আলজেৰিয়াত ভয়ংকৰ বনজুইত ৩৪ জন লোকৰ মৃত্যু; হাজাৰ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ

ফটো: সংগ্ৰহীত।

উত্তৰ আফ্ৰিকাৰ দেশ আলজেৰিয়া ভয়ংকৰ বনজুইয়ে গ্ৰাস কৰিছে। দেশজুৰি বিয়পি পৰা এই বনজুইত কমেও ৩৪ জন লোকৰ মৃত্যু হৈছে আৰু বহু লোক আহত হয়। ইয়াৰ উপৰিও বনজুইৰ বাবে হাজাৰ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। আন্তৰ্জাতিক সংবাদ মাধ্যমৰ বাতৰিত এই তথ্য প্ৰকাশ পাইছে।

বাতৰি অনুসৰি, সমগ্ৰ আলজেৰিয়াত বনজুইৰ ফলত কমেও ৩৪ জন লোকৰ মৃত্যু হৈছে বুলি দেশখনৰ গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। সোমবাৰে উত্তৰ আফ্ৰিকাৰ এই দেশখনৰ ১৬খন প্ৰদেশত ৯৭টা বনজুইৰ ঘটনা ৰেকৰ্ড কৰা হৈছে।

লগতে পঢ়ক: হিংসাত্মক পৰিস্থিতিৰ মাজতে ম্যানমাৰৰ ৭০০ৰো অধিক নাগৰিকৰ মণিপুৰত প্ৰৱেশ

এই অগ্নিকাণ্ডত বহু পৰিমাণে বনাঞ্চল, শস্য আৰু কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। হাজাৰ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। প্ৰায় ৮ হাজাৰ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণৰ বাবে কাম কৰি আছে বুলিও কৰ্তৃপক্ষই জনাইছে। অগ্নিকাণ্ডৰ কাৰণ জানিবলৈ বিভাগীয় তদন্ত আৰম্ভ কৰিছে কৰ্তৃপক্ষই।

বিবিচিৰ বাতৰি মতে, ফেনাইয়া, বেজাইয়া, জাবৰবাৰা আৰু বুইৰাত ২৬ জন লোক আহত হোৱাৰ লগতে ১৫০০ লোকক ঘৰৰ পৰা উলিয়াই অনা হৈছে।

লগতে পঢ়ক:Honda Monkey: নতুন বাইক ১২৫ চিচিৰ হোণ্ডা মাংকি মুকলি; চেহেৰা দেখি লাগিব ভেল্কি!

আলজেৰিয়াৰ কাবিলে অঞ্চলত সংঘটিত হৈছে আটাইতকৈ ভয়াৱহ অগ্নিকাণ্ড। আলজিয়াৰ্ছৰ পূব দিশৰ পাহাৰীয়া অঞ্চলৰ পৰা উপকূলীয় চহৰ বেজাইয়া আৰু জিচেলেৰ আৱাসিক অঞ্চললৈ বিয়পি পৰে এই জুই। মূলতঃ প্ৰচণ্ড বতাহৰ বাবেই এই জুই দ্ৰুতগতিত বিয়পি পৰিছে।