ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিন্টন খেলুৱৈ ৰিতুপৰ্ণ চেতিয়াৰ মৃত্যু
ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ বেডমিন্টন খেলুৱৈ তথা ক্ষুদ্ৰ চাহ খেতিয়কৰ বাটকটীয়া ৰিতুপৰ্ণ চেতিয়াৰ বৃহস্পতিবাৰে পুৱা ৯.৩০ বজাত শিৱসাগৰৰ প্ৰগতি নাৰ্চিং হোমত শেষ নিশ্বাস ত্যাগ কৰে।
অসমৰ বিশিষ্ট সাহিত্যিক, নাট্যকাৰ প্ৰয়াত যোগেন চেতিয়া আৰু তিলোত্তমা চেতিয়াৰ দ্বিতীয় পুত্ৰ ৰিতুপৰ্ণ চেতিয়া(জোন) ৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই তেওঁৰ ঘৰত অসংখ্য শুভাকাংশী বন্ধু-বান্ধৱ উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জনায়।
ভূ-তত্ব বিভাগত স্নাতক ডিগ্ৰীধাৰী ৰিতুপৰ্ণ চেতিয়াই ছাত্ৰাৱস্থাৰ পৰাই বেডমিন্টনৰ প্ৰতি আকৃষ্ট আছিল আৰু শিৱসাগৰৰ অ’এন জি চি বেডমিন্টন ক্লাবৰ পৰা বেডমিন্টন খেলিবলৈ আৰম্ভ কৰিছিল।
সুদক্ষ বেডমিন্টন খেলুৱৈ গৰাকীয়ে নিজৰ প্ৰতিভাৰ বলত উজনি অসম বেডমিন্টন, আন্ত:জিলা বেডমিন্টন, আন্ত:কলেজ বেডমিন্টন, সদৌ অসম ভিত্তিত বেডমিন্টন, আন্ত:বিশ্ববিদ্যালয় বেডমিন্টন প্ৰতিযোগিতাত বহুবাৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিন্টন প্ৰতিযোগিতাতো অংশ গ্ৰহণ কৰি অসম তথা শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিছিল।
ৰিতুপৰ্ণ চেতিয়া শিৱসাগৰ বেডমিন্টন ক’চিং চেন্টাৰৰ প্ৰাক্তন সম্পাদক, সদৌ অসম আৰু উজনি অসম বেডমিন্টন প্ৰতিযোগিতাৰ উদযাপন সমিতিৰ বহুবাৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব পালন কৰাৰ লগতে শিৱসাগৰ ক্ৰীড়া সন্থাৰ অন্যতম সদস্য আছিল।
ভূ-তত্ব বিভাগত স্নাতক ডিগ্ৰীধাৰী লাভ কৰাৰ পাছত কোনো চৰকাৰী চাকৰিৰ প্ৰতি লালসা নথকা ৰিতুপৰ্ণ চেতিয়াই চাহ খেতিৰ জৰিয়তে নিজকে স্বৱলম্বিতা কৰাৰ লগতে এগৰাকী প্ৰতিষ্ঠিত ক্ষুদ্ৰ চাহ খেতিয়ক হিচাপে পৰিগণিত হৈছিল।
এই গৰাকী সুদক্ষ বেডমিন্টন খেলুৱৈৰ মৃত্যুত জিলাখনৰ ক্ৰীড়া মহলত শোকৰ ছাঁ পৰিছে। জিলাখনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠনৰ লগতে ব্যক্তি বিশেষে সুদক্ষ খেলুৱৈগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা প্ৰকাশ কৰে।