চিমিলিপাল টাইগাৰ ৰিজাৰ্ভত চোৰাং চিকাৰীৰ গুলীত নিহত বনৰক্ষী; অসম আৰ্হি গ্ৰহণৰ পোষকতা বন বিষয়াৰ

ফটো: সংগ্ৰহীত।

সোমবাৰে সন্ধিয়া ওড়িশাৰ ময়ুৰভঞ্জ জিলাৰ ছিমিলিপাল টাইগাৰ ৰিজাৰ্ভত এদল চোৰাংচিকাৰীৰ গুলীচালনাত বনৰক্ষী এজন নিহত হোৱাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। নিহত বনৰক্ষীজন নানা চাউথ ৰেঞ্জৰ বিমল জেনা বুলি জানিব পৰা গৈছে।

সূত্ৰ অনুসৰি, বন বিষয়াৰ এটা দল ছিমিলিপাললৈ টহল দিবলৈ গৈছিল। ইয়াৰ মাজতে বিমলে একাংশ চোৰাং চিকাৰীক দেখা পাই তেওঁলোকক কৰায়ত্ত কৰাৰ লগতে তেওঁলোকৰ আগ্নেয়াস্ত্ৰ জব্দ কৰাৰ লক্ষ্যৰে তেওঁলোকক অনুসৰণ কৰিছিল।

কিন্তু চোৰাংচিকাৰীয়ে বিমলৰ ওপৰত গুলীচালনা কৰে। তেওঁৰ চিঞৰ শুনি আন বন বিষয়াসকলে সেই স্থানলৈ লৰালৰিকৈ যায় যদিও তেতিয়ালৈকে তেওঁৰ ইতিমধ্যে মৃত্যু হৈছিল।

লগতে পঢ়ক: আদালতৰ নিৰ্দেশ! আজি খড়গপুৰ আই আই টিৰ ছাত্ৰ ফাইজানৰ মৃতদেহৰ কবৰত চলোৱা হ’ব খনন

অলপ পিছতে বাংৰিপোছি আৰক্ষী থানাৰ আৰক্ষীৰ এটা দলে সেই স্থানত উপস্থিত হৈ বন বিষয়াৰ সহায়ত বিষয়টোৰ তদন্ত আৰম্ভ কৰে। অভিযানকাৰী দলে অস্ত্ৰসহ দুজন অভিযুক্তক আটক কৰিছে যদিও বাকীসকল পলাই যাবলৈ  সক্ষম হয়। পলাতক চোৰাং চিকাৰীৰ সন্ধানত তালাচী অভিযান আৰম্ভ কৰা হৈছে।

ইপিনে, বিমলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰিপদাৰ পণ্ডিত ৰঘুনাথ মুৰ্মু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

এই ঘটনাত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী ভূপেন্দৰ যাদবে টুইট কৰি বনৰক্ষীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

লগতে পঢ়ক: মাৰাত্মক ড্ৰাগছৰ কবলত অভিনেতা! আদিত্য সিং ৰাজপুতৰ মৃত্যু ৰহস্য; বাথৰুমত উদ্ধাৰ মৃতদেহ

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে টুইটত কয়, ‘’জানিবলৈ পাই মৰ্মাহত হৈছো যে ওড়িশাৰ চিমিলিপাল ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত বনৰক্ষী বিমল কুমাৰ জেনাক চোৰাং চিকাৰীয়ে হত্যা কৰিছে। ভাৰতৰ বন্যপ্ৰাণীক সুৰক্ষা দিবলৈ চেষ্টা কৰি কৰ্তব্যৰত অৱস্থাত জেনাৰ মৃত্যু ঘটে। তেওঁৰ ত্যাগৰ বাবে আমি ঋণী হৈ ৰ’ম। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক।‘’

উল্লেখ্য যে অসমৰ বাহিৰৰ সংৰক্ষিত বনাঞ্চলসমূহত বনৰক্ষী তথা বন বিষয়াসকলে শিৱিৰত থকাৰ পৰিৱৰ্তে ঘৰৰ পৰা গৈ কৰ্তব্য সম্পাদন কৰে। ইয়াৰ ফলত বনাঞ্চলসমূহত চলি থকা ঘটনাসমূহৰ লগতে বনাঞ্চলৰ পৰিৱেশৰ সৈতে একাত্ম হোৱাৰ সুযোগ নাপায়।

এই সন্দৰ্ভত কামৰূপ (পূব) সংমণ্ডলৰ ডিএফঅ’ ৰোহিনী বল্লভ শইকীয়াই নৰ্থ ইষ্ট নাওৰ আগত  কয় যে অসমৰ বন বিভাগে বনাঞ্চলসমূত থকা বন শিৱিৰসমূহত বনৰক্ষীসকলৰ লগতে বন বিষয়াসকলৰ উপস্থিতি নিশ্চিত কৰে। ফলত বনাঞ্চলৰ ভিতৰত চলা যিকোনো ঘটনাৰ বিষয়ে তাৎক্ষণিকভাৱে অৱগত হয়। ইয়াৰ বিপৰীতে অসমৰ বাহিৰৰ বনাঞ্চলসমূহত বনৰক্ষীকে ধৰি বন বিষয়াসকলে ঘৰৰ পৰাই গৈ কৰ্তব্য সম্পাদন কৰাৰ বাবে বনাঞ্চলৰ পৰিস্থিতি ভালদৰে বুজাত সক্ষম হ’ব নোৱাৰে।

লগতে পঢ়ক: জন্ম, মৃত্যুৰ তথ্য ভোটাৰ তালিকাৰ সৈতে সংযোগ কৰিবলৈ চৰকাৰে আনিব বিধেয়ক: গৃহমন্ত্ৰী শ্বাহ

এইক্ষেত্ৰত অসমৰ বাহিৰৰ বন বিভাগসমূহেও অসমৰ আৰ্হি গ্ৰহণ কৰাৰ পোষকতা কৰে বন বিষয়াগৰাকীয়ে। সেয়ে হ’লে চোৰাং চিকাৰকে ধৰি বনাঞ্চলত সংঘটিত হোৱা অপৰাধৰ মাত্ৰা বহু হ্ৰাস পাব বুলি তেওঁ কয়।