নিৰ্বাচনী কামত ব্যস্ত বন বিভাগৰ কৰ্মচাৰী : তাৰ  মাজতে বৃহৎ বনজুয়ে ছানি ধৰিলে উত্তৰাখণ্ডৰ অৰণ্য

বনজুইৰ প্ৰকোপে ছানি ধৰিছে উত্তৰাখণ্ড। জ্বলিছে ইখনৰ পিছত সিখনকৈ অৰণ্য। বনাঞ্চল পাৰ কৰি জনাঞ্চললৈকে বিয়পি কৰিছে জুই। অগ্নিনিৰ্বাপক বাহিনীৰ লোকে উপযুক্ত সঁজুলি অবিহনে জুইৰ সৈতে মোকাবিলা কৰা দেখা গৈছে। ইয়াৰ ফলতো প্ৰাণ হেৰুৱাইছে কেইবাজনো লোকে। সেই প্ৰাণ হেৰুৱাৰ কথা উল্লেখ কৰি উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছে।

এই গোচৰ সম্পৰ্কত উত্তৰাখণ্ড চৰকাৰে জুই নিয়ন্ত্ৰণৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিছে বুলি উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰিছে। জুই নিৰ্বাপন কৰিবলৈ ব্যৰ্থ উত্তৰাখণ্ডৰ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক একপ্ৰকাৰৰ ধমক দিছে শীৰ্ষ ন্যায়ালয়ৰ বিচাৰপীঠে।

বুধবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গাভা, ন্যায়াধীশ এছ ভি এন ভাট্টি আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰে।

মন কৰিবলগীয়া যে যোৱা বছৰৰ নৱেম্বৰৰ পৰা উত্তৰাখণ্ডৰ বিভিন্ন বনাঞ্চলত বনজুইৰ ঘটনা সংঘটিত হৈ আহিছে।

জানিব পৰা মতে এই পৰ্যন্ত ৯১০টা বনজুইৰ ঘটনা সংঘটিত হৈছে ৰাজ্যখনত। ফলত ১১৪৫ হেক্টৰ বনভূমি ধ্বংস হৈছে।

বুধবাৰৰ শুনানিৰ সময়ত ৰাজ্যখনে আদালতত কয় যে অগ্নিকাণ্ডৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰৰ পৰা প্ৰাৰম্ভিক ১০ কোটি টকাৰ আৰ্থিক সাহায্য বিচৰা হৈছে। কিন্তু এতিয়ালৈকে কেন্দ্ৰটোৰ পৰা মাত্ৰ ৩ কোটি ১৫ লাখ টকাহে লাভ কৰা হৈছে।

এই সম্পৰ্কত ন্যায়াধীশে কেন্দ্ৰক প্ৰশ্ন কৰে – কিয় ৰাজ্য চৰকাৰক পৰ্যাপ্ত ধন দিয়া নহ’ল? তাৰ সলনি ৰাজ্যখনৰ এনে পৰিস্থিতিত অগ্নিনিৰ্বাপক বাহিনীক কিয় নিৰ্বাচনী দায়িত্ব প্ৰদান কৰা হৈছে?