ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ সঞ্চালক প্ৰধান (ডিজি) হিচাপে নিযুক্তি দিয়া হৈছে গুজৰাট কেডাৰৰ আইপিএছ বিষয়া ৰাকেশ আস্থানাক।
সোমবাৰে কেন্দ্ৰীয় চৰকাৰে এই পদৰ বাবে আনুষ্ঠানিকভাৱে চিবিআইৰ প্ৰাক্তন স্পেছিয়েল ডাইৰেক্টৰ আস্থানাৰ নাম ঘোষণা কৰে।
সম্প্ৰতি তেওঁ দিল্লীত ব্যুৰো অফ চিভিল এভিয়েশ্যন ছিকিউৰিটিৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
উল্লেখ্য যে ২০১৮চনত চিবিআইৰ দুগৰাকী শীৰ্ষ বিষয়াৰ গোচৰক লৈ তুমুল চৰ্চা চলিছিল। সেই গোচৰৰ মূল চৰিত্ৰ দুটা আছিল ৰাকেশ আস্থানা আৰু চিবিআইৰ মুৰব্বী আলোক বাৰ্মা।
সেই সময়ত আস্থানাৰ বিৰুদ্ধে বাৰ্মাই উপঢ়ৌকন লোৱাৰ অভিযোগ আনিছিল।
হায়দৰাবাদৰ সতীশ চানা নামৰ এগৰাকী ব্যৱসায়ীৰ পৰা উপঢ়ৌকন লোৱাৰ বিষয়কলৈ আস্থানা আৰু বাৰ্মাৰ গোচৰটো চৰম পৰ্যায়ত উপনীত হৈছিল।
ইপিনে, আস্থানাইয়ো আলোক বাৰ্মাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছিল। এই বিতৰ্কই চৰম পৰ্যায় লাভ কৰাৰ পাছতেই দুয়োগৰাকীকে পদৰ পৰা অঁতৰোৱা হৈছিল।
সেইগৰাকী ৰাকেশ আস্থানাকে এইবাৰ বিএছএফৰ ডিজি পদত নিযুক্তি দিয়া হৈছে।
বাতৰি অনুসৰি, ২০২১ চনৰ ৩১জুলাইলৈকে এই পদত কাৰ্যনিৰ্বাহ কৰাৰ পাছত আস্থানাই অহাবছৰ অৱসৰ গ্ৰহণ কৰিব।
১৯৮৪বৰ্ষৰ আইপিএছ বিষয়া আস্থানা নাৰক’টিছ কন্ট্ৰ’ল ব্যুৰোৰো অতিৰিক্ত ডিজি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
তেওঁ ২০০২চনৰ গোধ্ৰাৰ সৱৰমতী এক্সপ্ৰেছত অগ্নিকাণ্ডৰ দৰে কেইবাটাও উল্লেখযোগ্য ঘটনাৰ তদন্তৰ দায়িত্ব লাভ কৰিছিল।
সেইদৰে আস্থানাই ১৯৯৭চনত পশুখাদ্য কেলেংকাৰিত বিহাৰৰ তদানীত্বন মুখ্য মন্ত্ৰী লালু প্ৰসাদ যাদবক গ্ৰেপ্তাৰ কৰিছিল।