DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিল্লীৰ অসম হাউছত সংবাদমেল পাতিবলৈ অনুমতি নাপালে প্রাক্তন মুখ্য মন্ত্রী তৰুণ গগৈয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 27, 2019 6:14 pm
tarun gogoi in delhi

অসম হাউছৰ বাহিৰতে সাংবাদিকক সম্বোধন কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

3.6k
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে দিনৰ ২.৩০ বজাত অসম চৰকাৰৰ নিৰ্দেশত দিল্লীৰ অসম হাউছ কৰ্তৃপক্ষই সম্প্রতি দিল্লীৰ অসম হাউছতে বিগত তিনিদিন ধৰি বাহৰ পাতি থকা  প্ৰাক্তন মুখ্য মন্ত্রী তৰুণ গগৈক তেওঁৰ কোঠাত কেইটামান ইলেক্ট্ৰনিক সংবাদ মাধ্যমক সম্বোধন কৰিবলৈ অনুমতি প্রদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে।

অসম হাউছ কৰ্তৃপক্ষই অনুমতি নিদিয়াৰ বাবে উপায়হীন হৈ প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে অসম হাউছৰ সন্মুখৰ পদপথতে সংবাদ কৰ্মীসকলক সম্বোধন কৰে।

অসম চৰকাৰৰ এনে কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত প্ৰদেশ কংগ্ৰেছে সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ এনে স্বৈৰাচাৰী কার্যক তীব্ৰ গৰিহণা তথা নিন্দাবাদ প্ৰকাশ কৰিছে।

বিবৃতিটোত কোৱা হৈছে, ‘’তৰুণ গগৈৰ প্ৰতি সোণোৱাল চৰকাৰৰ কিহৰ ইমান ভয়? নে জনসাধাৰণৰ আশা আৰু আকাংক্ষা পূৰণৰ বিপৰীতে বাকী আৰু ফাঁকিত চলা চৰকাৰৰ স্বৰূপ প্ৰকাশ হোৱাৰ ভয়তেই এনে অগণতান্ত্রিক কাৰ্যৰ আশ্ৰয় লৈছে!’’

প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিটোত লগতে চৰকাৰক সকীয়াই দি কয়, ‘’বিজেপি দল আৰু চৰকাৰে যদি এনেধৰণৰ স্বৈৰাচাৰী আৰু হঠকাৰী কাৰ্য্যৰদ্বাৰা প্ৰাক্তন মুখ্য মন্ত্রী তৰুণ গগৈ ডাঙৰীয়া আৰু কংগ্রেছ দলৰ মুখ বন্ধ কৰিব পাৰিম বুলি ভাবিছে তেন্তে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে।‘’

স্বাভাৱিকতে, একেৰাহে বিগত তিনিটাকৈ কাৰ্যকালৰ ৰাজ্যখনৰ মুখ্য মন্ত্ৰী হিচাপেকাৰ্যনিৰ্বাহ কৰা প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীক এনেদৰে সংবাদমেল সম্বোধন কৰিবলৈ নিদিয়া বিষয়টোৱে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ইপিনে, জানিব পৰা মতে অসম হাউছ কৰ্তৃপক্ষই এই সন্দৰ্ভত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীক চৰকাৰৰ পৰা নিৰ্দেশ থকাৰ বাবেই সংবাদমেল সম্বোধন কৰিব নিদিয়া বুলি সদৰী কৰাত প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে নিৰ্দেশৰ কপি চাব বিচাৰে যদিও অসম হাউছ কৰ্তৃপক্ষই সেয়া দেখুৱাবলৈ অপাৰগ হয়।

Recent News

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Assam

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Sunil Chhetri AIFF Footballers Of Year

সপ্তমবাৰৰ বাবে ভাৰতীয় ফুটবলৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান সুনীল ছেত্ৰীলৈ; মনীষা কল্যাণলৈ মহিলাৰ শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান

Chess Olympiad

দবা অলিম্পিয়াডত সাফল্য ভাৰতৰ: ব্ৰঞ্জ জিনিলে ভাৰতৰ ‘বি’ দল আৰু মহিলা ‘এ’ দলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd