আৰ্থিক সংকটত টীম ইণ্ডিয়াৰ প্ৰাক্তন প্ৰশিক্ষক গ্ৰেগ চেপেল! ধন সংগ্ৰহ কৰিছে বন্ধুবৰ্গই

আৰ্থিক সংকটৰ সন্মুখীন হৈছে গ্ৰেগ চেপেল। এসময়ৰ অষ্ট্ৰেলিয়াৰ আগশাৰীৰ বেটছমেন তথা টীম ইণ্ডিয়াৰ প্ৰাক্তন প্ৰশিক্ষক গ্ৰেগ চেপেলে বৰ্তমান অতি বেয়া পৰিস্থিতিৰ সৈতে যুঁজি আছে। এক প্ৰতিবেদন অনুসৰি গ্ৰেগ চেপেলে আৰ্থিক সংকটত ভূগিছে আৰু বৰ্তমান তেওঁৰ বন্ধুসকলে তেওঁৰ বাবে অনলাইনযোগে ধন সংগ্ৰহ কৰি আছে। আচলতে গ্ৰেগ চেপেলক সহায় কৰিবলৈ এই ধন সংগ্ৰহ কৰা হৈছে।

বৰ্তমান ৭৫ বছৰীয়া অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক গ্ৰেগ চেপেলে ২০০৫ চনৰ পৰা ২০০৭ চনলৈকে ভাৰতীয় দলটোৰ মুখ্য প্ৰশিক্ষক আছিল। ক্ৰিকেট কেৰিয়াৰ যিদৰে উজ্জ্বল আছিল, আজি সেইদৰে তেওঁ স্বাচ্ছন্দ্য়ৰ জীৱন কটাব পৰা নাই।

‘নিউজ কৰ্প’ক চেপেলে কয় যে ‘’মোৰ পৰিস্থিতি ইমান বেছি বেয়া নহয়। মই নিশ্চয়কৈ এনেকুৱাকৈ নাভাৱো যে মই ভয়ংকৰ মানসিক চাপত আছো কিয়নো আমি এনেকুৱা অৱস্থাত নাই। অৱশ্যে আমি বিলাসী জীৱন কটোৱা নাই। মই অনুমান কৰো বেছিভাগ মানুহেই ভাবে যে কেৱল ক্ৰিকেট খেলা বাবেই আমি সকলোৱে বিলাসী জীৱন যাপন কৰো। অৱশ্যে আমি দুখীয়া নহয় কিন্তু আজিৰ খেলুৱৈসকলৰ দৰে আমি ইমান বিশেষ সুবিধাপ্ৰাপ্ত নহয়।’’

লগতে পঢ়কঃ আদৰ্শ আচৰণ বিধি উলংঘা; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাৰণ দৰ্শোৱাৰ জাননী নিৰ্বাচন আয়োগৰ

বাতৰি অনুসৰি, বহু বুজনিৰ পিছত গ্ৰেগ চেপেলে অনিচ্ছা সত্ত্বেও নিজৰ বাবে এটা GoFundMe পেজ তৈয়াৰ কৰিবলৈ সন্মত হয়।

জানিব পৰা মতে, চেপেলে তেওঁৰ বাবে প্ৰস্তুত কৰা ‘হিচক’ৰ সৈতে ‘গ’-ফাণ্ড-মি’ অভিযানত সন্মতি প্ৰকাশ কৰিছে। ইয়াৰ অধীনত যোৱা সপ্তাহত মেলবৰ্ণ ক্ৰিকেট খেলপথাৰত মধ্য়াহ্ন ভোজনৰ আয়োজন কৰা হৈছিল যাৰ আয়োজক আছিল এডি মেগুৱেৰ আৰু তাত তেওঁৰ ভাতৃ ইয়ান আৰু ট্ৰেভৰেও অংশগ্ৰহণ কৰিছিল।

