• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কক লৈ উদ্বেগ প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্তসকলে। তেওঁলোকে কয় যে যি ধৰণৰ অভিযোগ উত্থাপন হৈছে তাৰ লগত প্ৰতিষ্ঠানটোৰ সন্মানৰ এটা প্ৰশ্ন জড়িত হৈ আছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 24, 2026 4:43 pm
প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ ৱাই কুৰেশ্বি আৰু প্ৰাক্তন নিৰ্বাচন আয়ুক্ত অশোক লাভাছা। ফটোঃ সংগ্ৰহীত।

প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ ৱাই কুৰেশ্বি আৰু প্ৰাক্তন নিৰ্বাচন আয়ুক্ত অশোক লাভাছা। ফটোঃ সংগ্ৰহীত।

63
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু আন দুজন আয়ুক্তৰ মাজত এছ আই আৰক লৈ সৃষ্টি হোৱা বিবাদক লৈ নতুন বিতৰ্কৰ সৃষ্টি হৈছে। প্ৰকাশিত বাতৰি অনুসৰি, ভোটাৰ তালিকা সংশোধনৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপক লৈ আয়ুক্ত দুজনে তীব্ৰ আপত্তি দাঙি ধৰিছিল। কিন্তু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে তেওঁলোকৰ আপত্তি আওকাণ কৰি ব্যৱস্থা গ্ৰহণ কৰে।

এই অভিযোগক লৈ দেশজোৰা প্ৰতিবাদৰ সন্মুখীন হৈ নিৰ্বাচন আয়োগৰ প্ৰাক্তন দুগৰাকী সদস্যই মাত মাতিছে। তেওঁলোক হৈছে প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ ৱাই কুৰেশ্বি আৰু প্ৰাক্তন নিৰ্বাচন আয়ুক্ত অশোক লাভাছা।

নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কক লৈ উদ্বেগ প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্তসকলে। তেওঁলোকে কয় যে যি ধৰণৰ অভিযোগ উত্থাপন হৈছে তাৰ লগত প্ৰতিষ্ঠানটোৰ সন্মানৰ এটা প্ৰশ্ন জড়িত হৈ আছে।

Apply Now

কুৰেশ্বি আৰু লাভাছা দুয়োজনে কয় যে বৰ্তমানৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে ৰাজহুৱাভাৱে সকলো ঘটনাৰ বিষয়ে ব্যাখ্যা দিব লাগে। যদি অভিযোগবোৰ মিছা হয় তেন্তে আয়োগে উপযুক্ত উত্তৰ দিব লাগে। তিনিওজন আয়ুক্তৰ মতানৈক্যৰ বাবে যদি নিৰ্বাচনী ব্যৱস্থাৰ ক্ষতি কৰা হৈছে সেয়া বাঞ্ছনীয় নহয় বুলিও তেওঁলোকে কয়। এই বিষয়টোও ৰাজহুৱাভাৱে ব্যাখ্যা কৰিব লাগে। তেওঁলোকে কয় যে স্বচ্ছতাই আয়োগৰ শক্তি আৰু সম্পদ।

প্ৰাক্তন নিৰ্বাচন আয়ুক্ত এছ ৱাই কুৰেশ্বিয়ে প্ৰস্তাৱ আগবঢ়ায় যে তিনিওজন নিৰ্বাচন আয়ুক্তই সংবাদমেল অনুষ্ঠিত কৰক য’ত বাকী দুজন (সুখবীৰ সিং সান্ধু আৰু বিবেক যোশী) মৌন হৈ নাথাকি SIR সম্পৰ্কে তেওঁলোকে সঠিকভাৱে কি কৈছে সেয়া ব্যাখ্যা কৰিব লাগে।

কুৰেশ্বিয়ে এটা সংবাদ সংস্থাক কয় যে যদি ভোটাৰ তালিকা সংশোধনৰ সমগ্ৰ প্ৰক্ৰিয়াটো অবৈধ আছিল তেন্তে অবৈধ ভোটাৰ তালিকাৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰি। যদি ভুল হৈছে, যদি এই নৃশংসতা ঘটিছে, তেন্তে পূৰ্বৰ পৰিস্থিতিলৈ, একেবাৰে আৰম্ভণিলৈকে, অৰ্থাৎ ২০২৫ চনৰ জুন মাহত (শেষৰ এছ আই আৰ আৰম্ভ হোৱাৰ আগতে) উভতি যোৱাৰ আইনী বিকল্প সদায় থাকে। যদি তেওঁলোকে ২০০২ চনলৈ (যেতিয়া আগৰ এছ আই আৰ কৰা হৈছিল) উভতি যাব পাৰে, তেন্তে ২০২৫ চনলৈ কিয় নোৱাৰে?

