NORTHEAST NOW (Assamese)

হোজাইত কাঠফলা মিলৰ সৈতে বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

February 1, 2019 10:30 am · নিখিল মুন্দ্ৰা
ফটো : নৰ্থ-ইষ্ট নাও

হোজাই জিলাৰ দক্ষিণ নগাঁও বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া পুলক কুমাৰ চৌধুৰীৰ নিৰ্দেশত ডবকা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত মোৰাঝাৰৰ চৌধুৰী বজাৰত আজি এক অভিযান চলাই বন বিভাগৰ দলে এটি কাঠফলা মিল আৰু বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়।

ডবকাৰ মদাৰতলিৰ বিট অফিচাৰ ৰাহুল বৰাৰ নেতৃত্বত বন বিভাগৰ দলটোৱে চলোৱা অভিযানত চৌধুৰী বজাৰৰ মধ্যম চামৰআলিৰ নাজিম উদ্দিন আৰু আব্দুল মালিকৰ ঘৰৰ পৰা চোৰাং কাঠ সমূহৰ লগতে অবৈধ কাঠফলা মিলটো জব্দ কৰে। মিলটোৰ গৰাকী নাজিম উদ্দিন বুলি অভিযানকাৰী দলটোৱে প্ৰকাশ কৰে।

উল্লেখ্য যে, কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী এই অঞ্চলটোত কাৰ্বি পাহাৰৰ পৰা যথেষ্ট পৰিমাণৰ কাঠ চোৰাংকৈ আনি এই কাঠফলা মিল সমূহৰ জৰিয়তে স্থানীয় একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে বন বিভাগৰ চকুত ধূলি দি এক ৰমৰমীয়া ব্যৱসায় চলাই গৈছিল।

সম্প্ৰতি চৌধুৰী বজাৰ, হাতিখালী আদি অঞ্চলতো একাংশ চোৰাং ব্যৱসায়ীয়ে বন বিভাগৰ লোকৰ সহযোগত অবৈধ মিল বহুৱাই চোৰাং কাঠৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছে বুলি বিভিন্ন লোকে অভিযোগ উত্থাপন কৰিছে।

Related News