• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নাও বুৰিলেও টিঙৰ পৰা নানামে নিৰাপত্তা বাহিনী! : ৭৫০ প্ৰশিক্ষিত মাওবাদীয়ে নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে কেনেকৈ চলাইছিল এম্বুশ?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 8, 2021 8:35 am
Mao
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩ এপ্ৰিলত ছট্টিশগড়ৰ বিজাপুৰত কিমান মাওবাদীয়ে নিৰাপত্তাৰক্ষীক আগুৰি এম্বুশ চলাইছিল? তাৰ হিচাপ দি মাওবাদীৰ আক্ৰমণত ২৩ গৰাকী নিৰাপত্তাৰক্ষীৰ মৃত্যু আৰু ৩১ গৰাকী আহত হোৱাৰ পিছতো বুৰি যোৱা নাওৰ টিঙৰ পৰা নানামে দেশৰ নিৰাপত্তাৰক্ষী বাহিনীৰ শীৰ্ষ বিষয়াসকল।

এই সন্দৰ্ভত মুখ খুলি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী(CRPF)ৰ সঞ্চালক প্ৰধান কুলদীপ সিঙেও দাবী কৰিছে নিৰাপত্তা বিভাগৰ চোৰাংচোৱাসকল ব্যৰ্থ হোৱাৰ বাবে এই এম্বুশৰ সন্মুখীন হোৱা নাছিল অভিযানকাৰী দল।

যোৱা মংগলবাৰে সঞ্চালক প্ৰধান কুলদীপ সিঙে কয় যে ৭০০-৭৫০ গৰাকী প্ৰশিক্ষিত মাওবাদীয়ে নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰিছিল আৰু তাৰে ২৮-৩০ গৰাকী মাওবাদী নিহত হৈছিল।

সঞ্চালক প্ৰধান গৰাকীৰ মতে এম্বুশৰ পিছত মাওবাদীৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অভিযানকাৰী দলটো।

লগতে পঢক : মাওবাদীৰ জিম্মাতে আছে অপহৃত কামাণ্ডো; শিবিৰসহ অপহৃত কামাণ্ডোৰ ফ’টো ভাইৰেল কৰিলে মাওবাদীয়ে

উল্লেখ্য যে নিৰাপত্তাৰক্ষীয়ে চোৰাংচোৱাৰ খবৰৰ ভিত্তিত ছট্টিশগড়ৰ চুকমা-বিজাপুৰৰ সীমান্তৰ পাহাৰীয়া অৰণ্যাঞ্চলত মাওবাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ মাওবাদীৰ ভয়ংকৰ এম্বুশৰ সন্মুখীন হৈছিল।

এই এম্বুশত ২২ গৰাকী নিৰাপত্তাৰক্ষীসহ কোব্ৰা জোৱান মৃত্যু হোৱাৰ উপৰিও ৩১ গৰাকী আহত হোৱাৰ লগতে কেবাগৰাকীও নিৰাপত্তাৰক্ষী নিখোজ হৈছিল।

এম্বুশৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশত সমগ্ৰ অঞ্চলটোত প্ৰায় ২০০০ গৰাকী নিৰাপত্তাৰক্ষী আৰু কোব্ৰা জোৱানে মাওবাদীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰে।

এই অভিযান কালত নিৰাপত্তাৰক্ষী বাহিনীয়ে মাওবাদীৰ পৰা বৃহৎ পৰিমাণ মাৰমাস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি দাবী কৰিছে সিঙে।

লগতে পঢ়ক : ছট্টিশগড়ৰ আক্ৰমণৰ পিছত অভিভাৱকসকললৈ মাওবাদীৰ আহ্বান; ‘সন্তানক নিৰাপত্তা বাহিনীলৈ নপঠাব’

ইফালে নিৰাপত্তা বাহিনীৰ শীৰ্ষ বিষয়াই এই অভিযানত কেবাগৰাকীও মাওবাদী নিহত হোৱা বুলি দাবী কৰি আহিলেও প্ৰকৃতাৰ্থতে কিমান মাওবাদী নিহত হৈছে সেয়া স্পষ্ট কৰিব পৰা নাই। মাওবাদীয়েও নিৰাপত্তাৰক্ষীৰ অভিযানত তেওঁলোকৰ কিমান সদস্যৰ মৃত্যু হৈছে সেয়া প্ৰকাশ কৰা নাই।

ইফালে নিৰাপত্তা বিভাগৰ চোৰাংচোৱাৰ বিফলতাৰ বাবেই নিৰাপত্তাৰক্ষীৰ ওপৰত মাওবাদীয়ে সুপৰিকল্পিত এম্বুশ চলাবলৈ সক্ষম হোৱা বুলি উঠা অভিযোগ বাৰে বাৰে খণ্ডন কৰিছে সঞ্চালক প্ৰধান কুলদীপ সিঙে।

