পূৰ্বতে অসম আৰু ৰে’লৱে ৰঞ্জি দলৰ হৈ খেলা ক্ৰিকেটাৰ শুভদ্বীপ ঘোষক ফিল্ডিং প্ৰশিক্ষক হিচাপে চুক্তিবদ্ধ কৰিছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ৰ প্ৰাক্তন চেম্পিয়ন তথা শক্তিশালী দল হিচাপে পৰিচিত কলকাতা নাইট ৰাইডাৰ্ছে।
ঘৰুৱা ক্ৰিকেটত অসম আৰু ৰে’লৱেৰ ৰঞ্জি দলক প্ৰতিনিধিত্ব কৰা ঘোষে ক্ৰিকেটৰ পৰা আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰাৰ পাছতেই এগৰাকী ফিল্ডিং প্ৰশিক্ষক হিচাপে নিজৰ কেৰিয়াৰ বাচনি কৰি লয়।
ইতিমধ্যে ভাৰতীয় ক্ৰিকেটত এগৰাকী দক্ষ ফিল্ডিং প্ৰশিক্ষক হিচাপে পৰিচয় লাভ কৰা শুভদ্বীপ ঘোষে যোৱা বৰ্ষৰ আই পি এলত দিল্লী ডেয়াৰডেভিলছৰ ফিল্ডিং প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰিছিল।
উল্লেখ্য যে আই পি এলত দায়িত্ব গ্ৰহণৰ পূৰ্বে তেওঁ ২০০৯-১০ৰ পৰা ২০১৬-১৭ বৰ্ষলৈ অসম ৰঞ্জি দলৰ প্ৰশিক্ষকৰ দায়িত্বত আছিল। তদুপৰি অন্ধ্ৰপ্ৰদেশৰ ৰঞ্জি দল, নেশ্যনেল ক্ৰিকেট একাডেমিতো ফিল্ডিং প্ৰশিক্ষক হিচাপে কাম কৰাৰ অভিজ্ঞতা আছে ঘোষৰ।
এটা দশকৰো অধিক কাল ধৰি প্ৰথম শ্ৰেণীৰ ভাৰতীয় ক্ৰিকেটৰ বিভিন্ন দলত প্ৰশিক্ষক হিচাপে দায়িত্ব গ্ৰহণ কৰা ফিল্ডিং প্ৰশিক্ষক শুভদ্বীপ ঘোষে আই পি এলৰ চলিত ছিজনৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছত চুক্তি হ’বলৈ পাই নিজকে আনন্দিত অনুভৱ কৰা বুলি মন্তব্য কৰে।