নৰেন্দ্ৰ মোডী চৰকাৰক সমৰ্থন কৰাৰ বাবে বিৰোধীৰ সমালোচনাৰ সন্মুখীন হোৱা এগৰাকী প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্তই এখন বাতৰি কাকতৰ আগত কয় যে, “এই সকলোবোৰ অতি দুৰ্ভাগ্যজনক। নিৰ্বাচন আয়োগে যিয়েই নকৰক কিয়, তেওঁলোকৰ ওপৰত মানুহৰ আস্থা সোনকালে ঘূৰি নাহে।”

২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগক লৈ নিৰ্বাচন আয়োগৰ ভিতৰত মতানৈক্যৰ সৃষ্টি হৈছিল। ইয়াৰে এজন নিৰ্বাচন আয়ুক্ত অশোক লাভাছাই প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সপক্ষে লিখিত টোকা দিছিল। কিন্তু তেওঁৰ যুক্তি মানি লোৱা নহ’ল।

নিৰ্বাচনৰ পিছতে চৰকাৰৰ ৰোষত পৰে নিৰ্বাচন আয়ুক্তগৰাকী। তেওঁৰ পত্নী আৰু পুত্ৰৰ কোম্পানীত ইডিয়ে অভিযান চলায়। চৰকাৰ পক্ষৰ সন্মিলিত আক্ৰমণৰ সন্মুখীন হৈ মাজভাগতে পদত্যাগ কৰে অশোক লাভাছাই।

এটা টিভি চেনেলৰ আগত তেওঁ কয়, “সম্পূৰ্ণ তথ্যৰে এছআইআৰৰ ব্যাখ্যা দিয়াটো নিৰ্বাচন আয়োগৰ নৈতিক কৰ্তব্য। বিশেষ সংশোধনীৰ বিৰুদ্ধে দাখিল কৰা আপত্তিসমূহ বিবেচনা কৰা, ৰেকৰ্ডিং কৰা আৰু আলোচনা কৰা হৈছিল নে নাই সেয়া ৰাজহুৱা কৰা উচিত।

তেওঁ এটা গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে। যদি তেওঁৰ বক্তব্য মানি লোৱাও হয় যে তিনিওজন আয়ুক্তই সৰ্বসন্মতিক্ৰমে কাম কৰিছিল, তথাপিও তেওঁলোকে ফৰ্ম ৬ (নতুন ভোটাৰ পঞ্জীয়নৰ বাবে ব্যৱহাৰ কৰা) সলনি কৰি নিৰ্বাচনী পঞ্জীয়ন বিষয়াৰ (ই আৰ অ’) বিধিগত ক্ষমতা কাঢ়ি নিব পাৰেনে?”

আনহাতে, বিতৰ্কহীনভাৱে নিৰ্বাচন আয়োগক সেৱা আগবঢ়োৱা বুলি বহুলভাৱে ধাৰণা কৰা আন এগৰাকী প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত অ’ পি ৰাৱাটে এটা সংবাদ সংস্থাক কয়, ‘নিৰ্বাচন আয়োগত এনে ঘটনা সম্ভৱতঃ খুব কমেইহে ঘটে। মইও তাত আছিলো। আমি সদায় সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লৈছিলো।‘ তেওঁৰ মতে, এছ আই আৰে এক প্ৰকাৰৰ ফ্ৰেংকেনষ্টাইনৰ সৃষ্টি কৰিছে, যিয়ে সকলোতে ভোটাৰক সন্ত্ৰস্ত কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm
ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm
কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd