প্ৰাক্তন এবছু নেতা লৰেঞ্চ ইছলাৰীকে ধৰি দুই সহস্ৰাধিক বিপিএফ কৰ্মীৰ ইউ পি পি এলত যোগদান

Joined UPPL

ইউ পি পিএলত যোগ দিলে প্ৰাক্তন এবছু নেতা লৰেন্স ইছলাৰীয়ে। ফটো: নৰ্থইষ্ট নাও।

অসম বিধান সভা নিৰ্বাচন সমাগত। নিৰ্বাচনৰ দিন চমু চাপি অহা লগে লগেই ৰাজনৈতিক দল সমূহৰ তৎপৰতা বৃদ্ধি পাইছে। সেইদৰে, বি টি আৰৰ শাসকীয় দল ইউ পি পি এলেও সদস্য ভৰ্তি কৰি শক্তিশালী ৰূপত দল গঢ়াৰ প্ৰচেষ্টা হাতত লৈছে।

অনাগত নিৰ্বাচনৰ উদ্দেশ্য আগত লৈ আজি ইউ পি পি এলে কোকৰাঝাৰ খাংক্লাবাদা খেলপথাৰত অনুষ্ঠিত কৰে বিশাল যোগদান অনুষ্ঠান।

উক্ত অনুষ্ঠানত বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত বি টি আৰৰ এগৰাকী চুক্তি স্বাক্ষৰকাৰী তথা নিখিল বড়ো ছাত্র সন্থা (এবছু)ৰ প্ৰাক্তন সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰী সহ দুই সহস্ৰাধিক এবছু, বি পি এফৰ কৰ্মী আনুষ্ঠানিকভাৱে যোগদান কৰে।

লৰেঞ্চ ইছলাৰী ১৯৯১ চনৰ পৰা প্ৰাথমিক শাখা এবছুৰ পৰা আৰম্ভ কৰি আঞ্চলিক জিলা আৰু কেন্দ্ৰীয় এবছুত ২০২০ চনলৈকে দীৰ্ঘদিনীয়া বড়ো জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ চৰকাৰলৈ দাবী কৰি অহা এগৰাকী যুৱ নেতা।

লৰেঞ্চ ইছলাৰী অহা বিধান সভা নিৰ্বাচনত ৩০ নং কোকৰাঝাৰ পূব সমষ্টিৰ সম্ভাব্য ইউ পি পি এলৰ প্ৰাৰ্থী হব। হাগ্ৰামা মহিলাৰী নেতৃত্বধীন বি পি এফৰ বিধায়িকা তথা বৰ্তমানৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মা সৈতে মূল যুজঁ হব লৰেঞ্চ ইছলাৰীৰ।

যোগদান অনুষ্ঠানত উপস্থিত থাকি বড়োৱে সংবাদ মাধ্যমৰ আগত বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীক সমালোচনা কৰি কয় যে কাৰিগাওত কমলা কিনি ৰাইজক মই খুৱাইছো কিন্তু হাগ্ৰামা ইমান ধন থকা স্বত্বেও কমলা এটাও কিনি ৰাইজক খুওৱা নাই।

তেওঁ কয় যে অনাগত অসম বিধান সভা নিৰ্বাচনত হাগ্ৰামা মহিলাৰী দলৰ এজনো প্ৰাৰ্থী বিজয় নহয় ।

আনহাতে, প্ৰাক্তন এবছু নেতা তথা বি টি আৰ চুক্তি স্বাক্ষৰকাৰী লৰেঞ্চ ইছলাৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয় যে দীৰ্ঘদন এবছুত থাকি এটা নিৰ্দিষ্ট জনগোষ্ঠীৰ হৈ মাত মতা হৈছিল যদিও সহবাস ব্যৱস্থাপনাৰ কথাও কৈ অহা হৈছিল আৰু আজি আনুষ্ঠানিকভাৱে ৰাজনৈতিক দলত যোগদান কৰিছোঁ কোকৰাঝাৰত বসবাস কৰা সকলো জনগোষ্ঠীৰ মাজত উন্নয়নমুলক কামকাজ ,ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক উন্নয়ন সুনিশ্চিত কৰিবলৈ।

বি পি এফৰ বিধায়িকা প্ৰমিলা ৰাণী ব্ৰহ্ম তেওঁৰ কাৰ্যকালত উন্নয়নৰ কাম কৰাত ব্যৰ্থ হৈছে বুলিও সমালোচনা কৰে নেতাগৰাকীয়ে।