প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা বাবুল সুপ্ৰিয়ৰ তৃণমূল কংগ্ৰেছত যোগদান

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা বাবুল সুপ্ৰিয়ই আজি আনুষ্ঠানিক ভাবে তৃণমূল কংগ্ৰেছত যোগদান কৰে।

দুমাহ পূৰ্বে কেন্দ্ৰীয় পৰ্যটন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বত থকা বাবুল সুপ্ৰিয়ক তেওঁৰ মন্ত্ৰিত্ব এৰিবলৈ কোৱা হৈছিল।

ইয়াৰ পিছতে বিজেপিত নিজৰ ৰাজনৈতিক ভৱিষ্যত বিশেষ সুৰক্ষিত নহয় বুলি অনুভৱ কৰিয়েই বাবুল সুপ্ৰিয়ই তৃণমূল কংগ্ৰেছত যোগদানৰ সিদ্ধান্ত লয় বুলি বিভিন্ন মহলত এতিয়া সৰৱ চৰ্চা চলা পৰিলক্ষিত হৈছে।

উল্লেখ্য বিজেপি নেতাগৰাকীয়ে মন্ত্ৰী পদ এৰাৰ পিছতে এইবুলি ঘোষণা কৰিছিল যে তেওঁ কোনো ৰাজনৈতিক দলতে যোগদান নকৰে আৰু এজন সাংসদ হিচাবেই তেওঁ কাৰ্যনিৰ্বাহ কৰি যাব।

কিন্তু এই ঘোষণাৰ প্ৰায় এমাহ পিছতে আজি বাবুল সুপ্ৰিয়ই আনুষ্ঠানিক ভাবে তৃণমূল কংগ্ৰেছত যোগদান কৰে।

উল্লেখ্য চলিত বৰ্ষৰ মে’ মাহত বংগত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ পিছতে বাবুল সুপ্ৰিয়ই হৈছে তৃণমূলত যোগদান কৰা পঞ্চম গৰাকী বিজেপি নেতা।

Latest News:দুৰ্নীতিৰ অভিযোগত মীন বিভাগৰ বিষয়ালৈ জাননী প্ৰেৰণ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ইয়াৰ পূৰ্বে আন চাৰিগৰাকী বিজেপি বিধায়কে তৃণমূলত যোগদান কৰিছিল।

তৃণমূলৰ নেতা কুনাল ঘোষে আজি সাংবাদিকৰ আগত কয় যে আৰু বহু কেইগৰাকী বিজেপি নেতাই শীঘ্ৰে তৃণমূল কংগ্ৰেছত যোগদান কৰিব।

উল্লেখ্য কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে ৪৩ খন নতুন মুখৰ সংযোগেৰে তেওঁৰ মেন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা বাদ পৰিছিল বাবুল সুপ্ৰিয়।

এই কথাতে ক্ষুণ্ণ হৈ পৰিছিল বিজেপি নেতাগৰাকী।