NORTHEAST NOW (Assamese)

দলৰ সম্প্ৰসাৰণৰ পৰিকল্পনা লৈ অসমত কনৰাড চাংমাৰ প্ৰথম পদক্ষেপ

February 28, 2019 9:00 pm · অনির্বান পাঠক
মেঘালয়ৰ মুখ্য মন্ত্ৰী তথা এনপিপিৰ নেতা কনৰাড চাংমা। ফটো: টুইটাৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনত উত্তৰ-পূবৰ খিলঞ্জীয়া ৰাইজৰ পক্ষত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা মেঘালয়ৰ মুখ্য মন্ত্ৰী তথা নেশ্যনেল পিপলচ পাৰ্টি (এন পি পি)ৰ মুৰব্বী কনৰাড চাংমাৰ কাষ চাপিছে অগপৰ সদ্য পদত্যাগী নেতা দিলীপ বৰা।

ইতিমধ্যে যোৱা ২৩ ফেব্ৰুৱাৰিত এন পি পিত যোগদান কৰিছে প্ৰাক্তন অগপ নেতা তথা গৃহৰক্ষী আৰু অসামৰিক সুৰক্ষা বাহিনীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান দিলীপ বৰাই। ইয়াৰ পাছতেই দলটোৱে আজি ২৮ ফেব্ৰুৱাৰিত তেওঁক অসমৰ আহ্বায়ক হিচাপে নিযুক্তি দিছে। নেতৃত্বৰ স্থিতিত অসন্তুষ্ট হৈ যোৱা ২১ ফেব্ৰুৱাৰিত অগপৰ পৰা পদত্যাগ কৰিছিল আঞ্চলিক দলটোৰ উপ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা বৰাই।

প্ৰাক্তন অগপ নেতা তথা অসমত এনপিপিৰ আহ্বায়ক নিযুক্ত দিলীপ বৰা। ফাইল ফটো

আজি দিলীপ বৰাই আমাক জানিবলৈ দিয়া মতে এন পি পিৰ অসমৰ আহ্বায়ক হিচাপে নিযুক্তি দিয়া বুলি দলৰ তৰফৰ পৰা তেওঁলৈ এক ই মেইল প্ৰেৰণ কৰিছে। কিন্তু দলটোৰ কেন্দ্ৰীয় নেতৃত্ব বৰ্তমান দিল্লীত থকাৰ বাবে তেওঁক আনুষ্ঠানিকভাৱে দায়িত্বভাৰ দুদিনমানৰ পাছতহে অৰ্পণ কৰিব বুলি বৰাই জানিবলৈ দিয়ে।

এন পি পিত নতুনকৈ যোগদান কৰা বৰাই নৰ্থ-ইষ্ট নাওক কয়, ‘এন পি পিয়ে উত্তৰ-পূবৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ সুনিশ্চিত কৰাৰ লগতে এই অঞ্চলৰ উন্নয়নৰ লক্ষ্য লৈ আগবঢ়া এটা ৰাষ্ট্ৰীয় দল। দলটোৰ পৰিসৰ অসমৰ লগতে উত্তৰ-পূবৰ আন ৰাজ্যলৈ সম্প্ৰসাৰিত কৰাৰ বাবে আমি আগবাঢ়িছো।‘

ইপিনে, আগন্তুক লোকসভা নিৰ্বাচনত এন পি পিয়ে অসমৰ পৰাও প্ৰাৰ্থী অৱতীৰ্ণ কৰাব বুলি দিলীপ বৰাই জানিবলৈ দিয়ে। অৱশ্যে কোন কেইটা সমষ্টিৰ পৰা প্ৰাৰ্থী থাকিব সেয়া নিশ্চিত হোৱা নাই বুলিও তেওঁ প্ৰকাশ কৰে।

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনত কনৰাড চাংমাই লোৱা স্থিতিৰ বাবে তেওঁ অসমৰ ৰাইজৰ আস্থা লাভ কৰা দেখিবলৈ পোৱা গৈছিল। এই সুযোগৰ সদব্যৱহাৰ কৰি এতিয়া তেওঁ দলটোক অসমলৈ সম্প্ৰসাৰিত কৰাৰ বাবে প্ৰচেষ্টা হাতত লোৱা বুলি জানিব পৰা গৈছে।

এতিয়া দিলীপ বৰাক দলৰ অসমৰ আহ্বায়ক হিচাপে নিযুক্তি দিয়াৰ পাছত কিছু দিনৰ ভিতৰত দলটোৱে অসমৰ ৰাজ্যিক সমিতিখন গঠন কৰাৰো সম্ভাৱনা আছে।

Related News