• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিমিলিপাল টাইগাৰ ৰিজাৰ্ভত চোৰাং চিকাৰীৰ গুলীত নিহত বনৰক্ষী; অসম আৰ্হি গ্ৰহণৰ পোষকতা বন বিষয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 23, 2023 11:44 am
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে সন্ধিয়া ওড়িশাৰ ময়ুৰভঞ্জ জিলাৰ ছিমিলিপাল টাইগাৰ ৰিজাৰ্ভত এদল চোৰাংচিকাৰীৰ গুলীচালনাত বনৰক্ষী এজন নিহত হোৱাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। নিহত বনৰক্ষীজন নানা চাউথ ৰেঞ্জৰ বিমল জেনা বুলি জানিব পৰা গৈছে।

সূত্ৰ অনুসৰি, বন বিষয়াৰ এটা দল ছিমিলিপাললৈ টহল দিবলৈ গৈছিল। ইয়াৰ মাজতে বিমলে একাংশ চোৰাং চিকাৰীক দেখা পাই তেওঁলোকক কৰায়ত্ত কৰাৰ লগতে তেওঁলোকৰ আগ্নেয়াস্ত্ৰ জব্দ কৰাৰ লক্ষ্যৰে তেওঁলোকক অনুসৰণ কৰিছিল।

কিন্তু চোৰাংচিকাৰীয়ে বিমলৰ ওপৰত গুলীচালনা কৰে। তেওঁৰ চিঞৰ শুনি আন বন বিষয়াসকলে সেই স্থানলৈ লৰালৰিকৈ যায় যদিও তেতিয়ালৈকে তেওঁৰ ইতিমধ্যে মৃত্যু হৈছিল।

Apply Now

লগতে পঢ়ক: আদালতৰ নিৰ্দেশ! আজি খড়গপুৰ আই আই টিৰ ছাত্ৰ ফাইজানৰ মৃতদেহৰ কবৰত চলোৱা হ’ব খনন

অলপ পিছতে বাংৰিপোছি আৰক্ষী থানাৰ আৰক্ষীৰ এটা দলে সেই স্থানত উপস্থিত হৈ বন বিষয়াৰ সহায়ত বিষয়টোৰ তদন্ত আৰম্ভ কৰে। অভিযানকাৰী দলে অস্ত্ৰসহ দুজন অভিযুক্তক আটক কৰিছে যদিও বাকীসকল পলাই যাবলৈ  সক্ষম হয়। পলাতক চোৰাং চিকাৰীৰ সন্ধানত তালাচী অভিযান আৰম্ভ কৰা হৈছে।

ইপিনে, বিমলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰিপদাৰ পণ্ডিত ৰঘুনাথ মুৰ্মু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

এই ঘটনাত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী ভূপেন্দৰ যাদবে টুইট কৰি বনৰক্ষীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

লগতে পঢ়ক: মাৰাত্মক ড্ৰাগছৰ কবলত অভিনেতা! আদিত্য সিং ৰাজপুতৰ মৃত্যু ৰহস্য; বাথৰুমত উদ্ধাৰ মৃতদেহ

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে টুইটত কয়, ‘’জানিবলৈ পাই মৰ্মাহত হৈছো যে ওড়িশাৰ চিমিলিপাল ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত বনৰক্ষী বিমল কুমাৰ জেনাক চোৰাং চিকাৰীয়ে হত্যা কৰিছে। ভাৰতৰ বন্যপ্ৰাণীক সুৰক্ষা দিবলৈ চেষ্টা কৰি কৰ্তব্যৰত অৱস্থাত জেনাৰ মৃত্যু ঘটে। তেওঁৰ ত্যাগৰ বাবে আমি ঋণী হৈ ৰ’ম। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক।‘’

উল্লেখ্য যে অসমৰ বাহিৰৰ সংৰক্ষিত বনাঞ্চলসমূহত বনৰক্ষী তথা বন বিষয়াসকলে শিৱিৰত থকাৰ পৰিৱৰ্তে ঘৰৰ পৰা গৈ কৰ্তব্য সম্পাদন কৰে। ইয়াৰ ফলত বনাঞ্চলসমূহত চলি থকা ঘটনাসমূহৰ লগতে বনাঞ্চলৰ পৰিৱেশৰ সৈতে একাত্ম হোৱাৰ সুযোগ নাপায়।

এই সন্দৰ্ভত কামৰূপ (পূব) সংমণ্ডলৰ ডিএফঅ’ ৰোহিনী বল্লভ শইকীয়াই নৰ্থ ইষ্ট নাওৰ আগত  কয় যে অসমৰ বন বিভাগে বনাঞ্চলসমূত থকা বন শিৱিৰসমূহত বনৰক্ষীসকলৰ লগতে বন বিষয়াসকলৰ উপস্থিতি নিশ্চিত কৰে। ফলত বনাঞ্চলৰ ভিতৰত চলা যিকোনো ঘটনাৰ বিষয়ে তাৎক্ষণিকভাৱে অৱগত হয়। ইয়াৰ বিপৰীতে অসমৰ বাহিৰৰ বনাঞ্চলসমূহত বনৰক্ষীকে ধৰি বন বিষয়াসকলে ঘৰৰ পৰাই গৈ কৰ্তব্য সম্পাদন কৰাৰ বাবে বনাঞ্চলৰ পৰিস্থিতি ভালদৰে বুজাত সক্ষম হ’ব নোৱাৰে।

লগতে পঢ়ক: জন্ম, মৃত্যুৰ তথ্য ভোটাৰ তালিকাৰ সৈতে সংযোগ কৰিবলৈ চৰকাৰে আনিব বিধেয়ক: গৃহমন্ত্ৰী শ্বাহ

এইক্ষেত্ৰত অসমৰ বাহিৰৰ বন বিভাগসমূহেও অসমৰ আৰ্হি গ্ৰহণ কৰাৰ পোষকতা কৰে বন বিষয়াগৰাকীয়ে। সেয়ে হ’লে চোৰাং চিকাৰকে ধৰি বনাঞ্চলত সংঘটিত হোৱা অপৰাধৰ মাত্ৰা বহু হ্ৰাস পাব বুলি তেওঁ কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd