NORTHEAST NOW (Assamese)

প্ৰাতঃভ্ৰমণলৈ যোৱা বিজেপিৰ প্ৰাক্তন জিলা সভাপতিক উত্তৰপ্ৰদেশত গুলীয়াই হত্যা

August 11, 2020 8:37 pm · এন ই নাও নিউজ
Updated: August 11, 2020 8:38 pm
বিজেপিৰ প্ৰাক্তন জিলা সভাপতি গৰাকী

উত্তৰপ্ৰদেশৰ বাঘপথত মঙলবাৰে প্ৰাতঃভ্ৰমণলৈ যোৱা বিজেপিৰ প্ৰাক্তন জিলা সভাপতি সঞ্জয় খোখাৰক তিনিগৰাকী অচিনাক্ত লোকে ৰাজপথতে গুলীয়াই হত্যা কৰে।

বাঘপথৰ চাপৰাউলি অঞ্চলত ঘটনাটো সংঘটিত হয়।

এখন পথাৰত বিজেপি নেতা গৰাকীৰ তেজেৰে লুতুৰি পুতুৰি হৈ পৰি থকা দেহৰ ফটো এটা ভিডিঅ’ত দেখা পোৱা গৈছে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আনহাতে, আৰক্ষীয়ে গুলীয়াই হত্যা কৰা ঘটনাৰ সৈতে জড়িত থকা দুৰ্বৃত্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

উত্তৰপ্ৰদেশৰ পূৰ্বে জম্মু-কাশ্মীৰতো বিজেপি কৰ্মীৰ ওপৰত ক্ৰমাগতভাৱে দুৰ্বৃত্তই আক্ৰমণ অব্যাহত ৰাখিছে।

Related News