অসমৰ প্ৰাক্তন ডিজিপি খগেন শৰ্মাৰ বিয়োগ, শনিবাৰে শেষকৃত্য

Former Assam DGP Khagen Sarmah dies

প্ৰাক্তন ডিজিপি খগেন শৰ্মা।

অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান খগেন শৰ্মাৰ শুকুৰবাৰে সন্ধিয়া গুৱাহাটীত মৃত্যু ঘটিছে।

সন্ধিয়া ৭:১৫ বজাত গুৱাহাটীৰ চান ভেলি হস্পিতেলত শৰ্মাৰ মৃত্যু হৈছে।

চিকিৎসালয় সূত্ৰমতে, যোৱা কিছুদিন ধৰি প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়াজন চিকিৎসাধীন হৈ আছিল।

“যোৱা ১৩ অক্তোবৰৰ পৰা তেওঁ আমাৰ ইয়াত চিকিৎসাধীন আছিল। তেওঁৰ কেন্সাৰ হৈছিল,” চিকিৎসালয়ৰ এগৰাকী বিষয়াই জনায়।

দীৰ্ঘসময় ধৰি অসম আৰক্ষীৰ বিশেষ শাখাৰ শীৰ্ষ বিষয়াৰূপে সেৱা আগবঢ়োৱা শৰ্মা উত্তৰ-পূবৰ বিদ্ৰোহী গোটসমূহৰে মোকাবিলাৰ বাবে জনাজাত আছিল।

১৯৮২-বেটচৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়াজনে ৩৩ বছৰ সেৱা আগবঢ়াইছিল।

২০১৪ চনত ডিজিপিৰূপে কাৰ্য্যভাৰ লোৱা শৰ্মাই ২০১৫ চনৰ ৩০ নৱেম্বৰত অসম আৰক্ষীৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

শৰ্মাই অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষৰূপেও সেৱা আগবঢ়াইছিল।

শৰ্মাৰ জন্মস্থান নলবাৰী জিলাৰ টিহুত।

আপদে’ট:

চিকিৎসালয়ৰ পৰা খগেন শৰ্মাৰ নশ্বৰ দেহ কাহিলীপাৰাস্থিত অসম আৰক্ষীৰ বিশেষ শাখাৰ আৱাসলৈ লৈ যোৱা হৈছে। ৰাতি তাতে মৃতদেহ ৰখাৰ ব্যৱস্থা কৰা হৈছে।

অসম আৰক্ষীৰ উলুবাৰীস্থিত মুখ্য কাৰ্য্যালয়ত শনিবাৰে প্ৰাক্তন সঞ্চালকপ্ৰধানজনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব।

গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে জনোৱামতে, শনিবাৰেই পৰিয়ালৰ লোকৰ মত অনুসৰি তেওঁৰ মৃতদেহ সৎকাৰ হ’ব।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু তেওঁৰ অৱদান শ্ৰদ্ধাৰে সুঁৱৰিছে।