“আমি খবৰ লাভ কৰিছিলো যে বিজাপুৰৰ এখন গাঁৱত বৃহৎসংখ্যক নক্সালৰ উপস্থিতি আছে। আমি কোব্ৰা বেটেলিয়ন, ডিআৰজি, বস্তাৰিয়া বেটেলিয়ন আৰু এছটিএফ ছট্টিশগড়ৰ এক যুটীয়া অভিযানৰ পৰিকল্পনা কৰিছিলো। অভিযানটোত মুঠ ৪৫০ জন জোৱান আছিল।” এনআইক সঞ্চালক প্ৰধানগৰাকীয়ে কয়।

“এইটো মাওবাদীক উৎখাত কৰাৰ অভিযান আছিল। বাহিনীটোৱে ৩ এপ্ৰিলত অঞ্চলটোলৈ গৈ পুৱাৰ পোহৰত অঞ্চলটো তন্ন তন্নকৈ মাওবাদীৰ অনুসন্ধান কৰিছিল। অনুসন্ধান কৰি ওভতি অহাৰ পথত নক্সালসকলে দেশত নিৰ্মিত আণ্ডাৰ বেৰেল গ্ৰেণেড লাঞ্চাৰ(ইউবিজিএল) আৰু বৃহৎসংখ্যক লাইট মেচিনগান(এলএমজি) আৰু অন্যান্য স্বয়ংক্ৰিয় অস্ত্ৰেৰে নিৰাপত্তা বাহিনীৰ ওপৰত ধাৰাষাৰে গুলীবৰ্ষণ কৰিছিল। দলটোত ৭০০ৰপৰা ৭৫০ গৰাকী নক্সালবাদী আছিল আৰু তেওঁলোকে আক্ৰমণ কৰি নিৰাপত্তাৰক্ষীৰ দলটোক ছত্ৰভংগ দিয়াইছিল।” সঞ্চালক প্ৰধান কুলদীপ সিঙে পুনৰ কয়।

লগতে পঢ়ক : ছত্তিশগড়ত মাওবাদীৰ আক্ৰমণ : অতি কমেও ২১ গৰাকী নিৰাপত্তাৰক্ষী জোৱান নিখোজ

প্ৰশ্ন হয় যদি চোৰাংচোৱাই সঠিক খবৰেই দিছিল তেনে বৃহৎ পৰিমাণৰ অস্ত্ৰেৰে সজ্জিত ৭৫০ মাওবাদীক উৎখাত কৰিবলৈ অভিযানকাৰী দলটোত মাত্ৰ ৪৫০ গৰাকী নিৰাপত্তাৰক্ষী আৰু কোব্ৰা বেটেলিয়ন কিয় গৈছিল?

ইফালে সঞ্চালক প্ৰধান গৰাকীয়ে বাৰে বাৰে চোৰাংচোৱা বিফলতাক অস্বীকাৰ কৰি পুনৰ কয় যে সমন্বয়, বুদ্ধিমত্তা, কাৰ্যকৰী, শক্তিশালীকৰণ বা উদ্ধাৰৰ কোনো অংশত কোনো ত্ৰুটি নাছিল।

কমাণ্ডেণ্ট পৰ্যায়ৰ বিষয়াসকলৰ উপস্থিতিতে সকলো ৰণনীতি ঠিক কৰা হৈছিল বুলি দাবী কৰি সিঙে কয় যে মাওবাদীয়ে অভিযানকাৰী দলটোৰ ওপৰত আক্ৰমণ কৰি ছত্ৰভংগ দিয়াইছিল আৰু একে সময়তে নিৰাপত্তা বাহিনীৰ সদস্যসকলে আহতসকলক সুৰক্ষা দিবলগীয়া হৈছিল।

নিৰাপত্তা বাহিনীৰ দলটোৱে ৮-৯ কিলোমিটাৰ খোজ কাঢ়ি মাওবাদীৰ বিৰুদ্ধে অভিযান চলোৱা বুলি দাবী কৰি সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে মাওবাদীসকলে গাঁৱত ঘৰবোৰত প্ৰৱেশ কৰি নিজকে সুৰক্ষিত কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

September 19, 2025 9:20 pm
নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

September 19, 2025 8:51 pm
জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ

September 19, 2025 8:13 pm
মণিপুৰত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, কেইজনো আহত

মণিপুৰত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, কেইজনো আহত

September 19, 2025 8:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

September 19, 2025 9:20 pm
নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

September 19, 2025 8:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd