• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিত যোগদান কৰিম বুলিও নকৰিলে প্ৰাক্তন AIUDFৰ বিধায়কে; কিন্তু কিয়?

এটা মাহত ৰাজ্যত ৩২০০ খন সভা অনুষ্ঠিত কৰি ৰেকৰ্ড গঢ়িব ৰাজ্যিক বিজেপিয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 20, 2020 8:00 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা হোৱেটছএপ গ্ৰুপ, যাৰ নাম BJP ASSAM MEDIA DEPARTMENT। সোমবাৰে এই গ্ৰুপতে সাংবাদিকক নিমন্ত্ৰণ জনাই এক বাৰ্তা। বিষয় বিজেপিত যোগদান অনুষ্ঠান।

বাৰ্তাটোত স্পষ্টকৈ লিখা আছে ‘কাইলৈ ২০ অক্টোবৰ মঙ্গলবাৰে ভাৰতীয় জনতা পাৰ্টিৰ হেঙেৰাবাৰী ৰাজ্যিক কাৰ্যালয়ত দিনৰ ১২:oo বজাত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাৰ পিছত সংখ্যালঘু ৰাজনীতি মূলৰ পৰা আকৌ এগৰাকী প্ৰাক্তন বিধায়কে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ মাননীয় ৰাজ্যিক সভাপতি ৰণজিৎ দাস ডাঙৰীয়াৰ উপস্থিতিত যোগদান কৰিব।

Apply Now

সেয়েহে যোগদান অনুষ্ঠানৰ সময়চোৱাত বৈদ্যুতিন/ছপা সংবাদ মাধ্যমৰ প্ৰতিনিধিক বাতৰি সংগ্ৰহ কৰি প্ৰচাৰ আৰু প্ৰকাশ কৰিব বাবে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ।’

কিন্তু আজিৰ দিনটোত কোনো সংখ্যালঘু প্ৰাক্তন বিধায়ক যোগদানৰ বাবে নাহিল বিজেপিৰ ৰাজ্যিক কাৰ্যালয়লৈ।

উপায়ন্তৰ হৈ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বিজেপিৰ হেঙেৰাবাৰীস্থিত কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে।

কাৰ্যসূচী অনুসৰি ১২ বজাৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল যোগদান অনুষ্ঠান। কিন্তু ২ ঘন্টা পলমকৈ অনুষ্ঠিত হ’ল যোগদানৰ পৰিৱৰ্তে সংবাদমেল। বিজেপি অফিচত সাংবাদিকসকলে দুঘন্টা ধৰি দি থাকিল বোন্দাপৰ।

চৰ্চা চলিছে পশ্চিম গোৱালপাৰা সমষ্টিৰ প্ৰাক্তন AIUDFৰ বিধায়ক শেখ শ্বাহ আলমে যোগদান কৰিব বিজেপিত।

সুত্ৰ অনুসৰি তেওঁ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত যোগদানৰ বাবে আহিছিল যদিও ৰহস্যজনক কাৰণত যোগদান নকৰিলে বিজেপিত। সাংবাদিকৰ প্ৰশ্ন ‘আজি AIUDFৰ প্ৰাক্তন বিধায়ক যোগদান কৰাৰ কথা আছিল কিন্তু কিয় নকৰিলে?’

উত্তৰত একো নজনাৰ ভাও জুৰিলে সভাপতি ৰঞ্জিত দাসে।

চালে বেৰে কোৱাই ৰঞ্জিত দাসে উত্তৰত কয় ‘কথাটো তেনেকুৱা নহয়, আমি সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক বৈঠকত সিদ্ধান্ত লৈছিলো যে আমাৰ সংখ্যালঘু এলেকাত হ’বলগীয়া ২০খন সন্মিলনত সংখ্যালঘু নেতা-লোকে যোগদান কৰিব। আমাক এতিয়ালৈকে তেনেকৈ আবেদন কৰা নাই। বিভিন্নজনে সম্পৰ্ক স্থাপন কৰি আছে বিভিন্নজনৰ লগত।’

ইপিনে, পূৰ্বতে বহুকেইজন বিজেপি নেতাই কংগ্ৰেছক মুছলমানৰ দল বা ধৰ্মীয় সংখ্যালঘুৰ দল বুলি কৰা কটাক্ষ এতিয়া যেন অতীত হ’ল। সেই কনচেপ্ট এতিয়া সলনি হ’ল। এতিয়া কংগ্ৰেছ এআইয়ুডিএফ মানেই মুছলমান নহয়। ধৰ্মীয় সংখ্যালঘু ভোটৰে ২১ৰ গাদী দখলৰ কুচকাৱাজ ৰঞ্জিত দাসৰ।

আনহাতে, নৱেম্বৰ মাহত মণ্ডল পৰ্যায়ত ৩২০০ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি ৰেকৰ্ড গঢ়াৰ প্ৰয়াস ৰঞ্জিত দাসৰ।

ইয়াৰোপৰি, নৱেম্বৰ মাহতে ৰাজ্যিক মহিলা মৰ্চাৰ উদ্যোগত মহিলাসকলৰ মাজত ভাষণ প্ৰদানৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব আৰু তাৰ পৰা ১২০০ মহিলা নিৰ্বাচিত কৰিব ৰাজ্যিক বিজেপিয়ে।

তাৰ বিপৰীতে শিল্পী কলা-কুশলীক সাংস্কৃতিক অনুষ্ঠান, ভ্ৰাম্যমাণ থিয়েটাৰ অনুষ্ঠিত কৰাত বাধা ৰাজ্য চৰকাৰৰ। যাৰ ফলত চৰম হতাশাত ভুগিছে শিল্পী, সাংস্কৃতিক কৰ্মী বা কলা-কুশলী।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 27, 2026 9:02 am
‘বিজেপিৰ প্ৰাৰ্থী হওক, মন্ত্ৰিত্ব পাব,’ কাক প্ৰস্তাৱ দিছিল জ্ঞানেশ কুমাৰে? বিতৰ্কৰ মাজতে চাঞ্চল্যকৰ খবৰ!

‘বিজেপিৰ প্ৰাৰ্থী হওক, মন্ত্ৰিত্ব পাব,’ কাক প্ৰস্তাৱ দিছিল জ্ঞানেশ কুমাৰে? বিতৰ্কৰ মাজতে চাঞ্চল্যকৰ খবৰ!

September 27, 2026 8:52 am
মতানৈক্য নাই! বুজাবলৈ এলানি ব্যাখ্যা আয়োগৰ; বিৰোধীৰ হেঁচাত নতুন পদক্ষেপো

মতানৈক্য নাই! বুজাবলৈ এলানি ব্যাখ্যা আয়োগৰ; বিৰোধীৰ হেঁচাত নতুন পদক্ষেপো

September 27, 2026 8:19 am
নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 27, 2026 9:02 am
‘বিজেপিৰ প্ৰাৰ্থী হওক, মন্ত্ৰিত্ব পাব,’ কাক প্ৰস্তাৱ দিছিল জ্ঞানেশ কুমাৰে? বিতৰ্কৰ মাজতে চাঞ্চল্যকৰ খবৰ!

‘বিজেপিৰ প্ৰাৰ্থী হওক, মন্ত্ৰিত্ব পাব,’ কাক প্ৰস্তাৱ দিছিল জ্ঞানেশ কুমাৰে? বিতৰ্কৰ মাজতে চাঞ্চল্যকৰ খবৰ!

September 27, 2026 8:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd