• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ এন আৰ চি চূড়ান্ত; বিদেশী ন্যায়াধীকৰণৰ নিৰ্দেশে স্পষ্ট কৰিলে এই কথা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 20, 2021 8:40 am
WhatsApp Image 2021-09-20 at 8.32.02 AM

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ মহাপঞ্জীয়কে অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)ক আইনী নথি হিচাপে এক জাননী জাৰি কৰিবলৈ বাকী আছে যদিও এখন বিদেশী ন্যায়াধীকৰণে এগৰাকী ব্যক্তিক ভাৰতীয় হিচাপে ঘোষণা কৰাৰ সময়ত এখোপ আগবাঢ়ি গৈ ইয়াক ‘চূড়ান্ত এন আৰ চি’ হিচাপে বৈধতা দিলে।

দ্য হিন্দুত প্ৰকাশিত বাতৰি মতে এন আৰ চিৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱা জমিৰালা গাঁৱৰ বিক্ৰম সিংহ নামৰ এগৰাকী ব্যক্তিৰ এক গোচৰৰ শুনানিত কৰিমগঞ্জ চহৰৰ বিদেশী ন্যায়াধীকৰণৰ সদস্য শিশিৰ দে’ই কয় যে ২০১৯ত প্ৰকাশ পোৱা অসমৰ এন আৰ চি চূড়ান্ত তাত কোনো সন্দেহ নাই।

Apply Now

উল্লেখ্য যে যোৱা ৪ ছেপ্টেম্বৰত অসম চৰকাৰৰ ৰাজনৈতিক (বি) বিভাগে এক পত্ৰযোগে বিদেশী ন্যায়াধীকৰণসমূহক ‘গুৰুত্বপূৰ্ণ আদেশ/নিৰ্দেশনা’ নিদিবলৈ তথা ‘মন্তব্য’ দিওতে ১৯৬৪চনৰ বিদেশী ন্যায়াধীকৰণে বান্ধি দিয়া নিৰ্দেশনাত অটল থাকিবলৈ কোৱা হৈছিল।

সন্দেহজনক বিদেশী বা সন্দেহজনক ভোটাৰৰ গোচৰত বিদেশী ন্যায়াধীকৰণৰ সদস্যই দিয়া ‘মন্তব্যসমূহৰ’ ৰাজ্যিক ন্যায়িক বিভাগৰ দ্বাৰা কৰা পৰ্যালোচনাৰ পাছতে অসম চৰকাৰে বিদেশী ন্যায়াধীকৰণসমূহক এই পত্ৰ দিছিল।

কিন্তু অসম চৰকাৰৰ এই নিৰ্দেশনাৰ কেইদিন পাছতে বিদেশী ন্যায়াধীকৰণে বিক্ৰমজিৎ সিংহৰ গোচৰত দিয়া মন্তব্যই স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

অসম আৰক্ষীৰ সীমান্ত শাখাই যোৱা ২০০৮চনৰ মে’ মাহত কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত জমিৰালা গাঁৱৰ বিক্ৰমজিৎ সিংহৰ বিৰুদ্ধে এটা গোচৰ তৰিছিল।

‘ডি’ ভোটাৰ হিচাপে চিনাক্ত কৰা এই ব্যক্তিগৰাকী ২৮ জুনলৈকে শুংসূত্ৰ নোহোৱাকৈ থকাৰ পাছত দুমাহ পাছত কৰিমগঞ্জ চহৰৰ বিদেশী ন্যায়াধীকৰণত উপস্থিতি হৈ তেওঁ কৰ্মৰত বেংগালুৰুৰ পৰা উভতি অহাৰ বাবে সময় বিচাৰিছিল।

বিক্ৰমজিৎ সিংহই তেওঁৰ নাগৰিকত্ব প্ৰমানৰ বাবে বিদেশী ন্যায়াধীকৰণৰ আগত কেইবাটাও নথি দাখিল কৰিছিল।

ইয়াৰ ভিতৰত তেওঁৰ ককাক মদন কুমাৰ সিংহৰ নামত থকা ১৯৬৮চনৰ মাটিৰ দলিল আৰু তেওঁৰ পিতৃয়ে ১৯৭২চনৰ পৰা ভাৰতীয় বিমান বাহিনীৰ কৰ্মচাৰী হিচাপে ২৯ বছৰ কাম কৰাৰ প্ৰমান পত্ৰও আছে।

যোৱা ১ছেপ্টেম্বৰত বিদেশী ন্যায়াধীকৰণৰ সদস্য শিশিৰ দে’ই লোৱা গোচৰটোৰ শুনানিৰ সময়ত গোচৰীয়া পক্ষৰ অধিবক্তাই যুক্তি দিছিল যে সিংহৰ পৰিয়ালে ১৯৬৬চনৰ পূৰ্বে ভাৰতত বসবাস কৰাটো প্ৰমান কৰিবলৈ কোনো নথি নাই।

অধিবক্তাগৰাকীয়ে ২০১২চনৰ ২০অক্টোবৰত অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে প্ৰকাশ কৰা ‘হোৱাইট পেপাৰ অন ফৰেইনাৰছ ইচ্ছ্যু’ৰ প্ৰংসগ উত্থাপন কৰে য’ত কোৱা হৈছে যে ১৯৫০ চনৰ ২৬জানুৱাৰী আৰু ১৯৮৭চনৰ ১ জুলাইৰ ভিতৰত জন্মগ্ৰহণ কৰা সকলোকে তেওঁৰ পিতৃ-মাতৃৰ জাতীয়তা যিয়েই নহওক জন্মসূত্ৰে ভাৰতীয় হিচৈপে বিবেচনা কৰা হ’ব পাৰে।

বিদেশী ন্যায়াধীকৰণৰ সদস্য শিশিৰ দে’ই উল্লেখ কৰে কৰে যে সিংহৰ নথিয়ে তেওঁৰ পিতৃ তথা ককাক ১৯৬৮চনৰ পূৰ্বে জমিৰালাত গাঁৱত বসবাস কৰাৰ কথাকেই ইংগিত কৰে।

সদস্যগৰাকীয়ে লগতে উল্লেখ কৰে যে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত সম্পন্ন হোৱা  এন আৰ চিত সিংহৰ নাম সন্নিৱিষ্ট হৈছে।

‘’চূড়ান্ত এন আৰ চি ২০১৯ৰ ৩১ আগষ্টত প্ৰকাশ পাইছে যিখন এন আৰ চি আছামৰ ৱেবছাইটত উপলব্ধ তাতো ইয়াক ‘চূড়ান্ত এন আৰ চি’ হিচাপে উল্লেখ কৰা হৈছে। এই আইনী অৱস্থান এতিয়াও বাহাল আছে। চূড়ান্ত এন আৰ চিত যিসকলৰ নাম অন্তৰ্ভুক্ত হৈছে সেই নাগৰিকসকলক ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ দিয়া হোৱা নাই। কিন্তু সন্দেহ নাই যে ২০১৯চ প্ৰকাশ পোৱা এন আৰ চি আছাম চূড়ান্ত এন আৰ চিৰ বাহিৰে আন নহয়,’’-নিৰ্দেশটোত এইদৰে কোৱা হয়।

নিৰ্দেশনাটোত স্পষ্ট কৰি দি কোৱা হয়,’’মোৰ বিবেচনা যে বিপক্ষ পাৰ্টি (সিংহ) এগৰাকী বিদেশী নহয় কিন্তু এগৰাকী ভাৰতীয় নাগৰিকহে।‘’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd