NORTHEAST NOW (Assamese)

চাঞ্চল্য: অভয়াপুৰীৰ বড়িগাওঁত উদ্ধাৰ পাঁচটাকৈ বাঘৰ পোৱালি

December 23, 2020 6:36 pm · এন ই নাও নিউজ

বঙাইগাঁও জিলাৰ অভায়াপুৰীত বন বিভাগে উদ্ধাৰ কৰিছে পাঁচটাকৈ বাঘৰ পোৱালি।

অভয়াপুৰী চহৰৰ পৰা নাতি দূৰৈত অৱস্থিত বড়িগাওঁত উদ্ধাৰ হৈছে এই বাঘৰ পোৱালি কেইটা।

জানিব পৰা মতে পাঁটা পোৱালিৰ সৈতে এজনী বাঘিনীক প্ৰথমে প্ৰত্যক্ষ কৰে গাওঁ খনৰে এগৰাকী মহিলাই ।

ইয়াৰ পিছতে মহিলা গৰাকীয়ে এই ঘটনাৰ বিষয়ে স্থানীয় ৰাইজক অৱগত কৰাত খবৰটো বনজুইৰ দৰে বিয়পি পৰে।

লগে লগে স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ কৰ্মীয়ে গৈ ঘটনাস্থলীত উপস্থিত হয়।

কিন্তু বাঘিনী জনীয়ে মানুহৰ আগমণৰ উমান পাই পোৱালি পাঁচটাক সেই ঠাইতে এৰি আন ক’ৰৱালৈ গুচি যায়।

বন বিষয়া জয়ন্ত দাসৰ নেতৃত্বত যোৱা বন বিভাগৰ কৰ্মীৰ দলটোৱে বাঘৰ পোৱালি কেইটা উদ্ধাৰ কৰে। বন বিভাগৰ সূত্প্ৰকাশ কৰা তথ্য অনুসৰি উদ্ধাৰ কৰা বাঘৰ পোলি কেইটাৰ বয়স প্ৰায় ১৫ দিন হ’ব।

পোৱালি কেইটাৰ সন্ধানত মাক বাঘিনী জনী পুনৰ সেই ঠাইলৈ ঘূৰি অহাৰ আশা কৰিয়েই বন বিভাগে পোৱালি কেইটা সেই  উদ্ধাৰ হোৱা স্থানতে এৰি দিয়াৰ সিদ্ধান্ত লয়।

বন বিভাগে  লগতে গাওঁবাসীক এই বুলি আশ্বাস দিয়ে যে বাঘে গাওঁৰ কোনো লোকৰে অপকাৰ কৰিব নোৱাৰে. ইয়াৰ বাবে বন বিভাগে সতৰ্ক দৃষ্টি ৰাখিব বুলি আশ্বাস পোৱাৰ পিছত গাওঁবাসী আশ্বস্ত হয়।

Related News