NORTHEAST NOW (Assamese)

প্ৰাক্তন আছু নেতা নেকিবুৰ জামানৰ মাতৃ ৰহিমা খাতুনৰ ৮২ বছৰ বয়সত পৰলোকপ্ৰাপ্তি

September 18, 2020 9:40 pm · কল্পজ্যোতি শইকীয়া

অসম আন্দোলনৰ নেতা, প্ৰাক্তন আছু নেতা নেকিবুৰ জামানৰ মাতৃ ৰহিমা খাতুনৰ ৮২ বছৰ বয়সত বৃহস্পতিবাৰে নিশা পৰলোকপ্ৰাপ্তি হয়৷

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে নিশা ১ বাজি ৩০ মিনিটত মৃত্যুক আকোৱালি লয় ৰহিমা খাতুনে৷

মহানগৰীৰ চানমাৰি মিলনপুৰ নিবাসী ৰহিমা খাতুন অসম আন্দোলনৰ সময়ত আন্দোলনকাৰীক যথেষ্ট সহায়-সহযোগ কৰি একপ্ৰকাৰ আন্দোলনত সক্ৰিয় ভূমিকা পালন কৰিছিল৷

সেই সময়ৰ আছুৰ বহু শীৰ্ষ নেতাক চানমাৰিৰ মিলনপুৰৰ ঘৰত আশ্ৰয় দিয়াৰ লগতে খাদ্যও যোগান ধৰিছিল৷

এইগৰাকী ৰহিমা খাতুনৰ সন্মুখতে সেই সময়ৰ আছু নেতা তথা অসম আন্দোলনকাৰী পুত্ৰ নেকিবুৰ জামানক অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীয়ে অত্যাচাৰ কৰিছিল৷

সমাজৰ হিতচিন্তক, সৰবৰহী মহিলা ৰহিমা খাতুনৰ মৃত্যুত শোকৰ ছাঁ পৰিছে৷

সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি বিপুল ৰাভা, প্ৰাক্তন আছু নেতা প্ৰিন্স ফাইজুল হক, ব্ৰজেন ডেকা, নুৰুল হকসহ বহুকেইজন জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতাই মিলনপুৰৰ ঘৰত উপস্থিত হৈ ৰহিমা খাতুনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি আত্মাৰ সদ্গতি কামনা কৰে আৰু পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷

ইহসংসাৰত নেকিবুৰ জামানসহ চাৰি পুত্ৰ আৰু তিনিগৰাকী জীয়ৰীসহ নাতি-নাতিনী তথা বহু শুভকাংক্ষীক এৰি থৈ যায় খাতুনে৷

উলুবাৰী কৱৰস্থানত আজি সন্ধিয়া ৬.৩০ বজাত সৰবৰহী মহিলা ৰহিমা খাতুনৰ শেষকৃত্য সম্পন্ন কৰা হয়।

Related News