• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিংসাত্মক পৰিস্থিতিৰ মাজতে ম্যানমাৰৰ ৭০০ৰো অধিক নাগৰিকৰ মণিপুৰত প্ৰৱেশ

আছাম ৰাইফলছক তেওঁলোকক ঘূৰাই পঠিওৱাৰ নিৰ্দেশ দিছে চৰকাৰে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 25, 2023 9:26 am
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ম্যানমাৰৰ পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ মাজতে দেশৰ ৭০০ৰো অধিক নাগৰিকে মণিপুৰত প্ৰৱেশ কৰিছে। দেশত সেনা আৰু অসামৰিক বাহিনীৰ মাজত চলি থকা সংঘৰ্ষৰ বাবে মণিপুৰৰ চান্দেল জিলাত ৩০১টা শিশু আৰু ২০৮গৰাকী মহিলাকে ধৰি ৭১৮গৰাকী ম্যানমাৰ নাগৰিকে প্ৰৱেশ কৰিছে বুলি সোমবাৰে এগৰাকী বিষয়াই প্ৰকাশ কৰে। ইপিনে, মণিপুৰত গোষ্ঠী সংঘাত এতিয়াও চলি আছে।

মণিপুৰৰ মুখ্য সচিব বিনীত যোশীয়ে এক বিবৃতিত কয় যে ৰাজ্য চৰকাৰে ম্যানমাৰৰ নাগৰিকসকলক ঘূৰাই পঠিয়াবলৈ আছাম ৰাইফলছক নিৰ্দেশ দিছে।

যোশীয়ে কয় যে চৰকাৰে এই ৭১৮ জন ম্যানমাৰ নাগৰিকক চান্দেল জিলাত কিয় আৰু কেনেকৈ উপযুক্ত ভ্ৰমণ নথি-পত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া হ’ল সেই সন্দৰ্ভত তথ্য আৰু কাৰণসমূহ স্পষ্ট কৰি অসম ৰাইফলছৰ পৰা বিশদ প্ৰতিবেদন বিচাৰিছে।

Apply Now

লগতে পঢ়ক: ভাৰতত মুছলমান জনসংখ্যা কিমান, সংসদত লিখিতভাৱে জনাইছে কেন্দ্ৰই

তেওঁ কয় যে ম্যানমাৰৰ সেই ৭১৮ জন অবৈধ নাগৰিকক শীঘ্ৰে বিতাড়িত কৰিবলৈ ৰাজ্য চৰকাৰে কঠোৰ নিৰ্দেশ দিছে আছাম ৰাইফলছক। ম্যানমাৰৰ এই নাগৰিকসকলে শনিবাৰ আৰু দেওবাৰে মণিপুৰত প্ৰৱেশ কৰি এতিয়া জিলাখনৰ সাতটা স্থান – লাজাং, বনছে, নিউ সামতাল, নিউ লাজাং, ইয়াংনমফাই, ইয়াংনমফাই ছ’ মিল আৰু এৱমজাঙত বসবাস কৰি আছে বুলিও তেওঁ কয়। এই আটাইকেইখন গাঁও ম্যানমাৰ সীমান্তৰ লগত সংলগ্ন।

যোশীয়ে লগতে কয় যে ৰাজ্য চৰকাৰে সীমান্তৰক্ষী বাহিনী হোৱাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশমৰ্মে বৈধ ভিছা আৰু ভ্ৰমণ নথি-পত্ৰ অবিহনে ম্যানমাৰৰ নাগৰিকৰ মণিপুৰত প্ৰৱেশ বন্ধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা ল’বলৈ অসম ৰাইফলছক অনুৰোধ জনাইছে। তেওঁ কয় যে ৰাজ্য চৰকাৰে ৭১৮ জন শৰণাৰ্থীৰ নতুন অবৈধ প্ৰৱেশক অতি সংবেদনশীলতাৰে তথা গুৰুত্বসহকাৰে লৈছে কিয়নো বিশেষকৈ ৰাজ্যখনত চলি থকা আইন-শৃংখলাৰ বিষয়সমূহৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ আন্তঃৰাষ্ট্ৰীয় প্ৰভাৱো থাকিব পাৰে।

মুখ্য সচিবগৰাকীয়ে চান্দেল জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক পৰিস্থিতিৰ সৈতে উপযুক্তভাৱে মোকাবিলা কৰিবলৈ আৰু লগতে এনে সকলো ব্যক্তিৰ বায়’মেট্ৰিক আৰু ফটো ৰাখিবলৈ কৈছে।

লগতে পঢ়ক: মণিপুৰত অব্যাহত হিংসা; এইবাৰ বিদ্যালয়ত অগ্নিসংযোগ দুস্কৃতিকাৰীৰ, চলিছে গুলীয়াগুলি

উল্লেখ্য যে ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ম্যানমাৰত সামৰিক অধিগ্ৰহণৰ পিছত হাজাৰ হাজাৰ ম্যানমাৰৰ লোক মিজোৰামলৈ পলায়ন কৰিছিল। ম্যানমাৰৰ প্ৰায় ৩৫ হাজাৰ পুৰুষ-মহিলা আৰু শিশু বৰ্তমান মিজোৰামত বসবাস কৰি আছে। একে সময়তে প্ৰায় ৫০০০ ম্যানমাৰৰ লোক মণিপুৰত আশ্ৰয় লৈছিল। মণিপুৰৰ ম্যানমাৰৰ সৈতে প্ৰায় ৪০০ কিলোমিটাৰ আৰু মিজোৰামৰ সৈতে প্ৰায় ৫১০ কিলোমিটাৰ উন্মুক্ত সীমা আছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

July 3, 2026 7:05 am
কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

July 3, 2026 7:05 am
কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd