NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাত চোৰাং কাঠ মাফিয়াৰ বিৰুদ্ধে অভিযান; কাঠ আৰু যন্ত্ৰ চালিত কৰত জব্দ

August 29, 2018 5:15 pm · মানস প্ৰতিম গগৈ

ডিগবৈ বনসংমণ্ডলৰ অধীনৰ মাৰ্ঘেৰিটা দিহিং পাটকাই অভয়াৰণ্যৰ ডিৰক মুখত আজি পুৱতি নিশা বন বিভাগে চোৰাং কাঠ মাফিয়াৰ বিৰুদ্ধে অভিযান চলাই ৩০ চি এফ টিৰো অধিক কাঠ আৰু দুখন যন্ত্ৰ চালিত কৰত জব্দ কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য মতে, এক গোপন সূত্ৰৰ পম খেদি দিহিং পাটকাই অভয়াৰণ্যৰ লেখাজান বিট কাৰ্যালয়ৰ অধীনৰ ডিৰক মুখত মাৰ্ঘেৰিটা পশ্চিম বনাঞ্চলিক বন বিষয়া পিংকু সিঙৰ নেতৃত্বত যোৱা বন বিভাগৰ এটা দলে এই অভযান চলায়। আনহাতে চোৰাং কাঠ মাফিয়াই বন বিভাগৰ অভিযানৰ কথা গম পাই যন্ত্ৰ চালিত দুখন কাঠ ফলা কৰত আৰু ৩০ চি এফ টি কাঠ বনাঞ্চলতে পেলাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

উল্লেখযোগ্য যে কিছুদিনৰ পৰা একাংশ চোৰাং কাঠ মাফিয়াই বনাঞ্চলখনত অবাধে মূল্যৱান গছ কাটি সৰবৰাহ কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ এনে ক্ষেত্ৰত আজিৰ এই অভিযানৰ পিছত বন বিভাগে চোৰাং কাঠ মাফিয়াৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত আৰু কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

Related News