• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিত যোগদান কৰিম বুলিও নকৰিলে প্ৰাক্তন AIUDFৰ বিধায়কে; কিন্তু কিয়?

এটা মাহত ৰাজ্যত ৩২০০ খন সভা অনুষ্ঠিত কৰি ৰেকৰ্ড গঢ়িব ৰাজ্যিক বিজেপিয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 20, 2020 8:00 pm
683
VIEWS
Share on FacebookShare on Twitter

এটা হোৱেটছএপ গ্ৰুপ, যাৰ নাম BJP ASSAM MEDIA DEPARTMENT। সোমবাৰে এই গ্ৰুপতে সাংবাদিকক নিমন্ত্ৰণ জনাই এক বাৰ্তা। বিষয় বিজেপিত যোগদান অনুষ্ঠান।

বাৰ্তাটোত স্পষ্টকৈ লিখা আছে ‘কাইলৈ ২০ অক্টোবৰ মঙ্গলবাৰে ভাৰতীয় জনতা পাৰ্টিৰ হেঙেৰাবাৰী ৰাজ্যিক কাৰ্যালয়ত দিনৰ ১২:oo বজাত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাৰ পিছত সংখ্যালঘু ৰাজনীতি মূলৰ পৰা আকৌ এগৰাকী প্ৰাক্তন বিধায়কে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ মাননীয় ৰাজ্যিক সভাপতি ৰণজিৎ দাস ডাঙৰীয়াৰ উপস্থিতিত যোগদান কৰিব।

সেয়েহে যোগদান অনুষ্ঠানৰ সময়চোৱাত বৈদ্যুতিন/ছপা সংবাদ মাধ্যমৰ প্ৰতিনিধিক বাতৰি সংগ্ৰহ কৰি প্ৰচাৰ আৰু প্ৰকাশ কৰিব বাবে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ।’

কিন্তু আজিৰ দিনটোত কোনো সংখ্যালঘু প্ৰাক্তন বিধায়ক যোগদানৰ বাবে নাহিল বিজেপিৰ ৰাজ্যিক কাৰ্যালয়লৈ।

উপায়ন্তৰ হৈ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বিজেপিৰ হেঙেৰাবাৰীস্থিত কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে।

কাৰ্যসূচী অনুসৰি ১২ বজাৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল যোগদান অনুষ্ঠান। কিন্তু ২ ঘন্টা পলমকৈ অনুষ্ঠিত হ’ল যোগদানৰ পৰিৱৰ্তে সংবাদমেল। বিজেপি অফিচত সাংবাদিকসকলে দুঘন্টা ধৰি দি থাকিল বোন্দাপৰ।

চৰ্চা চলিছে পশ্চিম গোৱালপাৰা সমষ্টিৰ প্ৰাক্তন AIUDFৰ বিধায়ক শেখ শ্বাহ আলমে যোগদান কৰিব বিজেপিত।

সুত্ৰ অনুসৰি তেওঁ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত যোগদানৰ বাবে আহিছিল যদিও ৰহস্যজনক কাৰণত যোগদান নকৰিলে বিজেপিত। সাংবাদিকৰ প্ৰশ্ন ‘আজি AIUDFৰ প্ৰাক্তন বিধায়ক যোগদান কৰাৰ কথা আছিল কিন্তু কিয় নকৰিলে?’

উত্তৰত একো নজনাৰ ভাও জুৰিলে সভাপতি ৰঞ্জিত দাসে।

চালে বেৰে কোৱাই ৰঞ্জিত দাসে উত্তৰত কয় ‘কথাটো তেনেকুৱা নহয়, আমি সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক বৈঠকত সিদ্ধান্ত লৈছিলো যে আমাৰ সংখ্যালঘু এলেকাত হ’বলগীয়া ২০খন সন্মিলনত সংখ্যালঘু নেতা-লোকে যোগদান কৰিব। আমাক এতিয়ালৈকে তেনেকৈ আবেদন কৰা নাই। বিভিন্নজনে সম্পৰ্ক স্থাপন কৰি আছে বিভিন্নজনৰ লগত।’

ইপিনে, পূৰ্বতে বহুকেইজন বিজেপি নেতাই কংগ্ৰেছক মুছলমানৰ দল বা ধৰ্মীয় সংখ্যালঘুৰ দল বুলি কৰা কটাক্ষ এতিয়া যেন অতীত হ’ল। সেই কনচেপ্ট এতিয়া সলনি হ’ল। এতিয়া কংগ্ৰেছ এআইয়ুডিএফ মানেই মুছলমান নহয়। ধৰ্মীয় সংখ্যালঘু ভোটৰে ২১ৰ গাদী দখলৰ কুচকাৱাজ ৰঞ্জিত দাসৰ।

আনহাতে, নৱেম্বৰ মাহত মণ্ডল পৰ্যায়ত ৩২০০ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি ৰেকৰ্ড গঢ়াৰ প্ৰয়াস ৰঞ্জিত দাসৰ।

ইয়াৰোপৰি, নৱেম্বৰ মাহতে ৰাজ্যিক মহিলা মৰ্চাৰ উদ্যোগত মহিলাসকলৰ মাজত ভাষণ প্ৰদানৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব আৰু তাৰ পৰা ১২০০ মহিলা নিৰ্বাচিত কৰিব ৰাজ্যিক বিজেপিয়ে।

তাৰ বিপৰীতে শিল্পী কলা-কুশলীক সাংস্কৃতিক অনুষ্ঠান, ভ্ৰাম্যমাণ থিয়েটাৰ অনুষ্ঠিত কৰাত বাধা ৰাজ্য চৰকাৰৰ। যাৰ ফলত চৰম হতাশাত ভুগিছে শিল্পী, সাংস্কৃতিক কৰ্মী বা কলা-কুশলী।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd