আছুক নেতৃত্ব লোৱাৰ আহ্বান প্রাক্তন মুখ্য মন্ত্রী প্ৰফুল্ল কুমাৰ মহন্তৰ

DwjFNkjVAAIIlm3

প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। ফাইল ফটো

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত তীব্ৰতৰ হৈ আছে আন্দোলন। ৰাইজৰ প্ৰবল আন্দোলনক কোনো ধৰণৰ গুৰুত্ব নিদি বিজেপিয়ে বিধেয়কখন লোকসভাত গৃহীত কৰালে। ৰাজ্যসভাত বিধেয়কখন উত্থাপন নহ’লেও থমকি ৰোৱা নাই এই আন্দোলন।

বিধেয়ক খনৰ বিৰুদ্ধে ৰাজ্যত চলি থকা এই আন্দোলনৰ নেতৃত্ব ল’বলৈ সদৌ অসম ছাত্ৰ সন্থাক আহ্বান জনাইছে ৰাজ্যৰ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। আজি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি মহন্তই ছাত্ৰ সন্থালৈ এই আহ্বান জনায়। আছুৰ একালৰ সভাপতিজনৰ এই মন্তব্য তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।

মহন্তই লগতে ‘এয়া খিলঞ্জীয়াৰ বাবে অশনি সংকেত, নাগৰিকত্ব সংশোধনী বিধেয়ক আইন হ’লে অসমীয়াই সাংস্কৃতিক-ভাষিক-ৰাজনৈতিক অধিকাৰ হেৰুৱাব লাগিব’ বুলিও মন্তব্য কৰে।

উল্লেখ্য যে প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে বিধেয়কখনৰ বিৰুদ্ধে নিজ দল অগপৰ মজিয়াৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সমান্তৰালকৈ অসম আন্দোলন সংগ্ৰামী মঞ্চৰ ফালৰ পৰাও আৰম্ভণিৰ পৰাই আন্দোলন অব্যাহত ৰাখিছে।

উল্লেখ্য যে, অগপই বিজেপিৰ সৈতে মিত্ৰতাত থকাৰ সময়তো দলটোৰ আন নেতাসকলতৈ কিছু পৃথকে থাকি মহন্তই বিজেপিৰ সৈতে দূৰত্ব বজাই ৰখাটো পৰিলক্ষিত হৈছিল। আনকি দলৰ সভাপতিক মিত্ৰতা ছেদ কৰাৰ বাবে তেওঁ অনুৰোধো জনাই অহা বুলি জানিব পৰা গৈছিল।

ইপিনে, বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁইৰ লগতে মনজিৎ মহন্ত আৰু অখিল গগৈৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰুজু কৰাক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰফুল্ল কুমাৰ মহন্তই।

‘’ড০ হীৰেন গোহাঁইৰ দৰে বিশিষ্ট চিন্তাশীল ব্যক্তি, যিয়ে অসমৰ জনসাধাৰণক পথৰ সন্ধান দিব পাৰে, তেনে ব্যক্তিৰ বিৰুদ্ধে চৰকাৰী পক্ষৰ এনে পদক্ষেপ লজ্জাজনক আৰু দুখঃজনক’’ বুলিও মহন্তই সংবাদমাধ্যমৰ আগত মত ব্যক্ত কৰে।

তেওঁ লগতে চৰকাৰৰ এনেধৰণৰ কাম-কাজৰ দ্বাৰা খিলঞ্জীয়া ৰাইজৰ অধিকাৰ বিৰুদ্ধে যোৱাহে হ’ব বুলিও মন্তব্য কৰে।