NORTHEAST NOW (Assamese)
Popular Stories

কি সাংঘাটিক কাৰণত পত্নীৰ সংগ এৰিছিল নৰেন্দ্ৰ মোদীয়ে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 18, 2019 3:59 pm

কালি (১৭ ছেপ্টেম্বৰ) পাৰ হৈ গ’ল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। সমগ্ৰ দেশৰ লগতে অসমতো বিজেপিৰ কৰ্মকৰ্তাসকলে মোদীৰ ৬৯ সংখ্যক জন্মদিন পালন কৰা দেখা যায়।

ভাৰতৰ প্ৰতি গৰাকী লোকেই নিশ্চয় জানে যে প্ৰধান মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পূ্ৰ্বেই নৰেন্দ্ৰ মোদীয়ে নিজৰ পত্নীৰ সংগ এৰে। কিন্তু তেওঁ কিয় এনে কৰিছিল সেই কথা হয়তো বহু কম লোকেহে জানে।

উল্লেখযোগ্য যে নৰেন্দ্ৰ মোদীৰ ভাতৃয়ে এবাৰ মোদীৰ বৈবাহিক জীৱনৰ এক গোপন অধ্যায় ৰাজহুৱা কৰিছিল, যাক লৈ সৃষ্টি হৈছিল যথেষ্ট চাঞ্চল্যৰ।

প্ৰধান মন্ত্ৰী গৰাকীৰ ভাতৃ সোমভাইয়ে কোৱা মতে মোদী কিশোৰ হৈ থাকোতেই তেওঁৰ পিতৃ-মাতৃয়ে গোড়া ভাৰতীয় পৰম্পৰা অনুসৰি মোদীৰ বিয়া পাতি দিছিল, কিন্তু এই বিবাহে পূৰ্ণতা নাপালে কিয়নো বিয়াৰ আনুষ্ঠানিকতাৰ পিছতে মোদী বৈবাহিক সম্পৰ্কৰ পৰা আঁতৰি আহে।

তেওঁ জনোৱা মতে বিয়াৰ সময়ত নৰেন্দ্ৰ মোদীৰ বয়স আছিল ১৭ বছৰ আৰু তেওঁৰ পত্নী যশোদা বেনৰ বয়স আছিল মাত্ৰ ১৫ বছৰ।

প্ৰধান মন্ত্ৰীগৰাকীৰ ভাতৃ সোমভায়ে জনোৱা মতে, ‘বিবাহৰ ৩ বছৰ পিছতে মোদীয়ে তেওঁৰ পত্নীৰ সংগ এৰে আৰু দেশসেৱা কৰাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰাৰ সিদ্ধান্ত লয়’।