তাত চেপেলে কয় যে তেওঁ নিজৰ যুগৰ একমাত্ৰ খেলুৱৈ নহয় যিয়ে আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে। চেপেলৰ বন্ধু পিটাৰ মেল’নীয়ে কয় যে তেওঁ এই অভিযানৰ পৰা প্ৰায় ২ লাখ ৫০ হাজাৰ ডলাৰ সংগ্ৰহ কৰাৰ আশা কৰিছে, যাৰ ফলত তেওঁৰ কেইবছৰমানত তেওঁৰ জীৱন ধাৰণৰ মানদণ্ড বহুখিনি উন্নত হ’ব বুলি আশা কৰা হৈছে।

লগতে পঢ়কঃ“ধন দিয়ক, নহ’লে ছেক্স ভিডিঅ’ ৰাজহুৱা কৰিম”, ভাবুকিৰে ধন ঘটি আৰক্ষীৰ জালত যুৱক

উল্লেখ্য যে গ্ৰেগ চেপেলক অৱসৰৰ সময়ত প্ৰতিজন খেলুৱৈৰ দৰেই অৱসৰৰ সুবিধা প্ৰদান কৰা হৈছিল যদিও তেওঁ সেই সুবিধা ল’বলৈ অস্বীকাৰ কৰিছিল। চেপেলে অনুভৱ কৰিছিল যে তেওঁৰ হাতত বহুত বিকল্প আছে আৰু এই সহায়ৰ প্ৰয়োজন নাই। চেপেলে ক্ৰিকেট অষ্ট্ৰেলিয়াত বিভিন্ন পদত অধিষ্ঠিত হৈছিল। তেওঁ বহু দলৰ প্ৰশিক্ষকো আছিল যদিও আজিও তেওঁৰ অৱস্থা ভাল নহয়। তেওঁ নিজৰ সঞ্চয়ৰ এটা বৃহৎ অংশ ব্যৱসায়ত বিনিয়োগ কৰিছিল যিটো ক্ষতিৰ সন্মুখীন হৈছিল। এই ক্ষতিৰ ফলত তেওঁৰ অৱস্থা আৰু অধিক বেয়া হৈ পৰে।

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে গ্ৰেগ চেপেলৰ তিক্ত অভিজ্ঞতা আছিল। শচীন টেণ্ডুলকাৰ, সৌৰভ গাংগুলীৰ দৰে কিংবদন্তি ভাৰতীয় খেলুৱৈৰ সৈতে তেওঁৰ সম্পৰ্ক আন্তৰিক নাছিল। ২০০৭ চনৰ বিশ্বকাপত ইয়াৰ পৰিণাম দলটোৱে ভোগ কৰিবলগীয়া হৈছিল। সেইবাৰ ২০০৩ চনৰ চূড়ান্ত প্ৰতিযোগী দলটো গ্ৰুপ পৰ্যায়ত বাহিৰ হয়। শচীন টেণ্ডুলকাৰে গ্ৰেগ চেপেলক অহংকাৰী প্ৰশিক্ষক বুলি অভিহিত কৰিছিল, যিয়ে ভাৰতীয় ক্ৰিকেটত বেয়া প্ৰভাৱ পেলাইছিল।

লগতে পঢ়কঃকাটাৰত ভাৰতীয় নৌসেনাৰ আঠ প্ৰাক্তন বিষয়াক মৃত্যুদণ্ডক লৈ চাঞ্চল্য: বৈদেশিক নীতিক লৈ উত্থাপন হৈছে প্ৰশ্ন

ক্ৰিকেট কেৰিয়াৰৰ কথা ক’বলৈ গ’লে গ্ৰেগ চেপেলে ১৯৭০ আৰু ৮০ৰ দশকত ৮৭খন টেষ্ট মেচত ২৪টা শতক অৰ্জন কৰাৰ লগতে ৪৮খন মেচত অষ্ট্ৰেলিয়াৰ অধিনায়কত্ব কৰিছিল। ১৯৮৪ চনৰ জানুৱাৰী মাহত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ সময়ত তেওঁ ড’নাল্ড ব্ৰেডমেনৰ ৬৯৯৬ ৰানৰ অভিলেখ অতিক্ৰম কৰি অষ্ট্ৰেলিয়াৰ টেষ্ট ইতিহাসৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী (৭১১০) হিচাপে পৰিগণিত হয়।