানৰ মাজেৰে আৰম্ভ হ’ব।
ইয়াৰ পৰৱৰ্তী দুদিনলৈকে ৰেজিষ্টেশ্যন, ট্ৰায়েল আৰু প্ৰতিযোগিতাৰ বাবে নিজৰ নাম দিব পাৰিব। ১২ আৰু ১৩ নৱেম্বৰত মূল পেৰাগ্লাইডিং প্ৰতিযোগিতাৰ অনুষ্ঠিত হ’ব য’ত ৰাষ্ট্ৰীয়-তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাইলটে অংশগ্ৰহণ কৰিব।
পেৰাগ্লাইডিঙৰ উৰণ অন্টাই গুফুৰ, চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য আৰু দমাদুৰপুৰৰ ভূমিৰ পৰা হ’ব।
পেৰাগ্লাইডিঙৰ অন্তিম উৰণৰ দৃশ্য ১৪ নৱেম্বৰত চোৱাৰ সুযোগ পাব। বিজয়ীসকলক পুৰষ্কাৰ প্ৰদানৰ পাছতে ১৫ নৱেম্বৰৰ সন্ধিয়া ৫ বজাত প্ৰতিযোগিতাখনৰ সামৰণি পৰিব।