• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এটাও প্ৰশ্ন নকৰাকৈ ৰাজ্যসভাত ৬ বছৰ কটাই বিদায় ল’লে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 17, 2026 3:12 pm
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। তেওঁ ৰাজ্যসভাৰ মনোনীত সদস্য আছিল। সোমবাৰে ৰাজ্যসভাৰ অধ্যক্ষ চি পি ৰাধাকৃষ্ণনে গগৈক বিদায় জনাই কয়, “এজন বিশিষ্ট আইনবিদ হিচাপে তেওঁ ৰাজ্যসভাৰ আলোচনাত অতুলনীয় আইনী জ্ঞান আৰু অভিজ্ঞতা কঢ়িয়াই আনিছিল। ৰাজ্যসভাত তেওঁৰ এই কাৰ্য্যই বিধান প্ৰক্ৰিয়া আৰু জনস্বাৰ্থৰ প্ৰতি তেওঁৰ গভীৰ বুজাবুজি প্ৰতিফলিত কৰে। তেওঁৰ বুদ্ধিমান পৰামৰ্শ, সংযত বাক্য আৰু যি মৰ্যাদা তেওঁ সদনলৈ আনিছিল সেয়া অপূৰণীয় হৈ থাকিব।”

২০২০ চনৰ ১৬ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে গগৈক ৰাজ্যসভালৈ মনোনীত কৰে। তেওঁৰ মনোনয়নৰ বাবে সেই সময়ত এক বৃহৎ বিতৰ্কৰ সৃষ্টি হৈছিল। কাৰণ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে অৱসৰ লোৱাৰ মাত্ৰ চাৰি মাহৰ পিছতে তেওঁ ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত হৈছিল।

Apply Now

মুখ্য ন্যায়াধীশৰ কাৰ্যকালত অনুকূল ৰায়দানৰ পুৰস্কাৰ হিচাপে চৰকাৰে তেওঁক ৰাজ্যসভাৰ সদস্য কৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল বিৰোধীয়ে। আনহাতে, উচ্চতম ন্যায়ালয়ৰ বাৰ কাউন্সিলে এক বিবৃতিত গগৈক ৰাজ্যসভালৈ প্ৰেৰণৰ সিদ্ধান্তক সমৰ্থন কৰি কৈছিল যে ইয়াৰ ফলত ন্যায়পালিকাৰ আৰু বিধায়িনী দলৰ মাজত সমন্বয়ৰ সৃষ্টি হ’ব। ৰাজ্যসভা সমৃদ্ধিশালী হ’ব।

কিন্তু ৰাজ্যসভাৰ অভিলেখত কোৱা হৈছে যে ছবছৰত গগৈয়ে উচ্চ সদনৰ সদস্য হিচাপে এটাও প্ৰশ্ন কৰা নাছিল। তেওঁ মাত্ৰ এটা বিতৰ্কত অংশ লৈছিল। ৰাজ্যসভাত তেওঁৰ উপস্থিতি আছিল ৫৩ শতাংশ। যিটো অতি কম বুলি গণ্য কৰা হয়।

সেই অৰ্থত এই ছবছৰত ৰাজ্যসভাক বিশেষ গুৰুত্ব দিয়া নাছিল প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে। বহুতে প্ৰশ্ন উত্থাপন কৰিছে যে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশজনৰ এটাও প্ৰশ্ন নাছিল নেকি? নাইবা চৰকাৰলৈ? নে চৰকাৰক কোনো ধৰণে বিব্ৰত কৰিব নিবিচৰাৰ বাবে মৌন হৈ থাকিল?

দিল্লী সেৱা বিধেয়কৰ বিতৰ্কৰ সময়ত ৰাজ্যসভাত দিয়া ভাষণে এক বৃহৎ বিতৰ্কৰ সৃষ্টি কৰিছিল। অভিযোগ উত্থাপন হৈছিল যে উচ্চতম ন্যায়ালয়ৰ এটা গোচৰত তেওঁ ৰাজ্যসভাত একেটা বিতৰ্কতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ক্ষমতা আৰু অধিকাৰৰ ওপৰত বিপৰীত ৰায় দিছিল।

দিল্লী সেৱা আইনত যি ক্ষমতা ৰাজ্য চৰকাৰৰ হাতত আছিল, সেই ক্ষমতা কেন্দ্ৰই লয়। দিল্লী এখন পূৰ্ণাংগ ৰাজ্য নহয়। আৰক্ষীকে ধৰি কেইবাটাও বিভাগ পোনপটীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ হাতত। গগৈয়ে এনে এটা গোচৰত কেন্দ্ৰীয় হস্তক্ষেপৰ বিৰোধিতা কৰি ৰায় দিছিল। কিন্তু ৰাজ্যসভাত দিয়া ভাষণত তেওঁ দিল্লী সেৱা আইন সন্দৰ্ভত মোডী চৰকাৰৰ সিদ্ধান্তক সমৰ্থন কৰিছিল।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd