• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দলৰ সম্প্ৰসাৰণৰ পৰিকল্পনা লৈ অসমত কনৰাড চাংমাৰ প্ৰথম পদক্ষেপ

কনৰাড চাংমাৰ এন পি পিৰ অসমৰ আহ্বায়ক নিযুক্ত প্ৰাক্তন অগপ নেতা দিলীপ বৰা

Anirban Pathak অনির্বান পাঠক
গুৱাহাটী , February 28, 2019 9:00 pm

2 min read

124-1140x570

মেঘালয়ৰ মুখ্য মন্ত্ৰী তথা এনপিপিৰ নেতা কনৰাড চাংমা। ফটো: টুইটাৰ

1.1k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনত উত্তৰ-পূবৰ খিলঞ্জীয়া ৰাইজৰ পক্ষত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা মেঘালয়ৰ মুখ্য মন্ত্ৰী তথা নেশ্যনেল পিপলচ পাৰ্টি (এন পি পি)ৰ মুৰব্বী কনৰাড চাংমাৰ কাষ চাপিছে অগপৰ সদ্য পদত্যাগী নেতা দিলীপ বৰা।

ইতিমধ্যে যোৱা ২৩ ফেব্ৰুৱাৰিত এন পি পিত যোগদান কৰিছে প্ৰাক্তন অগপ নেতা তথা গৃহৰক্ষী আৰু অসামৰিক সুৰক্ষা বাহিনীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান দিলীপ বৰাই। ইয়াৰ পাছতেই দলটোৱে আজি ২৮ ফেব্ৰুৱাৰিত তেওঁক অসমৰ আহ্বায়ক হিচাপে নিযুক্তি দিছে। নেতৃত্বৰ স্থিতিত অসন্তুষ্ট হৈ যোৱা ২১ ফেব্ৰুৱাৰিত অগপৰ পৰা পদত্যাগ কৰিছিল আঞ্চলিক দলটোৰ উপ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা বৰাই।

dilip bora
প্ৰাক্তন অগপ নেতা তথা অসমত এনপিপিৰ আহ্বায়ক নিযুক্ত দিলীপ বৰা। ফাইল ফটো

আজি দিলীপ বৰাই আমাক জানিবলৈ দিয়া মতে এন পি পিৰ অসমৰ আহ্বায়ক হিচাপে নিযুক্তি দিয়া বুলি দলৰ তৰফৰ পৰা তেওঁলৈ এক ই মেইল প্ৰেৰণ কৰিছে। কিন্তু দলটোৰ কেন্দ্ৰীয় নেতৃত্ব বৰ্তমান দিল্লীত থকাৰ বাবে তেওঁক আনুষ্ঠানিকভাৱে দায়িত্বভাৰ দুদিনমানৰ পাছতহে অৰ্পণ কৰিব বুলি বৰাই জানিবলৈ দিয়ে।

এন পি পিত নতুনকৈ যোগদান কৰা বৰাই নৰ্থ-ইষ্ট নাওক কয়, ‘এন পি পিয়ে উত্তৰ-পূবৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ সুনিশ্চিত কৰাৰ লগতে এই অঞ্চলৰ উন্নয়নৰ লক্ষ্য লৈ আগবঢ়া এটা ৰাষ্ট্ৰীয় দল। দলটোৰ পৰিসৰ অসমৰ লগতে উত্তৰ-পূবৰ আন ৰাজ্যলৈ সম্প্ৰসাৰিত কৰাৰ বাবে আমি আগবাঢ়িছো।‘

ইপিনে, আগন্তুক লোকসভা নিৰ্বাচনত এন পি পিয়ে অসমৰ পৰাও প্ৰাৰ্থী অৱতীৰ্ণ কৰাব বুলি দিলীপ বৰাই জানিবলৈ দিয়ে। অৱশ্যে কোন কেইটা সমষ্টিৰ পৰা প্ৰাৰ্থী থাকিব সেয়া নিশ্চিত হোৱা নাই বুলিও তেওঁ প্ৰকাশ কৰে।

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনত কনৰাড চাংমাই লোৱা স্থিতিৰ বাবে তেওঁ অসমৰ ৰাইজৰ আস্থা লাভ কৰা দেখিবলৈ পোৱা গৈছিল। এই সুযোগৰ সদব্যৱহাৰ কৰি এতিয়া তেওঁ দলটোক অসমলৈ সম্প্ৰসাৰিত কৰাৰ বাবে প্ৰচেষ্টা হাতত লোৱা বুলি জানিব পৰা গৈছে।

এতিয়া দিলীপ বৰাক দলৰ অসমৰ আহ্বায়ক হিচাপে নিযুক্তি দিয়াৰ পাছত কিছু দিনৰ ভিতৰত দলটোৱে অসমৰ ৰাজ্যিক সমিতিখন গঠন কৰাৰো সম্ভাৱনা আছে।

Recent News

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd