DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰাজ্যসভাৰ সদস্যৰূপে শপত ল’লে প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 19, 2020 1:24 pm
Fire-1-750x375

ৰাজ্যসভাৰ সদস্যৰূপে শপত লৈ থকা অৱস্থাত দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ।

6.3k
VIEWS
Share on FacebookShare on Twitter

তীব্ৰ বিতৰ্কৰ মাজতে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে আজি দিনৰ প্ৰায় ১১ বজাত ৰাজ্যসভাৰ সদস্যৰূপে শপত গ্ৰহণ কৰিলে।

তেওঁৰ শপত গ্ৰহণৰ সময়ত ৰাজ্যসভাত উপস্থিত আছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহ।

ইফালে গগৈৰ শপত গ্ৰহণৰ সময়ত কংগ্ৰেছৰ নেতৃত্বত বিৰোধীৰ একাংশ সদস্যই সদনত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে।

বিৰোধীয়ে ৰঞ্জন গগৈক উদ্দেশ্যি ‘হায় হায়’ শ্লোগান দিয়াৰ লগতে সদনৰ মজিয়া ত্যাগ কৰা দেখা যায়।

এনে কাৰ্যকলাপৰ পিছতেই আইন মন্ত্ৰী ৰৱিশংকৰ প্ৰসাদে বিৰোধীক সমালোচনা কৰি কয় যে ইয়াৰ পূৰ্বেও মুখ্য ন্যায়াধীশ আৰু জনপ্ৰিয় ব্যক্তিয়ে এই সদনৰ সদস্য হৈছে।

ইয়াৰ উপৰি ৰাজ্যসভাৰ অধ্যক্ষই কয় যে কোনোবাই সদনৰ বাহিৰত দিয়া মন্তব্যৰ আমি চিন্তা নকৰো, কিন্তু ৰাষ্ট্ৰপতিয়ে মনোনীত কৰা কথাটো আমি সন্মান সহকাৰে মানি ল’ব লাগিব।

ইফালে কংগ্ৰেছ সাংসদ আনন্দ শৰ্মাই আপত্তি দৰ্শাই কয় যে তেওঁ এজন বিতৰ্কিত মুখ্য ন্যায়াধীশ আছিল। তেওঁৰ নিযুক্তিয়ে Quid Pro Quoৰ বিষয়টো উত্থাপন কৰিছে। ইয়ে ন্যায়পালিকাৰ স্বতন্ত্ৰতা দুৰ্বল কৰে। সেয়ে আমি সদন ত্যাগ কৰিছো।

শৰ্মাই লগতে ৰঞ্জন গগৈক সমালোচনা কৰি কয় যে প্ৰাক্তন ন্যায়াধীশ গৰাকীয়ে বহুতো বিবাদিত গোচৰৰ শুনানিত পলম কৰিছে আৰু যাৰ বাবে তেওঁক পুৰস্কৃত কৰা হ’ল।

উল্লেখ্য যে যোৱা ১৬ মাৰ্চত ভাৰতৰ সংবিধানৰ ধাৰা ৮০ৰ ১ নং অনুচ্ছেদৰ উপ অনুচ্ছেদ (এ) প্ৰদত্ত ক্ষমতা প্ৰয়োগেৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰঞ্জন গগৈক ৰাজ্যসভালৈ মনোনীত কৰিছিল।

ইয়াৰ পিছতে কংগ্ৰেছৰ লগতে একাংশ বিৰোধীয়ে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক সহজভাৱে মানি নোলোৱাৰ লগতে তীব্ৰ সমালোচনা কৰিছিল।

ৰঞ্জন গগৈ দেশৰ ৪৬ সংখ্যক মুখ্য ন্যায়াধীশ আছিল। তেওঁ ২০১৮ ৰ পৰা ২০১৯ৰ ১৭ নবেম্বৰলৈকে এই পদত অধিষ্ঠিত আছিল।

Recent News

হতাশ ‘বিতৰ্কৰ ৰাণী’: দেশত মাত্ৰ ২০ জন দৰ্শকেহে উপভোগ কৰিলে কংগনাৰ ‘ধাকাড়’

হতাশ ‘বিতৰ্কৰ ৰাণী’: দেশত মাত্ৰ ২০ জন দৰ্শকেহে উপভোগ কৰিলে কংগনাৰ ‘ধাকাড়’

কমিব চেনিৰ দাম: চেনিৰ উৎপাদনত ব্ৰাজিলকো চেৰ পেলালে ভাৰতে

কমিব চেনিৰ দাম: চেনিৰ উৎপাদনত ব্ৰাজিলকো চেৰ পেলালে ভাৰতে

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! ক্ষমা খুজি বিপদহে চপালে নেকি মন্ত্ৰী সঞ্জয় কিষাণে?

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! ক্ষমা খুজি বিপদহে চপালে নেকি মন্ত্ৰী সঞ্জয় কিষাণে?

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd