• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নৱগঠিত বোকাখাত পৌৰসভাৰ ১০ ৱাৰ্ডৰ প্ৰস্তাৱিত খচৰা প্ৰকাশ

৪২ দিনৰ ভিতৰত আপত্তি দৰ্শাব পাৰিব নাগৰিকে

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , August 11, 2020 8:44 pm

2 min read

Proposed draft of Bokakhat municipality published
201
VIEWS
Share on FacebookShare on Twitter

নগৰ সমিতিৰ পৰা পৌৰসভালৈ উন্নীত হোৱা বোকাখাত পৌৰসভাক ১৯৫৬ চনত গৃহীত অসম পৌৰ নিগম আইনৰ ৪নং দফাৰ ১নং উপদফাৰ খ অনুচ্ছেদ অনুসৰি পূৰ্বৰ চাৰিটা ৱাৰ্ডৰ পৰা দহটা ৱাৰ্ডলৈ উন্নীত কৰাৰ খচৰা জাননী প্ৰকাশিত হৈছে৷

যোৱা ৫ আগষ্টত অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগে প্ৰকাশ কৰা UDD(M)100/2020/21 নিৰ্দেশ অনুসৰি এই খচৰা প্ৰস্তুত কৰি বোকাখাতৰ নাগৰিকৰ বাবে প্ৰকাশ কৰিছে৷

এই খচৰা জাননী মতে বোকাখাত পৌৰসভাৰ ১নং ৱাৰ্ডৰ পূৰ্বৰ সীমাৰ সৈতে উত্তৰে ধনশিৰিমুখ পথৰ মৰিধনশিৰি দলঙলৈকে প্ৰসাৰিত হ’ব৷

২নং ৱাৰ্ডৰ পূৰ্ব পৰিসৰৰ লগতে পশ্চিমলৈ প্ৰসাৰিত হৈ ক’লাখোৱা গাওঁ আৰু দক্ষিণে কৈল্যাণপুৰকো সামৰিব৷

৩নং ৱাৰ্ডৰ পৰিসৰ উত্তৰৰ চাপৰি গাওঁ পথলৈকে প্ৰসাৰিত হ’ব৷  ৪নং ৱাৰ্ড পূবলৈ নাহৰজান তিনিআলি হৈ নাহৰজান ৰোড পাবগৈ৷

৫নং ৱাৰ্ডে পূৰ্বৰ পৰিসৰৰ লগতে কৰৈআটি গাওঁকো সামৰিব৷ খচৰা জাননীৰ মতে ৬নং ৱাৰ্ডে বালিজান গাওঁ আৰু কলাখোৱা গাঁৱৰ একাংশ সামৰিব৷

৭নং ৱাৰ্ডৰ পৰিসৰে বালিজান আৰু কলাখোৱা গাঁৱৰ দক্ষিণাংশ সামৰিব৷

৮নং ৱাৰ্ডে ম’হ মাইকী গাওঁৰ দক্ষিন পশ্চিমাংশ আৰু ৯নং ৱাৰ্ডে উক্ত গাওঁৰে দক্ষিন পুৱ অংশক সামৰাৰ বিপৰীতে প্ৰস্তাৱিত ১০নং ৱাৰ্ডে ৩নং দ গাওঁহৈ পুৱৰ ইকৰাজানলৈকে সামৰিব৷

নগৰ উন্নয়ন বিভাগৰ সচিব ৰবিনচন মুচাহাৰীয়ে স্বাক্ষৰ কৰা এই খচৰা জাননী মতে খচৰাৰ ওপৰত কাৰোবাৰ আপত্তি থাকিলে জাননী জাৰি কৰাৰ পৰা ৪২ দিনৰ ভিতৰত জিলা উপায়ুক্তৰ জড়িয়তে অসম চৰকাৰক জনাব পাৰিব৷

উল্লেখ্য যে ২০১৭ চনৰ ৩০ অক্টোবৰত চৰকাৰী জাননীৰে বোকাখাত নগৰ সমিতিক পৌৰসভালৈ উন্নীত কৰা হৈছিল৷

সদ্য প্ৰকাশিত প্ৰস্তাৱিত খচৰা মতে বোকাখাত পৌৰসভাৰ ১০ ৱাৰ্ডে পৌৰসভা এলেকাৰ ২১ হেজাৰ জনসংখ্যাক সামৰিব৷

Recent News

WhatsApp Image 2021-01-24 at 11.18.24 AM

আমষ্টাৰডামত গ্ৰেপ্তাৰ এছিয়াৰ ‘ম’ষ্ট ৱান্টেড ড্ৰাগছ সম্ৰাট’ চে চি লোপ

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

EsaeaS7VcAArt3Q-1140x570

দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd