তিনিচুকীয়া জিলাৰ শদিয়া আঞ্চলিক বন বিষয়া বিবিধ দিহিঙীয়াৰ নেতৃত্বত যোৱা এটা বন বিভাগৰ দলে এক গোপন সূত্ৰৰ পম খেদি অসম-অৰুণাচল সীমান্তৰ চুনপুৰা ১৩ মাইল অঞ্চলৰ লোহিত নদীৰ পাৰৰ পৰা আজি প্ৰায় ৫ লাখ টকাৰ খয়েৰ কাঠ জব্দ কৰে।
জব্দকৃত কাঠখিনি পিছত স্থানীয় ৰাইজৰ সহযোগত ৪খন ট্ৰেক্টৰেৰে চাপাখোৱা আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়লৈ লৈ অনা হয়।
উল্লেখযোগ্য যে এমাহ পূৰ্বে উক্ত বিষয়াজনৰ নেতৃত্বত বন বিভাগৰ দলে শদিয়াৰ বছা গাঁৱৰ পৰা ২ লাখতকৈ অধিক টকাৰ কাঠ জব্দ কৰিছিল যদিও কাঠ আৰু মেচিন নাওসহ চোৰাং কাঠ ব্যৱসায়ী চক্ৰটো পলাই যাবলৈ সক্ষম হৈছিল৷
ইয়াৰ পাছৰে পৰা খয়ৰ কাঠৰ চোৰাং বেহাৰ বিৰুদ্ধে শদিয়া বন বিভাগে তীব্ৰ অভিযান অব্যাহত ৰাখিছিল আৰু আজি বৃহৎ পৰিমাণৰ চোৰাং খয়ৰ কাঠ জব্দ কৰিবলৈ সক্ষম হয়৷
এক সূত্ৰৰ মতে একাংশ ৰাজনৈতিক নেতাৰ ঘনিষ্ঠৰ সহযোগত অৰুণাচল প্ৰদেশৰ পৰা চোৰাংকৈ খয়ৰ কাঠ সৰবৰাহ কৰা হয়।
তদুপৰি একাংশ বন বিষয়াৰ চত্ৰছায়াত উজনি অসমত ব্যাপক হাৰত চোৰাং কাঠৰ চিণ্ডিকেট চলি থকাৰ অভিযোগ উঠিছে। ধলাৰ এটা প্ৰতিষ্ঠানৰ নামত ভুৱা ব্যৱসায় অনুজ্ঞাপত্ৰ (টি পি) নিৰ্মাণ কৰি বন মাফিয়াই দেশৰ বিভিন্ন প্ৰান্তলৈ চোৰাং কাঠ সৰবৰাহ কৰি আহিছে।
আজিৰ অভিযানৰ পাছত বন মাফিয়াৰ বিৰুদ্ধে বন বিভাগে পৰৱৰ্তী সময়ত কেনে অভিযান চলাই সেইয়া লক্ষণীয় হ’ব।