• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাওবাদীৰ জিম্মাতে আছে অপহৃত কামাণ্ডো; শিবিৰসহ অপহৃত কামাণ্ডোৰ ফ’টো ভাইৰেল কৰিলে মাওবাদীয়ে

অপহৃত জোৱানক মুকলি কৰিবলৈ চৰকাৰক মধ্যস্থতাকাৰী নিয়োগৰ দাবী মাওবাদীৰ; চৰকাৰৰ নাই কোনো সঁহাৰি!

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2021 5:13 pm
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩ এপ্ৰিলত মাওবাদীৰ এম্বুশত ২২ জনকৈ নিৰাপত্তাৰক্ষী নিহত আৰু ৩১ গৰাকী আহত হোৱাৰ লগতে বহু নিৰাপত্তাৰক্ষী নিখোজ হৈছিল।

এই এম্বুশৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছট্টিশগড় ভ্ৰমণ কৰি মাওবাদীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিবলৈ নিৰ্দেশ দিয়ে আৰু ঘটনা সংঘটিত হোৱা বিজাপুৰৰ পাহাৰীয়া অৰণ্যাঞ্চলত মাওবাদী বিৰুদ্ধে প্ৰায় ২০০০ নিৰাপত্তাৰক্ষীয়ে অভিযান আৰম্ভ কৰে।

Apply Now

ইয়াৰ পিছতে নিষিদ্ধ ঘোষিত সংগঠনটোৱে এক বিবৃতিৰ যোগে তেওঁলোকৰ যুঁজ নিৰাপত্তা বাহিনীৰ জোৱানৰ বিৰুদ্ধে নহয়, এই যুঁজ পুঁজিবাদ আৰু দেশত অব্যাহত থকা ব্ৰাহ্মণ্যবাদৰ বিৰুদ্ধে বুলিহে দাবী কৰে।

এই দাবীৰ পিছতে মাওবাদী সংগঠনটোৱে বুধবাৰে নিখোজ হোৱা এজন কামাণ্ডো তেওঁলোকৰ জিম্মাত থকা বুলি দাবী কৰি মাওবাদীৰ শিবিৰসহ কামাণ্ডো জোৱান ৰাখেশ্বৰ সিং মানহাছৰ ফ’টো ভাইৰেল কৰিছে।

স্মৰ্তব্য যে মংগলবাৰে নিষিদ্ধ ঘোষিত মাওবাদী সংগঠনটোৱে হিন্দীত প্ৰকাশ কৰা এটা বিবৃতিৰ যোগে এম্বুশৰ সময়ত অপৰহণ কৰি নিয়া মানহাছ নামৰ কামাণ্ডোজন তেওঁলোকৰ জিম্মাতে সুস্থ শৰীৰেৰে থকাৰ কথা উল্লেখ কৰি তেওঁক মুকলি কৰি নিবলৈ চৰকাৰক মধ্যস্থতাকাৰী নিয়োগ কৰিবলৈ দাবী জনাইছিল।

লগতে পঢ়ক : ছত্তিশগড়ৰ আক্ৰমণৰ পিছত অভিভাৱকসকললৈ মাওবাদীৰ আহ্বান; ‘সন্তানক নিৰাপত্তা বাহিনীলৈ নপঠাব‘

কিন্তু মাওবাদী সংগঠনটোৰ দাবীৰ প্ৰতি ছট্টিশগড় চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ সঁহাৰি প্ৰকাশ কৰা নাই। ইপিনে মাওবাদীয়েও জোৱানজনক মুকলিৰ বাবে কোনো ধৰণৰ দাবী চৰকাৰৰ ওচৰত পেচ কৰা নাই।

আনহাতে অপহৃত কামাণ্ডো জোৱানজনৰ সন্ধানত নিৰাপত্তা বাহিনীয়ে স্থানীয় গঞা, দল-সংগঠন, প্ৰতিনিধি আৰু সংবাদকৰ্মীসকলৰ সৈতে যোগাযোগ কৰি থকাৰ কথা প্ৰকাশ কৰিছিল নিৰাপত্তা বাহিনীৰ এজন উচ্চ পৰ্যায়ৰ বিষয়াই।

ইফালে, জনজাতীয় সক্ৰিয় কৰ্মী চনী চুৰীয়ে সংৰ্ঘষৰ স্থলীলৈ গৈ মাওবাদী সংগঠনটোক অপহৃত জোৱানজনক মুকলি কৰি দিবলৈ আহ্বান জনাইছে।

পত্নীয়েও জোৱানজনক সুস্থ শৰীৰেৰে মুকলি কৰি আনিবলৈ চৰকাৰক আহ্বান জনাইছে। কিন্তু এইক্ষেত্ৰত এতিয়ালৈকে ছট্টিশগড় চৰকাৰে কোনো উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

মাওবাদীয়ে বিবৃতিৰ যোগে মধ্যস্থতাকাৰীৰ নিয়োগ কৰিবলৈ দাবী জনোৱাৰ পিছতো ছট্টিশগড় চৰকাৰে জোৱানজনক মুকলি কৰিবলৈ কিয় কোনো ধৰণৰ উদ্যোগ লোৱা নাই সেই সম্পৰ্কে বিভিন্ন মহলত প্ৰশ্নৰ উদ্ৰেক হৈছে।

ইফালে ছট্টিশগড় চৰকাৰে মুকলি কৰি নিনিয়া পৰ্যন্ত মাওবাদীয়ে জোৱানজনক সুৰক্ষিতভাৱে নিজৰ জিম্মাত ৰখা হ’ব বুলি ঘোষণা কৰিছে।

“চৰকাৰে মধ্যস্থতাকাৰীৰ নাম ঘোষণা কৰিব লাগিব। তাৰ পিছত আমি জোৱানজনক আমাৰ জিম্মাৰ পৰা মুকলি কৰিম। তেতিয়ালৈকে তেওঁ আমাৰ নিৰাপত্তাৰ অধীনত সুৰক্ষিত হৈ থাকিব।” বিকল্প নামৰ মাওবাদীৰ এজন মুখপাত্ৰই বিবৃতিটোত এইদৰে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am
চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd