NORTHEAST NOW (Assamese)

দিল্লীৰ অসম হাউছত সংবাদমেল পাতিবলৈ অনুমতি নাপালে প্রাক্তন মুখ্য মন্ত্রী তৰুণ গগৈয়ে

June 27, 2019 6:14 pm · এন ই নাও নিউজ
অসম হাউছৰ বাহিৰতে সাংবাদিকক সম্বোধন কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

বৃহস্পতিবাৰে দিনৰ ২.৩০ বজাত অসম চৰকাৰৰ নিৰ্দেশত দিল্লীৰ অসম হাউছ কৰ্তৃপক্ষই সম্প্রতি দিল্লীৰ অসম হাউছতে বিগত তিনিদিন ধৰি বাহৰ পাতি থকা  প্ৰাক্তন মুখ্য মন্ত্রী তৰুণ গগৈক তেওঁৰ কোঠাত কেইটামান ইলেক্ট্ৰনিক সংবাদ মাধ্যমক সম্বোধন কৰিবলৈ অনুমতি প্রদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে।

অসম হাউছ কৰ্তৃপক্ষই অনুমতি নিদিয়াৰ বাবে উপায়হীন হৈ প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে অসম হাউছৰ সন্মুখৰ পদপথতে সংবাদ কৰ্মীসকলক সম্বোধন কৰে।

অসম চৰকাৰৰ এনে কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত প্ৰদেশ কংগ্ৰেছে সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ এনে স্বৈৰাচাৰী কার্যক তীব্ৰ গৰিহণা তথা নিন্দাবাদ প্ৰকাশ কৰিছে।

বিবৃতিটোত কোৱা হৈছে, ‘’তৰুণ গগৈৰ প্ৰতি সোণোৱাল চৰকাৰৰ কিহৰ ইমান ভয়? নে জনসাধাৰণৰ আশা আৰু আকাংক্ষা পূৰণৰ বিপৰীতে বাকী আৰু ফাঁকিত চলা চৰকাৰৰ স্বৰূপ প্ৰকাশ হোৱাৰ ভয়তেই এনে অগণতান্ত্রিক কাৰ্যৰ আশ্ৰয় লৈছে!’’

প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিটোত লগতে চৰকাৰক সকীয়াই দি কয়, ‘’বিজেপি দল আৰু চৰকাৰে যদি এনেধৰণৰ স্বৈৰাচাৰী আৰু হঠকাৰী কাৰ্য্যৰদ্বাৰা প্ৰাক্তন মুখ্য মন্ত্রী তৰুণ গগৈ ডাঙৰীয়া আৰু কংগ্রেছ দলৰ মুখ বন্ধ কৰিব পাৰিম বুলি ভাবিছে তেন্তে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে।‘’

স্বাভাৱিকতে, একেৰাহে বিগত তিনিটাকৈ কাৰ্যকালৰ ৰাজ্যখনৰ মুখ্য মন্ত্ৰী হিচাপেকাৰ্যনিৰ্বাহ কৰা প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীক এনেদৰে সংবাদমেল সম্বোধন কৰিবলৈ নিদিয়া বিষয়টোৱে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ইপিনে, জানিব পৰা মতে অসম হাউছ কৰ্তৃপক্ষই এই সন্দৰ্ভত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীক চৰকাৰৰ পৰা নিৰ্দেশ থকাৰ বাবেই সংবাদমেল সম্বোধন কৰিব নিদিয়া বুলি সদৰী কৰাত প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে নিৰ্দেশৰ কপি চাব বিচাৰে যদিও অসম হাউছ কৰ্তৃপক্ষই সেয়া দেখুৱাবলৈ অপাৰগ হয়।

Related News