• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেব’ৰ বিৰোধিতাৰে ভোটাধিকাৰ সাৱ্যস্ত নকৰিলে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই

মিণ্টু দাস by মিণ্টু দাস
April 18, 2019 7:38 pm
No discussion on 'Prafulla Mahanta' in AGP general council

প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। ফাইল ফটো

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনত বিজেপি-অগপৰ মিত্ৰতাৰ বিৰোধিতা কৰা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই অৱশেষত গণতান্ত্ৰিক অধিকাৰ সাৱ্যস্ত কৰাৰ পৰা আঁ‌তৰি থাকিল।

গণতান্ত্ৰিক শাসন ব্যৱস্থাত নিৰ্বাচন এক মহান উৎসৱ বুলি গণ্য হোৱাৰ উপৰি নিৰ্বাচনত নাগৰিকক ভোট প্ৰদানৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা গঢ়ি তুলিবলৈ চৰকাৰে বিভিন্ন পদ্ধতি অৱলম্বন কৰিছে। আনকি স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে জনসাধাৰণক নিৰ্বাচনত ভোট প্ৰদান কৰি গণতান্ত্ৰিক অধিকাৰ সাৱ্যস্ত কৰিবলৈ আহ্বান জনাইছিল।

Apply Now

দেশৰ বহু শিল্পী, উচ্চস্তৰৰ ব্যক্তিয়েও প্ৰধানমন্ত্ৰীৰ সেই আহ্বানক সঁ‌হাৰি জনাই জনসাধাৰণক ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে আহ্বান জনাইছিল। কিন্তু তাৰ বিপৰীতে ১৯৮৫ চনৰ পৰা একেৰাহে ৭ বাৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ উপৰি দুবাৰকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱা প্ৰফুল্ল কুমাৰ মহন্তৰ দৰে ব্যক্তিয়ে আজি অনুষ্ঠিত লোকসভা নিৰ্বাচনত ভোট দানৰ পৰা বিৰত থকাটোৱে গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি এক অশনি সংকেত কঢ়িয়াই আনিছে বুলি ক’ব পাৰি।

নগাঁও চহৰৰ শংকৰ মন্দিৰ পথৰ নিবাসী প্ৰফুল্ল কুমাৰ মহন্তৰ ভোট কেন্দ্ৰ আছিল নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰ। কিন্তু প্ৰাক্তন মুখ্য মন্ত্ৰীজনে আজি ভোটদান কৰিবলৈ ভোট কেন্দ্ৰটোত উপস্থিত নোহোৱা বিষয়টোৱে চৰ্চা লাভ কৰে।

এই সন্দৰ্ভত সাংবাদিকে মহন্তৰ নগাঁও বাসভৱনত উপস্থিত হৈ প্ৰশ্ন কৰাত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কয় যে ‘’বিজেপি চৰকাৰ আৰু দলে যি নাগৰিকত্ব (সংশোধনী) বিধেয়ক আইনত পৰিণত কৰাৰ বাবে চেষ্টা চলাই অসমৰ ভৱিষ্যতৰ প্ৰতি সৰ্বনাশ মাতি আনিব বিচাৰিছে তাৰ প্ৰতিবাদত ভোটদানৰ পৰা বিৰত থাকো।‘’

মহন্তই প্ৰসংগক্ৰমে কয়, ‘’বিজেপি চৰকাৰে এই বিধেয়কখন ৰাজ্যসভাত অনুমোদন কৰোৱাত ব্যৰ্থ হ’লেও বিজেপিৰ সভাপতি অমিত শ্বাহ আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপি পুনৰ ক্ষমতালৈ আহিলে বিধেয়কখন আইনত পৰিণত কৰিব বুলি ঘোষণা কৰিছে। অসমৰ বাবে সেইয়া ভাল খবৰ নহয়।‘’

মহন্তই লগতে কয়, ‘’অসমৰ মানুহৰ মনৰ কথা নুবুজি বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত নাগৰিকত্ব (সংশোধনী) বিধেয়ক আইনত পৰিণত কৰাৰ প্ৰতিশ্ৰুতি দিছে। যিহেতু বিজেপি দল আৰু চৰকাৰে অসমৰ থলুৱা জনসাধাৰণৰ মতামতক উপেক্ষা কৰিছে গতিকে তাৰ প্ৰতিবাদ জনাই মই ভোটদানৰ পৰা বিৰত আছো।‘’

সাংবাদিকে মহন্তৰ এনে স্থিতিয়ে বঢ়মপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছক শক্তিশালী কৰি ভৱিষ্যতৰ বিধানসভা নিৰ্বাচনত তেওঁক ক্ষতি কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘’বঢ়মপুৰৰ ভোটাৰসকল শিক্ষিত। পৰবৰ্তী সময়ত তেওঁলোকে নিজে সিদ্ধান্ত ল’ব।‘’

আনহাতে, নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী ফলাফল কি হ’ব বুলি সাংবাদিকে সোধাত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কয়, ‘’ইয়াৰ উত্তৰৰ বাবে ২৩ মে’লৈ বাট চাব লাগিব। কিন্তু মই আশাবাদী ভোটাৰসকলে নিশ্চয় নাগৰিকত্ব (সংশোধনী) বিধেয়ক বিৰোধী স্থিতি লৈছে।‘’

তদুপৰি,মহন্তই কয়, ‘’তৃণমূল অগপ কৰ্মীসকলে ইতিমধ্যেই নেতৃত্বই গ্ৰহণ কৰা স্থিতিৰ সম্পৰ্কত চিন্তা-চৰ্চা কৰিছে। তেওঁলোকে পৰবৰ্তী সময়ত সিদ্ধান্ত ল’ব।‘’

ইপিনে, মহন্তক সাংবাদিকে অসমৰ জটিল তিনিটা সমষ্টিতহে অগপৰ প্ৰাৰ্থী দিয়াৰ সম্পৰ্কত প্ৰশ্ন কৰাত মহন্তই কয় যে নেতৃত্বৰ কেইজনমান বিশেষ লোকে এই সিদ্ধান্ত কিয় ল’লে ময়ো বুজি নাপালো।

‘নেডা’ৰ আহ্বায়ক তথা অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য, গড়কাপ্তানি আদি বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ১২ টাতে মিত্ৰজোঁ‌টৰ প্ৰাৰ্থী বিজয়ী হ’ব বুলি কোৱা বিষয়টো উনুকিয়াই দিয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কয় যে মই জ্যোতিষী নহয় যে নিৰ্বাচনৰ ফলাফল ঘোষণা নোহোৱাতেই ভৱিষ্যতবাণী কৰিম।

Tags: নিৰ্বাচন ২০১৯
মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm
নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm
নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd