আৰিফ খান, সামাজিক মাধ্যমত এক মনোমোহা কাৰ্যৰ বাবে যথেষ্ট চৰ্চিত হৈ পৰিছিল এই ব্যক্তিগৰাকী। উত্তৰ প্ৰদেশৰ এই ব্যক্তিগৰাকীয়ে এটি বিশেষ প্ৰজাতিৰ বন্য পক্ষীক উদ্ধাৰ কৰি নিজাকৈ পক্ষীটোৰ যত্ন লৈছিল। এবছৰ ধৰি পক্ষীটোৰ যত্ন লোৱাৰ পিছত দুয়োগৰাকীৰ মাজত গঢ়ি তুলিছিল মধুৰ সম্পৰ্ক।
আৰিফ খানে পক্ষীটোৰ সৈতে কটোৱা বিভিন্ন অন্তৰংগ মুহূৰ্তৰ দৃশ্য সামাজিক মাধ্যমত বহুলভাৱে জনপ্ৰিয় হৈ পৰিছিল। পিছে এই কাৰ্যৰ বাবে এতিয়া যোগী চৰকাৰৰ বন বিভাগৰ ৰোষত পৰিছে আৰিফ খান। উত্তৰ প্ৰদেশ বন বিভাগে শেহতীয়াকৈ খানৰ ওচৰৰ পৰা পক্ষীটোক আঁতৰাই নিয়াৰ পিছতে এতিয়া তেওঁৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ।
আমেথি জিলাৰ মাণ্ডখা নামৰ এখন গাঁৱৰ বাসিন্দা আৰিফ খান গুৰ্জাৰৰ সৈতে বাস কৰা এই পক্ষীটো তেওঁৰ পৰিয়ালৰ সদস্যৰ দৰে হৈ পৰিছিল। আৰু যোৱা ২১ মাৰ্চত বন বিভাগৰ বিষয়াসকলে পক্ষীটোক খানৰ ওচৰৰ পৰা আঁতৰাই নিছিল।
পক্ষীটোক প্ৰাকৃতিক পৰিৱেশত থাকিবলৈ দিয়াৰ বাবে ৰায়ে বৰেলীৰ সমসপুৰ অভয়াৰণ্যলৈ স্থানান্তৰ কৰা হৈছে বুলি বন বিভাগৰ এগৰাকী বিষয়াই জানিবলৈ দিছিল। এতিয়া বিভাগে আৰিফ খানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি এক জাননী জাৰি কৰিছে।
এই জাননী যোগে খানক অহা ৪ এপ্ৰিলত গৌৰীগঞ্জৰ সংমণ্ডল বন বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ বক্তব্য লিপিবদ্ধ কৰিবলৈ নিৰ্দেশ দিছে বন বিভাগে। বন্যপ্ৰাণী সুৰক্ষা আইনৰ প্ৰাসংগিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে খানৰ বিৰুদ্ধে।