ইহলীলা সম্বৰণ কৰিলে প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো-এ

ইহ সংসাৰ ত্যাগ কৰিলে প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৱে৷আজি পুৱা ৭.০৮ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দেহাৱসান ঘটে বৰ্ষীয়ান অগপ নেতাগৰাকীৰ৷মৃত্যুৰ সময়ত জাতীয়তাবাদী নেতাগৰাকীৰ বয়স আছিল ৮৫ বছৰ৷দীৰ্ঘদিন ধৰি বড়ো হৃদৰোগত আক্ৰান্ত হৈ আছিল৷জানিব পৰা মতে প্ৰয়াত অগপ নেতাগৰাকীৰ নশ্বৰ দেহ অগপৰ আমবাৰী কাৰ্যালয়লৈ নিয়া হ’ব৷ অসম গণ পৰিষদৰ চৰকাৰৰ দিনত অসমৰ ৰাজহ মন্ত্ৰীৰ লগতে দুবাৰকৈ শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বড়োৱে৷মৃত্যুৰ সময়ত থানেশ্বৰ বড়োৱে ইহ সংসাৰত একমাত্ৰ কন্যাক এৰি থৈ গৈছে৷