এবিএমছুৰ সভাপতিক বিদেশীৰ অপবাদ : ৰাজনৈতিক চক্ৰান্তৰ অভিযোগ সংগঠনটোৰ

এবিএমছু

কোকৰাঝাৰত শনিবাৰে অনুষ্ঠিত এবিএমছুৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চূড়ান্ত নৌহওঁতেই মহামান্য উচ্চতম ন্যায়ালয় আৰু ৰাজ্যৰ গৃহ বিভাগক ভেঙুচালি কৰি বঙাইগাওঁৰ মাজাৰুল হক নামৰ এগৰাকী ব্যক্তিয়ে চক্ৰান্তমূলকভাৱে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ সভাপতি শ্বাহকামাল খন্দকাৰক বিদেশী সজোৱাৰ অপপ্ৰচাৰত লিপ্ত হোৱাত বিটিএডিৰ সৰ্বত্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

অভিযোগ মতে,এবিএমছুৰ সভাপতি শ্বাহকামাল খন্দকাৰে এনআৰচিৰ খচৰাত তেখেতৰ আজো ককা মফিজুদ্দিনৰ ১৯৫১ চনৰ লিগেচী ডাটা ব্যৱহাৰ কৰি দেউতাকৰ বংশবৃক্ষৰ সংযোগী নথিপত্ৰৰে আবেদন কৰিছিল যদিও দ্বিতীয় খচৰাত শ্বাহকামাল খন্দকাৰৰ লগতে পৰিয়ালটোৰ দুই-চাৰি গৰাকী ব্যক্তিৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ গইনালৈ এটা চক্ৰই বিদেশীৰ অপবাদ জাপি দিয়ে ৷

মাজাৰুল হক নামৰ ব্যক্তিজনে ৰাজনৈতিক চক্ৰান্তৰ শ্ৰুতলিপিত বিটিএডিৰ এবিএমছু নামৰ ছাত্ৰ সংগঠনটোৰ সভাপতি শ্বাহকামাল খন্দকাৰক বিদেশীৰ অপবাদ জাপি দিয়া কাৰ্যক লৈ খড়্গহস্ত হৈ পৰিছে সংগঠনটো।

শনিবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত এবিএমছুৰ সভাপতি শ্বাহকামাল খন্দকাৰে কয় যে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলা এন আৰ চিৰ কাম সম্পূৰ্ণ নৌহওঁতেই চক্ৰান্তমুলকভাৱে বিদেশী বুলি অপবাদ দিয়া কাৰ্যই প্ৰকৃততে আদালত অৱমাননা কৰাকে সূচাইছে।

সংবাদমেলত এবিএমছুৰ সভাপতি গৰাকীয়ে তেওঁৰ বিৰুদ্ধে বিদেশী বুলি চলা অপপ্ৰচাৰক ভিত্তিহীন আখ্যা দি মাজাৰুল হক নামৰ ব্যক্তিগৰাকীৰ সৎ সাহস থাকিলে তথ্য দাঙি ধৰাৰ প্ৰত্যাহ্বান জনায় ৷ সংবাদমেলত এন আৰ চিৰ কাম সম্পূৰ্ণ নৌহওঁতেই মাজাৰুল হকে ব্যক্তিগতভাৱে তেওঁক বিদেশী বুলি আগতীয়াকৈ ৰায় দিয়াত ক্ষুব্ধ হৈ মাজাৰুলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ দিয়ে খন্দকাৰে ৷

মাজাৰুল হক নামৰ ব্যক্তিজনে কাৰোবাৰ ৰাজনৈতিক চক্ৰৰ ছত্ৰছায়াত থাকি এবিএমছুৰ সাংগঠনিক ভাৱমূৰ্তি বিনষ্ট কৰাৰ চক্ৰান্ত কৰা বুলি অভিযোগ কৰি এনে চক্ৰান্তকাৰীক ওফৰাৱলৈ এবিএমছু সাজু বুলি সকীয়াই দিয়ে ৷

আনহাতে যোৱা ৩০ জুলাইত প্ৰকাশিত এন আৰ চিৰ চুড়ান্ত খচৰাত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সদস্যকে ধৰি বহু খিলঞ্জীয়াৰ বৈধ নথিপত্ৰ থকা সত্বেও ৪০ লক্ষাধিক মানুহৰ নাম বাদ পৰিছে বুলি উল্লেখ কৰি নাম অন্তৰ্ভুক্ত নোহোৱা নাগৰিকক লৈ মাজাৰুল হক নামৰ ব্যক্তি গৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ নীতি নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি সেইসকলক বিদেশী বুলি অপপ্ৰচাৰ চলোৱাত এবিএমছুৱে তীব্ৰ নিন্দা কৰিছে ৷

উল্লেখ্য যে দেশৰ গৃহ মন্ত্ৰালয়ে এন আৰ চিৰ দ্বিতীয় খচৰাত বাদ পৰা নাগৰিকক শংকিত নহবলৈ আৰু কোনো ধৰণৰ বিদেশীৰ অপবাদ জাপি নিদিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল ৷ তেনেক্ষেত্ৰত বঙাইগাওঁৰ মাজাৰুল হক নামৰ ব্যাক্তিগৰাকীয়ে গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনাকো ভেঙুচালি কৰি হ’কে বিহকে এবিএমছুৰ সভাপতি শ্বাহকামাল খন্দকাৰক বিদেশী বুলি অপপ্ৰচাৰ চলাই ৰাজ্যৰ আইন শৃংখলা বিঘ্নিত কৰিবলৈ পশ্চিমবংগৰ এক ৰাজনৈতি দলৰ শ্ৰুতলিপিত কাম কৰাত গভীৰ উদ্বেগ ব্যক্ত কৰিছে এবিমএছুয়ে ৷

এইক্ষেত্ৰত এন আৰ চিৰ চূড়ান্ত প্ৰক্ৰিয়াত অপপ্ৰচাৰেৰে বিঘ্নিত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা মাজাৰুল হকৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে আইনী ব্যৱস্থা লোৱাৰ বাবে চৰকাৰৰ ওচৰত দাবী তোলে এবিএমছুৱে ৷ সাংবাদিকমেলত এবিএমছুৰ মুখ্য সাংগঠনিক সম্পাদক সাহানুৰ ৰহমান,কাৰ্যকৰী সভাপতি আবুছায়েদ আনচাৰী, উপসভাপতি আলি আজম সেখ,জিলা মুখ্য উপদেষ্টা জবান আলি আকন্দ আৰু জিলা সভাপতি জাইদুল ইছলামকে ধৰি আন কেইবাগৰাকী ছাত্ৰনেতা উপস্থিত আছিল ৷